নীলা দেৱী
From Wikipedia, the free encyclopedia
নীলা দেৱী (ইংৰাজী: Nila Devi), এগৰাকী আঞ্চলিক হিন্দু দেৱী আৰু শ্ৰীদেৱী আৰু ভূদেৱীৰ সৈতে বিষ্ণুৰ তৃতীয় গৰাকী সহধৰ্মিনী।[1] কৃষ্ণৰ ৰূপত বিষ্ণুৰ অৱতাৰৰ সময়ত তেওঁ বিষ্ণুৰ সহধৰ্মিনী হয়। [2] এই গৰাকী দেৱী দক্ষিণ ভাৰতত জনপ্ৰিয়, বিশেষকৈ তামিল সংস্কৃতিত বিষ্ণুৰ সহধৰ্মিনী হিচাপে তেওঁ পৰিচিত।[2][3]
নীলা দেৱী | |
---|---|
নীলাৰ উৎসৱৰ চিত্ৰ (বিষ্ণুৰ বাঁওফালে), থিৰুক্কাডিগাই | |
অন্য নাম | নপ্পিনাই নগ্নাজিতি |
সম্পৰ্ক | দেৱী |
নিবাস | বৈকুণ্ঠ |
সঙ্গী | বিষ্ণু |
নীলা দেৱীয়ে কৃষ্ণৰ পত্নী নগ্নাজিতিৰ অৱতাৰ গ্ৰহণ কৰিছিল। তেওঁক নপ্পিনাই (তামিল পৰম্পৰাত কৃষ্ণৰ প্ৰিয় গোপী পিন্নাই) বুলিও কোৱা হয়। [4][2]
নীলাদেৱীৰ উপস্থিতি সম্পৰ্কে বৈখনাস আগমা পাঠত উল্লেখ আছে। [4][5][3] কিছুমান গ্ৰন্থত উল্লেখ কৰা অনুসৰি বিষ্ণুৰ ইচ্চা শক্তিয়ে তিনিটা ৰূপ লয়: ক্ৰমে শ্ৰীদেৱী, ভূদেৱী আৰু নীলাদেৱী, এই সকলে তিনিটা গুণৰ প্ৰতিনিধিত্ব কৰে। সীতা উপনিষদত উল্লেখ কৰা অনুসৰি এই তিনিটা ৰূপ দেৱী সীতাৰ স্বৰূপ। নীলাদেৱীয়ে তম গুণক প্ৰতিনিধিত্ব কৰে।[2] ইয়াৰোপৰি তেওঁ সূৰ্য, চন্দ্ৰ আৰু জুইৰ সৈতে সম্পৰ্কিত।[2] তেওঁ চেৰুচেৰী নামবুথিৰিৰ কৃষ্ণগাথাত কৃষ্ণৰ গোপী হিচাপে বৰ্ণিত হৈছে।[2]
বিষ্ণুৰ ধ্যান মন্ত্ৰ অনুসৰি, অনন্ত শয্যাত, তেওঁক সৰ্প শেষনাগ সহ শ্ৰীদেৱীৰ সোঁফালে আৰু ভুদেৱী আৰু বাওঁফালে নীলাদেৱীৰ সৈতে বহি থকা দেখুওৱা হৈছে।[6] নীলাদেৱীক তেওঁৰ দুই সহ-পত্নীৰ সৈতে বিষ্ণুৰ পিছফালে থিয় হৈ থকাও দেখুওৱা হয়। [5] ব্ৰিটিছ সংগ্ৰহালয়ত বিষ্ণুক বৈকুণ্ঠ-নাথ ("বৈকুণ্ঠৰ প্ৰভু") হিচাপে চিত্ৰিত কৰা অনুসৰি বিষ্ণুক শ্ৰীদেৱী আৰু ভূদেৱীৰ মাজত শেষনাগৰ ওপৰত বহি থকা দেখুওৱা হৈছে আনহাতে তেওঁৰ ভৰিৰ ফালে নীলাদেৱী বিৰাজমান। [5]
সাধু-কবি অণ্ডলক কেতিয়াবা শ্ৰী বৈষ্ণৱ সম্প্ৰদায়ে নীলাদেৱীৰ এটা দিশ হিচাপে গণ্য কৰে।[6][7]