ধেমাজি জিলা
ভাৰতৰ অসম ৰাজ্যৰ এখন জিলা / From Wikipedia, the free encyclopedia
এই প্ৰবন্ধটো জিলাখনৰ বিষয়ে। একে নামৰ সদৰ স্থানৰ বাবে ধেমাজি চাওক।
ধেমাজি ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰে অৱস্থিত অসম ৰাজ্যৰ এখন জিলা।[1] জিলাখনৰ উত্তৰে আৰু পূবে অৰুণাচল প্ৰদেশ, দক্ষিণে ব্ৰহ্মপুত্ৰ নদী আৰু পশ্চিমে লখিমপুৰ জিলা। ধেমাজি জিলাৰ মুঠ মাটিকালি হৈছে ৩২৩৭ বৰ্গ কিঃমিঃ। জিলাখন দুটা মহকুমাত ভাগ কৰা হৈছে: ধেমাজি আৰু জোনাই। ধেমাজি নগৰ ধেমাজি জিলাৰ সদৰ।
ক্ষিপ্ৰ তথ্য ধেমাজি জিলা, দেশ ...
ধেমাজি জিলা | |
---|---|
— জিলা — | |
অসমত ধেমাজি জিলাৰ অৱস্থান | |
দেশ | ভাৰত |
ৰাজ্য | অসম |
সদৰ | ধেমাজি |
মাটিকালি | |
- মুঠ | ৩,২৩৭ কি.মি.২ (১,২৪৯.৮ বৰ্গ মাইল) |
জনসংখ্যা (২০১১) | |
- মুঠ | ৬,৮৮,০৭৭ জন |
- জনঘনত্ব | ২১২.৬ প্ৰতি বৰ্গ কি.মি. (৫৫০.৫ প্ৰতি বৰ্গ মাইল) |
সময় অঞ্চল | ভাৰতীয় মান সময় (গ্ৰী.মা.স.+05:30) |
আই এচ অ’ ৩১৬৬ কোড | IN-AS-DM |
ৱেবছাইট | www.dhemaji.gov.in |
বন্ধ কৰক
২০০১ চনৰ লোকপিয়ল মতে, জিলাখনৰ মুঠ জনসংখ্যা হৈছে ৫.৭১ লাখ। ইয়াৰে ২.৯৫ জন পুৰুষ আৰু ২.৭৬ গৰাকী মহিলা। সাক্ষৰতাৰ হাৰ ৬৬%। সমুদ্ৰপৃষ্ঠৰ পৰা গড় উচ্চতা ১০৪ মিটাৰ। জনবসতিৰ ঘনত্ব প্ৰতি বৰ্গ কিলো মিটাৰত ১৭৬ জন।[1]