ন'বেল বঁটা (২০১০)
ৱিকিপিডিয়া:ৰচনাশৈলীৰ হাতপুথি / From Wikipedia, the free encyclopedia
ন'বেল বঁটা বছৰি প্ৰদান কৰা এটা অতি সন্মানীয় পুৰস্কাৰ। স্কাণ্ডিনেভিয়ান সমিতিয়ে এই বঁটা কলা আৰু বিজ্ঞানৰ কেইটামান শাখাত আগবঢ়োৱা অতি বিশেষ অৱদানৰ বাবে প্ৰদান কৰে। ডাইনামাইটৰ আৱিষ্কাৰক ছুইডেনৰ আলফ্ৰেড ন'বেল-ৰ ইচ্ছাপত্ৰ অনুসৰি ১৮৯৫ চনত এই বঁটা স্থাপন কৰা হয়। ১৯০১ চনত প্ৰথমে এই বঁটা প্ৰদান কৰা হৈছিল। ২০১০ বৰ্ষৰ এই বঁটা লাভ কৰা ব্যক্তিসকল হ'ল:
অধিক তথ্য #, শাখা ...
# | শাখা | আলোকচিত্ৰ | বিজেতা | নাগৰিকত্ব | অৱদান |
---|---|---|---|---|---|
১ | পদাৰ্থ বিজ্ঞান | আন্দ্ৰে জিম (Andre Geim) |
যুক্তৰাজ্য নেডাৰলেণ্ডচ |
"দ্বিমাত্ৰিক পদাৰ্থ গ্ৰাফিমৰ বিষয়ে কৰা যুগান্তকাৰী পৰীক্ষণৰ বাবে"("for groundbreaking experiments regarding the two-dimensional material graphene"").[1] | |
কনষ্টানটিন ন'ভ'ছেল'ভ (Konstantin Novoselov) |
ৰাছিয়া যুক্তৰাজ্য | ||||
২ | ৰসায়ন বিজ্ঞান | ৰিচাৰ্ড এফ. হেক (Richard F. Heck) |
আমেৰিকা যুক্তৰাষ্ট্ৰ | "জৈৱ সংশ্লেষণৰ বাবে পেলাডিয়াম অনুঘটকৰ দ্বাৰা প্ৰস্থীয় যুগ্মন" ("for palladium-catalyzed cross couplings in organic synthesis".)[2] | |
আই-ইচি নেগিছি (Ei-ichi Negishi) |
জাপান বাসস্থান: আমেৰিকা যুক্তৰাষ্ট্ৰ | ||||
আকিৰা ছুজুকি (Akira Suzuki) |
জাপান | ||||
৩ | ফিজিঅ'লজী বা মেডিচিন | ৰবাৰ্ট জি. এড্ৱাৰ্ড্ছ Robert G. Edwards) |
যুক্তৰাজ্য | "কৃত্ৰিম নি:ষেচনৰ বিকাশৰ বাবে" ("Development of in vitro fertilization".)[3] | |
৪ | সাহিত্য | মাৰিঅ' ভাৰ্গাছ লোছা (Mario Vargas Llosa) |
পেৰু স্পেইন |
"তেখেতৰ ক্ষমতাৰ গঠনৰ অংকন আৰু ব্যক্তিগত বিৰোধ, বিদ্ৰোহ আৰু পৰাজয়ৰ মৰ্মভেদী চিত্ৰাংকনৰ বাবে" ("for his cartography of structures of power and his trenchant images of the individual's resistance, revolt, and defeat")[4] | |
৫ | শান্তিৰ ন'বেল বঁটা | লিউ ঝিয়াব' (Liu Xiaobo) |
চীন | "চীনত মৌলিক মানৱাধিকাৰৰ বাবে চলাই যোৱা সুদীৰ্ঘ অহিংস সংগ্ৰামৰ বাবে" ("for his long and non-violent struggle for fundamental human rights in China".)[5] | |
৬ | অৰ্থনীতি | পিটাৰ এ. ডায়েমণ্ড (Peter A. Diamond) |
আমেৰিকা যুক্তৰাষ্ট্ৰ | "সন্ধানী ঘৰ্ষণৰ মাজেৰে কৰা বজাৰ অধ্যয়নৰ বাবে" ("for their analysis of markets with search frictions")[6] | |
ডেল টি. মৰ্টেনছেন (Dale T. Mortensen) |
আমেৰিকা যুক্তৰাষ্ট্ৰ | ||||
ক্ৰিষ্ট'ফাৰ এ. পিছাৰিডেছ (Christopher A. Pissarides) |
চাইপ্ৰাছ যুক্তৰাজ্য | ||||
বন্ধ কৰক