তাজিকিস্তান
From Wikipedia, the free encyclopedia
তাজিকিস্তান (তাজিক ভাষা: Тоҷикистон তজিকিস্তন্)দক্ষিণ-পূব মধ্য এছিয়াৰ এখন স্থলবেষ্টিত প্ৰজাতন্ত্ৰ ৰাষ্ট্ৰ। ইয়াৰ উত্তৰে কিৰগিজস্তান, উত্তৰে আৰু পশ্চিমে উজবেকিস্তান, পূবে চীন আৰু দক্ষিণে আফগানিস্তান অৱস্থিত। দুশ্বন্বে দেশখনৰ বৃহত্তম চহৰ আৰু ৰাজধানী। গোৰ্ণা-বাদাখশান স্বায়ত্তশাসিত অঞ্চল তাজিকিস্তানত অৱস্থিত। ই এক জাতিগত অঞ্চল আৰু দেশখনৰ প্ৰায় ৪৫% অঞ্চলত বিস্তৃত।
ক্ষিপ্ৰ তথ্য তাজিকিস্তান গণতন্ত্ৰ Ҷумҳурии Тоҷикистон জুম্হুৰিই তজিকিস্তন্, বৃহত্তম নগৰ ...
তাজিকিস্তান গণতন্ত্ৰ Ҷумҳурии Тоҷикистон জুম্হুৰিই তজিকিস্তন্ |
||||||
---|---|---|---|---|---|---|
নীতিবাক্য নাই |
||||||
ৰাষ্ট্ৰীয় সঙ্গীত চুৰুদি মিল্লী |
||||||
ৰাজধানী | দুশ্বন্বে 38°33′N 68°48′E | |||||
বৃহত্তম নগৰ | ৰাজধানী | |||||
ৰাষ্ট্ৰভাষা (সমূহ) | ফৰাচী ভাষা (তাজিক ভাষা) | |||||
চৰকাৰ | একক চৰকাৰ | |||||
- | ৰাষ্ট্ৰপতি | ইমোমালি ৰাহমোন | ||||
- | প্ৰধানমন্ত্ৰী | অকিল অকিলোভ | ||||
ছোভিয়েট ইউনিয়নৰ পতন | ||||||
- | স্বাধীনতা ঘোষণা | ৯ ছেপ্টেম্বৰ ১৯৯১[1] | ||||
- | স্বাধীনতা বাস্তবায়ন | ২৫ ডিচেম্বৰ ১৯৯১ | ||||
- | জলভাগ (%) | ০.৩ | ||||
জনসংখ্যা | ||||||
- | জুলাই ২০০৬ আনুমানিক | ৭৩,২০,০০০১ (১০০তম১) | ||||
- | ২০০০ লোকপিয়ল | ৬১,২৭,০০০ | ||||
- | ঘনত্ব | ৪৫ প্ৰতি বৰ্গকিমি (১৫১তম) ১১৭ প্ৰতি বৰ্গমাইল |
||||
জিডিপি (পিপিপি) | ২০০৫ আনুমানিক | |||||
- | মুঠ | $৮.৮০২বিলিয়ন (১৩৯তম) | ||||
- | জনমুৰি | $১,৩৮৮ (১৫৯তম) | ||||
জিনি সহগ? (২০০৩) | ৩২.৬ (মধ্যম) | |||||
মানৱ উন্নয়ন সূচক (২০০৪) | ০.৬৫২ (মধ্যম) (১২২তম) | |||||
মুদ্ৰা | চমনী (TJS ) |
|||||
সময় অঞ্চল | তাজিকিস্তান সময় (TJT) (ইউটিচি+৫) | |||||
ইণ্টাৰনেট টিএলডি | .tj | |||||
কলিং ক'ড | +৯৯২ | |||||
1 | স্থান ২০০৫ চনৰ ৰাষ্ট্ৰসংঘৰ তথ্যৰ ওপৰত ভিত্তিত |
বন্ধ কৰক
দেশখনৰ অধিকাংশ জনগণ তাজিক জাতিৰ লোক। এওঁলোক তাজিক নামৰ এক ফাৰ্চী জাতীয় ভাষা ব্যৱহাৰ কৰে। ১৯২৯ চনত তাজিকিস্তান ছোভিয়েট ইউনিয়নৰ এক অংশত পৰিণত হয়। ১৯৯১ চনত ই স্বাধীনতা লাভ কৰে। স্বাধীনতাৰ ঠিক পিছৰ পৰায়ে দেশখনত সাম্যবাদী চৰকাৰ আৰু বিৰোধী দলসমূহৰ মাজত গৃহযুদ্ধ সূচনা হয়। ১৯৯৭ চনৰ জুন মাহত দুই পক্ষৰ মাজত শান্তি চুক্তি স্বাক্ষৰ হয়।