ধন্বন্তৰি
From Wikipedia, the free encyclopedia
ধন্বন্তৰি (ইংৰাজী: Dhanvantari) বেদ আৰু পুৰাণত আয়ুৰ্বেদৰ দেৱতা বুলি উল্লেখ আছে। এওঁক দেৱতা সকলৰ চিকিৎসক বুলি গণ্য কৰা হয়। ভগৱান বিষ্ণুৰ অন্যতম অৱতাৰ ধন্বন্তৰি দেৱতা আৰু অসুৰৰ সাগৰ মন্থনৰ ফলত কাৰ্তিক কৃষ্ণপক্ষৰ ত্ৰয়োদশী তিথিত হাতত অমৃতৰ ঘটলৈ সাগৰৰ পৰা অৱতৰণ হৈছিল। সেয়ে দেৱালীৰ দুদিন আগতে তেওঁৰ জন্মজয়ন্তী পালন কৰা হয়। এই দিনা ভাৰতৰ কিছুমান ঠাইত ধনতেৰাচ হিচাপে পালন কৰা হয়। তেওঁৰ হাতত শংখ, চক্ৰ, অমৃতৰ ঘট আৰু বনৌষধি থাকে। আয়ুৰ্বেদৰ জনক হিচাপে তেওঁক সুস্থ আৰু আৰোগ্য জীৱন লাভ কৰিবলৈ পূজা অৰ্চনা কৰে। আয়ুৰ্বেদিক মহাবিদ্যালয় সমূহত ধন্বন্তৰিক বিশেষ মৰ্যাদা দিয়া হয়।
ধন্বন্তৰি | |
---|---|
আয়ুৰ্বেদৰ দেৱতা দেৱতাৰ চিকিৎসক | |
![]() | |
দেৱনাগৰী | धन्वंतरि |
পালি | ඕම් ධන්වන්තරි නමහ් |
সম্পৰ্ক | বিষ্ণুৰ অৱতাৰ |
নিবাস | সমুদ্ৰ |
মন্ত্ৰ | ॐ नमो भगवते महासुदर्शनाय वासुदेवाय धन्वंतराये:
अमृतकलश हस्ताय सर्वभय विनाशाय सर्वरोगनिवारणाय त्रिलोकपथाय त्रिलोकनाथाय श्री महाविष्णुस्वरूप श्री धन्वंतरी स्वरूप श्री श्री श्री अष्टचक्र नारायणाय नमः॥ |
অস্ত্ৰ | শংখ আৰু চক্ৰ |
প্ৰতীকসমুহ | অমৃত, বনৌষধি, জোক |
আসন/বাহন | পদুম |
২০১৬ চনত ভাৰত চৰকাৰ আৰু আয়ুস মন্ত্ৰণালয়ে ধন্বন্তৰি জয়ন্তীক ৰাষ্ট্ৰীয় আয়ুৰ্বেদ দিৱস হিচাপে পালন কৰিবলৈ ঘোষণা কৰে।[1]