দশাৱতাৰ
From Wikipedia, the free encyclopedia
দশাৱতাৰ (ইংৰাজী: Dashavatara) হৈছে হিন্দু ধৰ্মৰ এজন প্ৰধান উপাস্য দেৱতা বিষ্ণুৰ দহটা প্ৰধান অৱতাৰ। বৈষ্ণৱ দৰ্শনত, কোনো বিশেষ উদ্দেশ্যে আগত ৰাখি মৰ্ত্যত অৱতীৰ্ণ পৰম সত্তাকে অৱতাৰ (সংস্কৃত: अवतार ) নামেৰে অভিহিত কৰা হয়। বিষ্ণুৰ (বা কোনো কোনো ক্ষেত্ৰত কৃষ্ণৰ) দহটা মুখ্য অৱতাৰৰ সমষ্টিগত নামেই দশাৱতাৰ। এই দশাৱতাৰৰ কথা জনা যায় গৰুড় পুৰাণৰ (১। ৮৬। ১০-১১) পৰা।
দশাৱতাৰৰ অধিকাংশই অভিহিত হয় লীলা-অৱতাৰ নামেৰে। হিন্দু বিশ্বাস অনুসৰি, প্ৰথম চাৰি অৱতাৰৰ আৱিৰ্ভাবকাল হৈছে সত্যযুগ। পৰৱৰ্তী তিনি অৱতাৰ ত্ৰেতাযুগত অৱতীৰ্ণ হয়। অষ্টম আৰু নৱম অৱতাৰৰ আৱিৰ্ভাৱকাল যথাক্ৰমে দ্বাপৰযুগ আৰু কলিযুগ। দশম অৱতাৰ কল্কিৰ আৱিৰ্ভাৱ ৪২৭,০০০ বছৰৰ পিছত কলিযুগত অন্তিম পৰিব বুলি ভৱিষ্যতবাণী কৰা হৈছে।[1] বিষ্ণু পুৰাণত কোৱা হৈছে যে, কল্কি অৱতাৰৰ আগমনৰ লগে লগেই কলিযুগৰ সমাপ্তি ঘটিব। কল্কি দুষ্টৰ দমন আৰু শিষ্টৰ পালন কৰি এক নতুন সত্যযুগৰ সূচনা কৰিব।[2]