ডিব্ৰুগড় ৰেল ষ্টেচন
From Wikipedia, the free encyclopedia
From Wikipedia, the free encyclopedia
ডিব্ৰুগড় ৰেল ষ্টেচন (ইংৰাজী: Dibrugarh Railway Station) অসমৰ ডিব্ৰুগড় জিলাৰ বাণীপুৰত অৱস্থিত। ই লামডিং-ডিব্ৰুগড় শাখাৰ এক গুৰুত্বপূৰ্ণ ষ্টেচন। ডিব্ৰুগড় টাউন ৰেল ষ্টেচন (DBRT)ৰ পিছতেই ডিব্ৰুগড় ৰেল ষ্টেচন (DBRG) ঐতিহাসিক নগৰৰ দ্বিতীয় ৰেল ষ্টেচন।
ডিব্ৰুগড় ৰেল ষ্টেচন ভাৰতীয় ৰেলৰ জংচন ষ্টেচন | |
---|---|
ডিব্ৰুগড় ৰেল ষ্টেচনৰ এক দৃশ্য | |
ষ্টেচনৰ তথ্য | |
ঠিকনা | বাণীপুৰ, ডিব্ৰুগড়, অসম ভাৰত |
স্থানাংক | 27.4645°N 94.9369°E |
উচ্চতা | ১০৮ মিটাৰ (354 ফুট) |
লাইন | লামডিং-ডিব্ৰুগড় খণ্ড শিমলুগুৰি-ধামালগাঁও-ডিব্ৰুগড় খণ্ড ডিব্ৰুগড়-ধামালগাঁও-শ্ৰীপানী খণ্ড |
গঠনৰ প্ৰকাৰ | সাধাৰণ মাটিত |
প্লে'টফৰ্ম | ৪ |
ট্ৰেক | ১৮ |
পাৰ্কিং | আছে |
চাইকেলৰ সুবিধা | নাই |
Baggage check | আছে |
আন তথ্য | |
মুকলি | ২০০৯ |
ষ্টেচন ক'ড | DBRG |
মণ্ডল | উত্তৰ-পূব সীমান্ত ৰেলৱে |
ডিভিজন | তিনিচুকীয়া |
অধিকাৰিত্ব | ভাৰতীয় ৰেল |
অ'পাৰেটৰ | উত্তৰ-পূব সীমান্ত ৰেলৱে |
ষ্টেচন স্থিতি | কাৰ্য্যক্ষম |
অৱস্থান | |
১৬ জুলাই, ১৮৮৩ চনত ডিব্ৰুমুখৰ পৰা মাকুমলৈ ডিব্ৰু-শদিয়া ৰেলৱেৰ 1,000 mm (3 ft 3 3⁄8 in) বহল মিটাৰগেজ ৰেললাইন যাত্ৰীৰ বাবে মুকলি কৰা হৈছিল। পিছলৈ ১৯০৩ চনত অসম বেংগল ৰেলৱেৰ চট্টগ্ৰামৰ পৰা লামডিঙলৈ থকা মিটাৰ গজ লাইনটোক তিনিচুকীয়াত ডিব্ৰু-শদিয়া লাইনৰ সংযোগ কৰা হয়।[1] ডিব্ৰুগড়-লামডিং শাখা মিটাৰ গজৰ পৰা ব্ৰড গজলৈ 1,676 mm (5 ft 6 in) সলনি কৰাৰ প্ৰকল্প ১৯৯৭ চনৰ শেষলৈ সমাপ্ত হয়।[2]
২০০২ চনত বগীবিল নামৰ ঠাইত ব্ৰহ্মপুত্ৰৰ ওপৰত চতুৰ্থখন দলং নিৰ্মাণৰ কাম আৰম্ভ হ'ল। এইখন এখন ৰেল আৰু মটৰ চলিবপৰা দুখলপীয়া দলং। সমান্তৰালভাবে ডিব্ৰুগড়ৰ পৰা উত্তৰ অসমৰ ৰঙাপাৰা-মুৰ্কংচেলেক ৰেলপথ সংযোগী এটা নতুন ৰেলপথ নিৰ্মাণৰ কামো চলিল।[3] ইফালে পূৰ্বৰ মিটাৰগেজ শিমলুগুৰি-মৰাণহাট শাখা ৰেলপথ ব্ৰডগেজলৈ ৰূপান্তৰ কৰি ইয়াক ডিব্ৰুগড়লৈ সম্প্ৰসাৰণ কৰাৰ প্ৰকল্পও হাতত লোৱা হ'ল। ২০০৯ চনত মৰাণহাটৰ পৰা ডিব্ৰুগড়লৈ সম্প্ৰসাৰিত অংশ (মৰাণহাট-চাউলকৰা খণ্ড) ৰেল যাতায়তৰ বাবে মুকলি কৰা হয়।[4] সেইবাবে ডিব্ৰুগড়ত এটা নতুন ৰেল ষ্টেচন নিৰ্মাণৰ প্ৰয়োজনীয়তা আহি পৰিল। ১৩ ডিচেম্বৰ , ২০০৯ ৰ পৰা বাণীপুৰ অঞ্চলত নতুনকৈ নিৰ্মাণ কৰা ডিব্ৰুগড় ষ্টেচনৰ পৰা ৰেলসেৱা আৰম্ভ হয়।[5]
২০১১ চনত আৰম্ভ কৰা ডিব্ৰুগড় - কন্যাকুমাৰী বিবেক এক্সপ্ৰেছ (Dibrugarh - Kanyakumari Vivek Express) ভাৰতৰ দীৰ্ঘতম ৰেলসেৱা। ৰেলখনে অসম, পশ্চিমবঙ্গ, উৰিষ্যা, অন্ধ্ৰপ্ৰদেশ, তামিলনাডু, কেৰালাৰ মাজেৰে ৮২ ঘণ্টাত 4,278 km (2,658 মাইল) পথ অতিক্ৰম কৰে।[6][7]
ডিব্ৰুগড় ৰেল ষ্টেচনৰ পৰা অহা যোৱা কৰা কিছুমান উল্লেখযোগ্য ৰেলৰ নং, নাম, আদিস্থান, গন্তব্য স্থান আৰু দিনৰ সূচী তলত দিয়া হৈছে:
ৰেলৰ নং | ৰেলৰ নাম | আদিস্থান | গন্তব্য স্থান | দিনৰ সূচী |
---|---|---|---|---|
১২২৩৫/৩৬ | ডিব্ৰুগড় ৰাজধানী এক্সপ্ৰেছ | ডিব্ৰুগড় | নতুন দিল্লী ৰেল ষ্টেচন, নতুন দিল্লী | দৈনিক |
১২৫২৫/২৬ | ডিব্ৰুগড় -কলকাতা এক্সপ্ৰেছ | ডিব্ৰুগড় | কলকাতা ৰেল ষ্টেচন, কলকাতা | সাপ্তাহিক |
১৪০৫৫/৫৬1 | ব্ৰহ্মপুত্ৰ মেইল | ডিব্ৰুগড় | দিল্লী জংচন | দৈনিক |
১৫৬০৫/০৬ | কামাখ্যা - ডিব্ৰুগড় ইণ্টাৰচিটি এক্সপ্ৰেছ | কামাখ্যা জংচন | ডিব্ৰুগড় | দৈনিক |
১৫৯০১/০২ | ডিব্ৰুগড়-বাংগালুৰু এক্সপ্ৰেছ | ডিব্ৰুগড় | বাংগালুৰু নগৰ ৰেল ষ্টেচন | সাপ্তাহিক |
১৫৯০৩/০৪ | ডিব্ৰুগড় - চণ্ডীগড় এক্সপ্ৰেছ | ডিব্ৰুগড় | চণ্ডীগড় | সাপ্তাহিক |
১৫৯০৫/০৬ | ডিব্ৰুগড়-কন্যাকুমাৰী বিবেক এক্সপ্ৰেছ | ডিব্ৰুগড় | কন্যাকুমাৰী | সাপ্তাহিক |
১৫৯২৭/২৮ | ৰঙিয়া-ডিব্ৰুগড় এক্সপ্ৰেছ | ৰঙিয়া ৰেল ষ্টেচন | ডিব্ৰুগড় | ত্ৰি-সাপ্তাহিক |
১৫৯২৯/৩০ | ডিব্ৰুগড়-চেন্নাই ইগমোৰ এক্সপ্ৰেছ | চেন্নাই ইগমোৰ | ডিব্ৰুগড় | সাপ্তাহিক |
১৫৯৩৩/৩৪ | অমৃতসৰ-ডিব্ৰুগড় এক্সপ্ৰেছ | ডিব্ৰুগড় | অমৃতসৰ | সাপ্তাহিক |
১৫৯৪১/৪২ | ঝাঝা ডিব্ৰুগড় এক্সপ্ৰেছ | ঝাঝা | ডিব্ৰুগড় | সাপ্তাহিক |
১৫৯৫৯/৬০ | কামৰূপ হাওড়া এক্সপ্ৰেছ | হাওড়া জংচন | ডিব্ৰুগড় | দৈনিক |
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.