ঠেকুৱা
From Wikipedia, the free encyclopedia
ঠেকুৱা (নেপালী: ठेकुआ; ঠোকোৱা বা ঠেকাৰিছ), যাক 'খাজুৰিয়া' বা 'থিকৰী' বুলিও কোৱা হয়,[1] ভাৰতীয় উপমহাদেশৰ একপ্ৰকাৰৰ শুকান মিঠাই। বিহাৰ, উত্তৰ প্ৰদেশ আৰু নেপালৰ তেৰাই অঞ্চলত ই অতি জনপ্ৰিয়।[2]
ক্ষিপ্ৰ তথ্য অন্য নাম, প্ৰকাৰ ...
অন্য নাম | 'খাজুৰিয়া' বা 'থিকৰী' |
---|---|
প্ৰকাৰ | পিঠা, বিস্কুট |
প্ৰকাৰ | মিঠাই |
উৎপত্তিৰ স্থান | ভাৰত আৰু নেপাল |
অঞ্চল | ভাৰত (উত্তৰ প্ৰদেশ, বিহাৰ), নেপাল (মধেশ, লুম্বিনী) |
মুখ্য উপাদান | ঘেঁহুৰ আটা, চুজি, গলাই লোৱা চেনি বা গুড়, ৰুকি লোৱা নাৰিকল, শুকান ফলৰ সৰু টুকুৰা, গাখীৰ আৰু ঘিঁউ। |
বন্ধ কৰক
ঠেকুৱা হৈছে ছট পূজাৰ সময়ত উপাস্য দেৱতালৈ উৎসৰ্গ কৰা এক প্ৰসাদ।[3][4][5] এই ঠাইৰ লোকসকলে যুগ যুগ ধৰি ইয়াক মিঠা জলপান হিচাপে ব্যৱহাৰ কৰি আহিছে।[6][7]