নাগ (কিংবদন্তি)
From Wikipedia, the free encyclopedia
নাগ (হিন্দী: नाग) হৈছে অৰ্ধ-মানৱ, অৰ্ধ-সৰ্প আকৃতিৰ এক অৰ্ধ-দৈৱিক জাতি। তেওঁলোকে পাতাললোকত বসবাস কৰে। কোনো কোনো সময়ত পূৰ্ণ বা আংশিকভাৱে মানুহৰ ৰূপ ল'ব পাৰে। শিল্পকলাসমূহতো তেওঁলোকক এইদৰে উপস্থাপন কৰা হয়।[1] নাগৰ নাৰীসকলক নাগী বা নাগিনী বুলি কোৱা হয়। কিংবদন্তিসমূহৰ মতে, তেওঁলোক ঋষি কাশ্যপ আৰু কদ্ৰুৰ সন্তান। দক্ষিণ এছিয়াত কমেও ২,০০০ বছৰ ধৰি এই অতি প্ৰাকৃতিক প্ৰাণীসমূহৰ প্ৰতি উৎসৰ্গিত ৰীতি-নীতি চলি আহিছে।[2] তেওঁলোকক মূলতঃ তিনিটা ৰূপত দেখুওৱা হয: শিৰ আৰু ডিঙিত সৰ্প ধাৰণ কৰা সম্পূৰ্ণ মানৱ, সাধাৰণ সৰ্প, বা হিন্দুধৰ্ম, বৌদ্ধধৰ্ম আৰু জৈনধৰ্মত অৰ্ধ-মান আৰু অৰ্ধ-সৰ্প।[3]
নাগৰাজ হৈছে নাগসকলৰ ৰজাক দিয়া এটা পদবী।[4] দক্ষিণ এছিয়া আৰু দক্ষিণ-পূব এছিয়াৰ বহুতো সংস্কৃতিৰ পৰম্পৰাত এই জীৱবিধৰ বিৱৰণৰ সাংস্কৃতিক গুৰুত্ব আছে,। হিন্দু আৰু বৌদ্ধ ধৰ্মত তেওঁলোক হৈছে নাগবংশী ক্ষত্ৰিয়সকলৰ পূৰ্বপুৰুষৰ উৎপত্তিৰ মূল।
নামকৰণ
সংস্কৃত ভাষাত নাগ হৈছে ভাৰতীয় ফেঁটীসাপ। নাগৰ সমাৰ্থক শব্দ হ'ল ফণীন। সাধাৰণতে "সাপ" শব্দৰ কেইবাটাও প্ৰতিশব্দ আছে, আৰু অতি সাধাৰণভাৱে ব্যৱহৃত এটা শব্দ হ'ল সৰ্প। কেতিয়াবা নাগ শব্দটো সাধাৰণতে "সাপ" অৰ্থত ব্যৱহাৰ কৰা হয়।[5] হিব্ৰু বাইবেলত "সৰ্প"ৰ এটা প্ৰাচীন হিব্ৰু মূল হ'ল "נָחָשׁ" (উচ্চাৰণ: নাৱ-খাউশ্ব)।[6]
হিন্দু ধৰ্ম

হিন্দু প্ৰতীকসমূহত প্ৰায়ে ফেঁটীসাপৰ ৰূপ ল'ব পৰা কিংবদন্তিমূলক সৰ্পৰ প্ৰজাতি দেখা যায়। নাগসকলক শক্তিশালী, সুন্দৰ, আশ্চৰ্য্যকৰ, আৰু গৌৰৱান্বিত অৰ্ধ-দৈৱিক জাতি হিচাপে বৰ্ণনা কৰা হয় আৰু তেওঁলোকে মানৱ, আংশিক সৰ্প-মানৱ, বা সম্পূৰ্ণ সৰ্প হিচাপে তেওঁলোকৰ শাৰীৰিক ৰূপ ল'ব পাৰে। তেওঁলোকৰ আধিপত্য যাদুকৰী পাতাললোকত। এই স্থান ৰত্ন, স্বৰ্ণ আৰু আন সম্পদৰে ভৰা আৰু ইয়াক নাগলোক বোলা হয়। নদী, হ্ৰদ, সাগৰ আৰু কুঁৱাকে ধৰি পানীৰ সৈতেও তেওঁলোক প্ৰায়ে জড়িত হৈ থাকে আৰু এই সম্পদসমূহৰ ৰক্ষক হিচাপে কাৰ্যনিৰ্বাহ কৰে।[7] তেওঁলোকৰ শক্তি আৰু বিষে তেওঁলোকক মানুহৰ বাবে বিপজ্জনক কৰি তুলিছিল। অৱশ্যে, হিন্দু ধৰ্মগ্ৰন্থসমূহত তেওঁলোকে প্ৰায়েই উপকাৰী চৰিত্ৰৰ ভূমিকা গ্ৰহণ কৰে। সমুদ্ৰ মন্থনৰ সময়ত শিৱৰ ডিঙিত থকা নগৰাজ বাসুকীয়ে ক্ষীৰ সাগৰ মন্থন কৰিবৰ বাবে জৰীৰ ভূমিকা গ্ৰহণ কৰে।[8] তেওঁলোকৰ মাৰাত্মক শত্ৰু হ'ল অৰ্ধ-পক্ষীৰূপী দেৱতা গৰুড়।[9]
বিষ্ণুক প্ৰথমে শেষনাগৰ দ্বাৰা আশ্ৰিত বা শেষনাগৰ শৰীৰত শয়ন কৰি থকা ৰূপত উপস্থাপন কৰা হৈছিল। কিন্তু এনে উপস্থাপনে আন দেৱতাকো সাঙুৰি লৈছে। সৰ্প গণেশৰ উপস্থাপনসমূহৰো এক সাধাৰণ বৈশিষ্ট্য। তেওঁক ডিঙিৰ চাৰিওফালে এক পবিত্ৰ সুত্ৰ হিচাপে নাগ ধাৰণ কৰা দেখা যায়।[10][11]
তেওঁৰ পেটত কমৰবন্ধনী দৰে, হাতত, আঁঠুত, বা সিংহাসন হিচাপেও নাগক উপস্থাপন কৰা হয়।[12] শিৱক প্ৰায়েই ডিঙিত এক সৰ্পৰ সৈতে চিত্ৰায়িত কৰা হয়।[13]
বৌদ্ধ ধৰ্ম
হিন্দু ধৰ্মৰ দৰে, বৌদ্ধ নাগসমূহো সাধাৰণতে কেতিয়াবা শিৰত সৰ্প বা ড্ৰেগন ধাৰণ কৰি থকা এজন লোক হিচাপে উপস্থাপন কৰা হয়।[14] এজন নাগে মানুহৰ ৰূপত এজন সন্যাসী হ'বলৈ চেষ্টা কৰিছিল। তেওঁক যেতিয়া কোৱা হৈছিল যে এনে ধৰণৰ কথা অসম্ভৱ, তেতিয়া বুদ্ধই তেওঁক কৈছিল যে তেওঁৰ এজন মানৱ হিচাপে পুনৰ জন্ম হ'ব পাৰে, আৰু সেয়ে তেওঁ এজন সন্যাসী হ'ব পাৰিব।[15]
নাগসকলে অন্যান্য উপদেৱতা আদিৰ সৈতে নাগলোকৰ লগতে মানুহে বসবাস কৰা পৃথিৱীৰ বিভিন্ন অংশত বাস কৰে বুলি বিশ্বাস কৰা হয়। ইয়াৰে কিছুসংখ্যক জলভাগৰ বাসিন্দাগ। তেওঁলোক নদী বা মহাসাগৰত বাস কৰে। আন কিছুসংখ্যকে গুহাত বাস কৰে।
নাগসকল পশ্চিম দিশৰ ৰক্ষক চাৰগৰাকী স্বৰ্গীয় ৰজাৰ অন্যতম, বিৰূপাক্ষৰ অনুগামী। তেওঁলোকে সুমেৰু পৰ্বতৰ ওপৰত ৰখীয়া হিচাপে কাম কৰে আৰু ত্ৰয়স্ত্ৰিংশ স্বৰ্গৰ দেৱতাসকলক অসুৰৰ আক্ৰমণৰ পৰা ৰক্ষা কৰে।
বৌদ্ধ পৰম্পৰাৰ বিখ্যাত নাগসকলৰ ভিতৰত আছে মুচলিন্দ এক নাগৰাজ আৰু বুদ্ধৰ ৰক্ষক। বিনয় সূত্ৰ অনুসৰি বৌদ্ধত্ব প্ৰাপ্তিৰ কিছু সময় পিছতেই বুদ্ধই অৰণ্যত ধ্যান কৰি থাকোঁতে ধুমুহাৰ উদ্ভৱ হয়। তেতিয়া নাগৰাজ মুচলিন্দই বুদ্ধক ধুমুহাৰ পৰা আশ্ৰয় দিয়ে আৰু বুদ্ধৰ শিৰ তেওঁৰ সাতটা ফণাৰে ঢাকি ৰাখে।[16] তাৰপাছত নাগৰাজে এজন যুৱ ব্ৰাহ্মণৰ ৰূপ লয় আৰু বুদ্ধক শ্ৰদ্ধা জনায়।[16]
বজ্ৰযান আৰু মহাযান পৰম্পৰাত অৰ্ধ-মানৱৰ ৰূপত নাগসকলে নাগমণি, অমৃতৰ কুম্ভ, বা অনুৰাগীসকলৰ দ্বাৰা মৌলিকভাৱে সংযোজিত তাৰ্মা (জ্ঞান) ধাৰণ কৰি থকা দেখুওৱা হৈছে।
বুদ্ধৰ দুটা প্ৰধান শিষ্য, সৰিপুত্ত আৰু মোগলানা দুয়োকে মহানাগ বা "মহান নাগ" বুলি কোৱা হয়।[17] বৌদ্ধ ইতিহাসৰ কেইজনমান গুৰুত্বপূৰ্ণ ব্যক্তিয়ে নিজ নামত নাগক প্ৰতীক হিচাপে ব্যৱহাৰ কৰে, যেনে: দিগনাগ, নাগসেন, নাগাৰ্জুন আদি।
অন্যান্য পৰম্পৰা
শ্ৰীলংকা
নাগ লোকসকলক শ্ৰীলংকাৰ এক প্ৰাচীন জনজাতি আৰু মূল বুলি বিশ্বাস কৰা হৈছিল। ভি. কনকচাভাইৰ মতে, দক্ষিণ ভাৰত আৰু উত্তৰ-পূব শ্ৰীলংকাত বিস্তৃত হৈ থকা অলিয়াৰ, পাৰাথৱাৰ, মাৰাৱাৰ আৰু এয়িনাৰসকল সকলো নাগ জনজাতি।[18][19] বহুতো প্ৰাচীন গ্ৰন্থ, যেনে মহাবংশ, মণিমেকলাই আৰু অন্যান্য সংস্কৃত আৰু পালি সাহিত্যত ইয়াৰ বিষয়ে উল্লেখ আছে। তেওঁলোকক সাধাৰণতে পৃথিৱীৰ অভ্যন্তৰত বাস কৰা সৰ্পৰ ৰূপ লোৱা এক শ্ৰেণীৰ অতিমানৱ হিচাপে প্ৰতিনিধিত্ব কৰা হয়। মণিমেকলাইৰ দৰে গ্ৰন্থসমূহে তেওঁলোকক মানৱ ৰূপত প্ৰতিনিধিত্ব কৰে।[20]
কম্বোডিয়া

ক্ষ্মেৰ সমাজৰ কাহিনীসমূহত নাগৰ কথন হাজাৰ বছৰ ধৰি চলি আহিছে। চীনৰ দুই প্ৰতিনিধি কান থাই আৰু ঝু য়িংৰ প্ৰতিবেদন অনুসৰি, ফুনান ৰাজ্যখন প্ৰথম শতিকাত ভাৰতীয় ৰাজকুমাৰৰ দ্বাৰা প্ৰতিষ্ঠা কৰা হৈছিল। তেওঁ সোমা নামৰ নাগ ৰাজকুমাৰীক বিয়া কৰাইছিল। কুণ্ডিন্যক এটা সপোনৰ যোগেদি এটা মন্দিৰৰ পৰা যাদুকৰী ধনু লৈ নাগ ৰজাৰ কন্যা সোমাক জয় কৰিবলৈ নিৰ্দেশ দিয়া হৈছিল। এই যুদ্ধৰ সময়ত তেওঁলোক প্ৰেমত পৰিছিল আৰু পিছত বিবাহপাশত আৱদ্ধ হৈছিল। তেওঁলোকৰ বংশধৰ ফুনানৰ ৰাজবংশলৈ ৰূপান্তৰিত হৈছিল। কুণ্ডিন্যই পৰৱৰ্তী সময়ত ৰাজধানী ব্যাধপুৰ নিৰ্ম্মাণ কৰিছিল আৰু ৰাজ্যখনক কম্বুজদেশ বা কম্বোডিয়া নামেৰে জনা গৈছিল।[21][22][23] এই প্ৰেমৰ কাহিনী আধুনিক ক্ষ্মেৰ সংস্কৃতিত বিবাহ অনুষ্ঠান আৰু অন্যান্য ৰীতি-নীতিৰ উৎস।[24][25]ক্ষ্মেৰ জনসাধাৰণে বিশ্বাস কৰে যে তেওঁলোক নাগৰ বংশধৰ।
ইণ্ডোনেছিয়া

ইণ্ডোনেছিয়াৰ জাভা আৰু বালিনিজ সংস্কৃতিত নাগ এক মুকুটযুক্ত, দৈত্যাকাৰ, যাদুকৰী সৰ্প (কেতিয়াবা ডেউকাযুক্ত) হিচাপে দেখুওৱা হয়। ইয়াৰ উৎপত্তি শৈৱ-হিন্দু পৰম্পৰাৰ পৰা হৈছে। ইণ্ডোনেছিয়াত নাগ মূলতঃ ভাৰতীয় পৰম্পৰাৰ দ্বাৰা উৎপন্ন আৰু প্ৰভাৱি। সংস্কৃত ভাষাত নাগ শব্দৰ অৰ্থ হ'ল সৰ্প, কিন্তু জাভা ভাষাত ই সাধাৰণতে পানী আৰু প্ৰজননৰ সৈতে সম্পৰ্কিত সৰ্প দেৱতাক বুজায়। বৰবুডুৰত, নাগসমূহক মানৱ ৰূপত দেখুওৱা হয়। কিন্তু আন ঠাইত তেওঁলোকক পশুৰ ৰূপত দেখুওৱা হয়।[26]
লাওচ
লাওচত নাগসকলে মেকং নদীৰ লাওচিয়ান অংশত বাস কৰে বুলি বিশ্বাস কৰা হয়। লাও সাহিত্যত কোৱা হৈছে যে নাগ লোকসকল ভিয়েন্টিয়ান আৰু লাও ৰাজ্যৰ ৰক্ষক। নাগৰ সৈতে সম্পৰ্কটো অণুভং ৰাজত্বকালত অধিক স্পষ্ট ৰূপত প্ৰকাশিত হৈছিল। এই সময়ছোৱাৰ এক গুৰুত্বপূৰ্ণ কবিতা ছান লিওফাচুনত লাওচ আৰু থাইলেণ্ডৰ মাজৰ সম্পৰ্কক আওপকীয়াকৈ আলোচনা কৰা হৈছে। লাওচ আৰু থাইলেণ্ডক প্ৰতিনিধিত্ব কৰিবলৈ নাগ আৰু গৰুড়ৰ প্ৰতীক ব্যৱহাৰ কৰা হৈছে।[27]
থাইলেণ্ড
থাইলেণ্ডত নাগসকলক জলভাগৰ পৰিচালক বুলি গণ্য কৰা হয় আৰু নাগসকল পানীৰ দেহত বা গুহাত বাস কৰে বুলি বিশ্বাস কৰা হয়। এক জনপ্ৰিয় কিংবদন্তিৰ মতে, উত্তৰ-পূব থাইলেণ্ড আৰু লাওচত থকা মেকং নদীখন এই অঞ্চলৰ মাজেৰে চলাচল কৰা দুজন নাগ ৰজাই সৃষ্টি কৰিছিল, যাৰ ফলত মেকং আৰু নিকটৱৰ্তী নান নদীৰ সৃষ্টি হৈছিল। [28][29]
তথ্য সংগ্ৰহ
Wikiwand - on
Seamless Wikipedia browsing. On steroids.