টাই আহোম যুৱ পৰিষদ, অসম
From Wikipedia, the free encyclopedia
টাইপা বা টাই আহোম যুৱ পৰিষদ, অসম(ইংৰাজী: TAYPA) অসমৰ টাই-আহোম জনগোষ্ঠীৰ এটা যুৱ সংগঠন। এই সংগঠনৰ মূল উদ্দ্যেশ্য হল টাই আহোম ভাষা সংস্কৃতি আৰু ধৰ্মৰ উন্নতি সাধন তথা টাই আহোমক সামৰি ছয় জনগোষ্ঠীৰ জনজাতিকৰণ।[1] লগতে সংগঠনটোৱে হিন্দু বাংলাদেশীক নাগৰিকত্ব প্ৰদানৰ বিৰোধিতা কৰি আহিছে আৰু জনজাতিকৰন নকৰিলে পৃথক আহোম ৰাজ্যৰ বাবে দাবী কৰাৰ কথা উল্লেখ কৰিছে।[2][3]সংগঠনটোৱে প্ৰাচীন কীৰ্তিচিহ্নসমূহ সংৰক্ষণ আৰু বেদখলমুক্ত কৰাৰ দাবী জনাই আহিছে।[4]
ক্ষিপ্ৰ তথ্য টাই আহোম যুৱ পৰিষদ, অসম টাইপা, প্ৰতিষ্ঠা ...
টাই আহোম যুৱ পৰিষদ, অসম টাইপা | |
---|---|
প্ৰতিষ্ঠা | ১৬ জুলাই (প্ৰতিষ্ঠা দিৱস) |
ধৰণ | জনগোষ্ঠীয় ছাত্ৰ সংগঠন |
সক্ৰিয়তা | সক্ৰিয় |
উদ্দেশ্য | টাই আহোম ভাষা সংস্কৃতি আৰু ধৰ্মৰ উন্নতি সাধন, টাই আহোম সহ ছয় জনগোষ্ঠীৰ জনজাতিকৰণ |
প্ৰধান কাৰ্যালয় | কেন্দ্ৰীয় সমিতি, মুখ্য কাৰ্যালয়:- শিৱসাগৰ, উপকাৰ্যালয়:- গুৱাহাটী আৰু ধেমাজিত |
সেৱা ক্ষেত্ৰ | অসম |
আনুষ্ঠানিক ভাষা | টাই-আহোম ভাষা |
মুখপাত্ৰ | চাও গুণকান্ত গগৈ |
সভাপতি | বিজয় ৰাজকোঁৱৰ |
মূল ক্ষমতা | কেন্দ্ৰীয় সমিতি |
বন্ধ কৰক