নাগৰিকত্ব (সংশোধনী) আইন, ২০১৯
নাগৰিকত্ব সংশোধনী আইনৰ ঐতিহাসিক পটভূমি / From Wikipedia, the free encyclopedia
নাগৰিকত্ব (সংশোধনী) আইন, ২০১৯ (ইংৰাজী: Citizenship (Amendment) Act, 2019; চমুকৈ কা (CAA), পূৰ্বতে কেব (CAB) ) হৈছে ভাৰতৰ সংসদৰ দ্বাৰা ২০১৯ চনৰ ১১ ডিচেম্বৰত গৃহীত এখন আইন। এই আইনখন নাগৰিকত্ব আইন, ১৯৫৫-ৰ সংশোধিত ৰূপ আৰু ইয়াৰ দ্বাৰা ভাৰতৰ চুবুৰীয়া দেশ পাকিস্তান, বাংলাদেশ আৰু আফগানিস্তানৰ নিৰ্যাতিত আৰু ২০১৪ চনৰ ৩১ ডিচেম্বৰৰ আগলৈকে ভাৰতত অবৈধভাৱে প্ৰৱেশ কৰা হিন্দু, বৌদ্ধ, শিখ, জৈন, পাৰ্চী আৰু খ্ৰীষ্টান ধৰ্মীয় সংখ্যালঘু লোকসকলক ভাৰতৰ নাগৰিকত্ব প্ৰদান কৰা হ'ব।[3][4] ইছলাম ধৰ্মৰ লোকসকলক ইয়াত অন্তৰ্ভুক্ত কৰা হোৱা নাই।[5][6] এই আইনখনত প্ৰথমবাৰৰ বাবে ধৰ্মক ভাৰতীয় নাগৰিকত্ব লাভ কৰাৰ ক্ষেত্ৰত এক প্ৰমুখ মানদণ্ড হিচাপে ব্যৱহাৰ কৰা হৈছে।[7]
নাগৰিকত্ব (সংশোধনী) আইন, ২০১৯ | |
---|---|
ভাৰতৰ সংসদ | |
দীঘল শিৰোনাম
| |
ভাষ্য | Act No. 47 of 2019 |
প্ৰণয়নকাৰী | লোকসভা |
গৃহীত হয় | ১০ ডিচেম্বৰ ২০১৯ (2019-12-10) |
প্ৰণয়নকাৰী | ৰাজ্যসভা |
গৃহীত হয় | ১১ ডিচেম্বৰ ২০১৯ (2019-12-11) |
সম্মতিৰ তাৰিখ | ১২ ডিচেম্বৰ ২০১৯ (2019-12-12) |
স্বাক্ষৰ হয় | ১২ ডিচেম্বৰ ২০১৯ (2019-12-12) |
স্বাক্ষৰ কৰে | ৰাম নাথ কোৱিন্দ ভাৰতৰ ৰাষ্ট্ৰপতি |
কাৰ্যকৰী হয় | ১০ জানুৱাৰী ২০২০ (2020-01-10)[1][2] |
প্ৰেক্ষাপট | |
লোকসভাত বিধেয়কখন উত্থাপন হয় | নাগৰিকত্ব (সংশোধনী) বিধেয়ক, ২০১৯ |
বিধেয়কৰ ভাষ্য | Bill No. 370 of 2019 |
বিধেয়ক প্ৰকাশিত হয় | ৯ ডিচেম্বৰ ২০১৯; ৪ বছৰ আগত (2019-12-09) |
উত্থাপন কৰোঁতা | অমিত শ্বাহ ভাৰতৰ গৃহমন্ত্ৰী |
প্ৰথম পঠন | ৯ ডিচেম্বৰ ২০১৯ (2019-12-09) |
দ্বিতীয় পঠন | ১০ ডিচেম্বৰ ২০১৯ (2019-12-10) |
তৃতীয় পঠন | ১১ ডিচেম্বৰ ২০১৯ (2019-12-11) |
সংশোধন কৰে | |
নাগৰিকত্ব আইন, ১৯৫৫ | |
স্থিতি: প্ৰচলিত |
হিন্দুবাদী শাসক দল ভাৰতীয় জনতা পাৰ্টি (বিজেপি)-এ নিৰ্বাচনী ইস্তাহাৰত সংকল্প কৰিছিল যে ই ভাৰতৰ চুবুৰীয়া দেশৰ নিৰ্যাতিত ধৰ্মীয় সংখ্যালঘু লোকসকলক ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰিব।[8][9] ২০১৯ চনৰ সংশোধৰ দ্বাৰা, ২০১৪ চনৰ ৩১ ডিচেম্বৰৰ আগলৈকে ভাৰতত অবৈধ অনুপ্ৰৱেশকাৰীসকল, যিসকলে তেওঁলোকৰ নিজৰ দেশত "ধৰ্মীয় নিৰ্যাতন ভোগ কৰিছে বা ধৰ্মীয় নিৰ্যাতন ভোগ কৰাৰ ভয় আছে", ভাৰতীয় নাগৰিকত্বৰ বাবে যোগ্যতা লাভ কৰিব।[3] তদুপৰি এই আইনখনে ভাৰতত নাগৰিকত্ব পাবলৈ থাকিবলগীয়া ন্যূনতম সময় ১১ বছৰৰ পৰা ৫ বছৰলৈ হ্ৰাস কৰিছে।[10] ভাৰতৰ ইণ্টেলিজেন্স ব্যুৰৰ তথ্য অনুসৰি, এই বিলখনৰ প্ৰথমতেই সুবিধা লাভ কৰিব ৩১,৩১৩ জন শৰণাৰ্থীয়ে: ইয়াৰে ২৫,৪৪৭ জন হিন্দু, ৫,৮০৭ শিখ, ৫৫ জন খ্ৰীষ্টান, ২ জন বৌদ্ধ আৰু ২ জন পাৰ্চী ধৰ্মৰ লোক।[11]
এই আইনখন বিপুলভাৱে সমালোচনাৰ সন্মুখীন হৈছে, আৰু কোৱা হৈছে যে আইনখনে প্ৰধানতঃ ইছলাম ধৰ্মৰ লোকসকলক বাদ দি ধৰ্মৰ নামত বৈষম্য কৰিছে।[5][6] ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰৰ উচ্চায়ুক্তৰ কাৰ্যালয়ে আইনখন "মৌলিকভাবে বৈষম্যমূলক" বুলিছে আৰু কৈছে যে "ভাৰতে নিৰ্যাতিত লোকসকলক সুৰক্ষা দিব বিচৰা প্ৰচেষ্টাটো আদৰণীয়", পিছে ইয়াক কোনো ধৰণৰ বৈষম্য নকৰাকৈ "বলিষ্ঠ ৰাষ্ট্ৰীয় ৰাজনৈতিক আশ্ৰয় ব্যৱস্থা"ৰ দ্বাৰা ৰূপায়ণ কৰা উচিত।[12] সমালোচকসকলে কৈছে যে এই আইনখন আৰু নাগৰিকৰ ৰাষ্ট্ৰীয় পঞ্জী দুয়োটা মিলি বহুতো ইছলাম ধৰ্মীয় লোকক ৰাষ্ট্ৰবিহীন কৰি পেলাব কিয়নো তেওঁলোকে সম্ভৱতঃ জন্ম আৰু পৰিচয়ৰ বাবে প্ৰয়োজনীয় কঠোৰ প্ৰমাণ জমা দিব নোৱাৰিব।[13][14] তিব্বত, শ্ৰীলংকা আৰু ম্যানমাৰত ধৰ্মীয় নিৰ্যাতন ভোগলোকসকলক এই আইনখনত অন্তৰ্ভুক্ত নকৰাক লৈয়ো সমালোচকসকলে প্ৰশ্ন তুলিছে।[13][15] ভাৰত চৰকাৰৰ অনুসৰি যিহেতু পাকিস্তান, আফগানিস্তান আৰু বাংলাদেশৰ গৰিষ্ঠসংখ্যক লোক ইছলাম ধৰ্মী, সেয়ে সেইবোৰ দেশত ইছলাম ধৰ্মীয় লোকসকলে "ধৰ্মীয় নিৰ্যাতন ভোগাৰ সম্ভাৱনা কম"।[9][16] কিন্তু, তথ্য অনুসৰি কেতবোৰ ইছলাম ধৰ্মীয় গোট, যেনে হাজাৰা আৰু আহমদিসকলে সেইবোৰ দেশত ধৰ্মীয় নিৰ্যাতন ভোগ কৰিছে।[17][18][19]
এই আইনখন গৃহীত হোৱাৰ ফলত ভাৰতত দেশজুৰি বহৎ সংখ্যক প্ৰতিবাদ সাব্যস্ত হৈছে।[20] আইনত পৰিণত হোৱাৰ পূৰ্বেই অসমৰ লগতে উত্তৰ-পূব ভাৰতৰ কেউখন ৰাজ্যতে বিধেয়কখনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত হৈছিল। বিধেয়কখন আইনত পৰিণত হোৱাৰ পাছতো উত্তৰ-পূব ভাৰতৰ লগতে দেশৰ বিভিন্ন প্ৰান্তত এই আইনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা হৈছে। উত্তৰ-পূব ভাৰতৰ প্ৰতিবাদকাৰীসকলৰ অনুসৰি বিদেশী শৰণাৰ্থীক ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰিলে স্থানীয় খিলঞ্জীয়া লোকসকলে তেওঁলোকৰ "ৰাজনৈতিক অধিকাৰ, সংস্কৃতি আৰু ভূমিৰ অধিকাৰ" হেৰুৱাই পেলোৱাৰ লগতে বাংলাদেশৰ পৰা অধিক অবৈধ অনুপ্ৰৱেশক উদগণি যোগাব।[21][22][23] ভাৰতৰ আনৰ প্ৰান্তত প্ৰতিবাদৰ মূল কাৰণ ইছলাম ধৰ্মী শৰণাৰ্থীসকলৰ বিৰুদ্ধে কৰা বৈষম্যতা।[24] ভাৰতৰ বিভিন্ন বিশ্ববিদ্যালয়ত আইনখনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা হৈছে। আলিগড় মুছলিম বিশ্ববিদ্যালয় আৰু জামিয়া মিলিয়া ইছলামিয়াৰ ছাত্ৰসকলৰ প্ৰতিবাদক আৰক্ষীয়ে নিৰ্মম আৰু বলপূৰ্বকভাবে দমন কৰাৰ অভিযোগো উঠিছে।[25] এনে প্ৰতিবাদসমূহৰ ফলত কেইবাজন প্ৰতিবাদকাৰীৰ মৃত্যু হোৱাৰ লগতে প্ৰতিবাদকাৰী আৰু আৰক্ষী আহত হৈছে, ৰাজহুৱা আৰু ব্যক্তিগত সম্পত্তিৰ ক্ষয়-ক্ষতি হৈছে, হেজাৰজন মানুহক আটক কৰা হৈছে, আৰু লগতে বহুতো অঞ্চলত ইণ্টাৰনেট সেৱা বন্ধ কৰি দিয়া হৈছে।[26][27] ভাৰতৰ কেইবাখনো ৰাজ্যৰ চৰকাৰে জনাইছে যে তেওঁলোকে নিজৰ ৰাজ্যত এই আইনখন বলৱৎ নকৰে। পিছে ভাৰতৰ গৃহমন্ত্ৰীয়ে প্ৰকাশ কৰিছে যে ৰাজ্যসমূহৰ এই আইনখন ৰোধ কৰাৰ ন্যায়িক অধিকাৰ নাই।[28] ১০ জানুৱাৰী ২০২০-ৰ পৰা এই আইনখন কাৰ্যকৰী হয়।[1][29]