সেউজ সাৰ
সেউজ সাৰ। Green manure / From Wikipedia, the free encyclopedia
কিছুমান শস্যৰ খেতি কৰি এক নিৰ্দিষ্ট সময়ৰ পাছত এইবোৰৰ ডাল-পাত আদি কাটি মাটিৰ লগত মিহলালে যি সাৰ পোৱা যায় তাকে সেউজ সাৰ (ইংৰাজী: Green Manuer) বোলা হয়। সকলো উদ্ভিদৰ পৰাই এনে সাৰ পাব পৰা যায় যদিও ইয়াৰ বাবে কিছুমান বিশেষ উদ্ভিদ চিনাক্ত কৰা হৈছে। জৈৱিক কৃষিত মাটিৰ গুণাগুণ উন্নত কৰিবলৈ এনেবোৰ শস্য বহুল ভাৱে ব্যৱহাৰ কৰা হয়। আনহাতে যিকোনো উদ্ভিদৰে কুমলীয়া ডাল-পাত আঁতৰৰ পৰা আনি মাটিত মিহলাই দিওঁ এনে সাৰ পাব পৰা যায়। অৱশ্যে এনে সাৰক সেউজীয়া পাত সাৰ (Green leaf Manure) কোৱা হয়। ইয়াৰ উপৰিও এনে কিছুমান শস্য আছে যিবোৰ অতি ঘনকৈ সিঁচি বতাহ-বৰষুণৰ বাবে হোৱা ভূমিক্ষয় ৰোধ কৰিব পৰা যায়। এনেবোৰ শস্যক আৱৰণ বা আবৃত শস্য (Cover crop) বুলি কোৱা হয়। ফচল চপোৱাৰ পাছত এইবোৰ শস্যৰ ডাল-পাত আদি মাটিৰ লগত মিহলাই দিও সেউজ সাৰ পাব পাৰি। সেয়ে এনেবোৰ শস্যও সেউজ সাৰৰ শস্যৰ অন্তৰ্ভুক্ত।