জৈৱিক কৃষি
পৰিৱেশ অনুকূল কৃষি পদ্ধতি / From Wikipedia, the free encyclopedia
জৈৱিক কৃষি (ইংৰাজী: Organic Farming) বুলিলে সাধাৰণতে ৰাসায়নিক সাৰ কিম্বা ঔষধ ব্যৱহাৰৰ নকৰাকৈ খাদ্য-শস্য উৎপাদন কৰা কৃষি পদ্ধতিক বুজা যায়। এই পদ্ধতিৰ কৃষিত মাটিৰ উৰ্বৰা শক্তি বৃদ্ধি কৰিবলৈ শস্যাৱৰ্তন, সেউজ সাৰ, পচন সাৰ, কেঁচুসাৰ আদি ব্যৱহাৰ কৰা হয়। শস্যৰক্ষাৰ ব্যৱস্থা হিচাপে প্ৰকৃতিত ঘটি থকা কিছুমান নিয়ম যথাযথ ভাৱে ব্যৱহাৰ কৰাৰ লগতে আৱশ্যক অনুযায়ী বিভিন্ন গছ-লতাৰ পৰা প্ৰস্তুত কৰা ঔষধ প্ৰয়োগ কৰা হয়। আনহাতে এই পদ্ধতিত অধিকক উৎপাদনৰ বাবে হাইব্ৰীড নাইবা জিনীয় পৰিবৰ্তন ঘটাই উদ্ভাৱন কৰা জাত, শস্যৰ শ্ৰীবৃদ্ধিৰ বাবে কৃত্ৰিম দ্ৰব্য আদি ব্যৱহাৰ কৰিব পৰা নাযায়।