তৰুণ গগৈ
অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী / From Wikipedia, the free encyclopedia
তৰুণ গগৈ (ইংৰাজী: Tarun Gogoi; ১ এপ্ৰিল, ১৯৩৬ — ২৩ নৱেম্বৰ, ২০২০) হৈছে অসমৰ সবাতোকৈ দীৰ্ঘকালীন সময়ৰ বাবে শাসনাধিস্থ প্ৰাক্তন মুখ্যমন্ত্ৰী। তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ এজন আগশাৰীৰ নেতা আছিল। তেওঁৰ দলে অভিলেখসহ একেৰাহে তিনিবাৰকৈ অসমৰ বিধানসভা নিৰ্বাচনত বিজয় সাব্যস্ত কৰে।[10] ২০০১ চনৰ পৰা ২০১৬ চনলৈ তেওঁ অসমৰ মুখ্যমন্ত্ৰী হিচাবে দায়িত্ব লয়।
ক্ষিপ্ৰ তথ্য তৰুণ গগৈ, অসমৰ মুখ্যমন্ত্ৰী ...
তৰুণ গগৈ | |
---|---|
অসমৰ মুখ্যমন্ত্ৰী | |
কাৰ্যকাল ১৮ মে', ২০০১[1] – ২০ মে' ২০১৬[2] | |
পূৰ্বসূৰী | প্ৰফুল্ল কুমাৰ মহন্ত[1] |
উত্তৰসূৰী | সৰ্বানন্দ সোণোৱাল |
বিধায়ক তিতাবৰ[3][4][5] | |
পদাধিকাৰ | |
কাৰ্যভাৰ গ্ৰহণ ২০ ছেপ্তেম্বৰ, ২০০১[6] | |
পূৰ্বসূৰী | হেমন্ত কলিতা[3] |
সাংসদ কলিয়াবৰ | |
কাৰ্যকাল ১৯৯৮ – ২০০২ | |
পূৰ্বসূৰী | কেশৱ মহন্ত |
উত্তৰসূৰী | দীপ গগৈ |
বিধায়ক মাৰ্ঘেৰিটা[3] | |
কাৰ্যকাল ১৯৯৬ – ১৯৯৮[3] | |
পূৰ্বসূৰী | কুল বাহাদুৰ চেত্ৰী[7] |
উত্তৰসূৰী | প্ৰদ্যুৎ বৰদলৈ[6] |
সাংসদ কলিয়াবৰ | |
কাৰ্যকাল ১৯৯১ – ১৯৯৬ | |
পূৰ্বসূৰী | ভদ্ৰেশ্বৰ তাঁতী |
উত্তৰসূৰী | কেশৱ মহন্ত |
সাংসদ যোৰহাট | |
কাৰ্যকাল ১৯৭১ – ১৯৮৫ | |
পূৰ্বসূৰী | ৰাজেন্দ্ৰনাথ বৰুৱা |
উত্তৰসূৰী | পৰাগ চলিহা |
ব্যক্তিগত তথ্য | |
জন্ম | ১ এপ্ৰিল, ১৯৩৬ ৰঙাজান চাহ বাগিচা, যোৰহাট, অসম |
মৃত্যু | ২৩ নৱেম্বৰ, ২০২০ (৮৪ বছৰ)[8] গুৱাহাটী, অসম, ভাৰত |
ৰাজনৈতিক দল | ভাৰতীয় জাতীয় কংগ্ৰেছ |
দাম্পত্যসঙ্গী | ডলি গগৈ[9] |
সন্তান | গৌৰৱ গগৈ (পুত্ৰ) চন্দ্ৰিমা গগৈ (কন্যা) |
শিক্ষানুষ্ঠান | গুৱাহাটী বিশ্ববিদ্যালয় ডিব্ৰুগড় বিশ্ববিদ্যালয় |
পুৰস্কাৰ | পদ্মভূষণ |
পিতৃ | স্বৰ্গীয় ডা° কমলেশ্বৰ গগৈ[9] |
মাতৃ | স্বৰ্গীয় ঊষা গগৈ[9] |
বন্ধ কৰক
২০২০ চনৰ ২৩ নৱেম্বৰ তাৰিখে ক'ভিডৰ উত্তৰকালীন সমস্যা আৰু শৰীৰৰ একাধিক অংগ অচল হৈ পৰাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত গগৈৰ দেহাৱসান ঘটে।[11] তেওঁ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে ভাৰত চৰকাৰে ২০২১ চনত তেওঁক মৰণোত্তৰভাৱে দেশৰ তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মভূষণ প্ৰদান কৰে।[12][13]