![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/d/dc/Shrikshetra_Dham%252C_Dibrugarh.jpg/640px-Shrikshetra_Dham%252C_Dibrugarh.jpg&w=640&q=50)
জগন্নাথ মন্দিৰ, ডিব্ৰুগড়
From Wikipedia, the free encyclopedia
শ্ৰীক্ষেত্ৰ ধাম, মহাপ্ৰভু জগন্নাথ মন্দিৰ অসমৰ ডিব্ৰুগড় জিলাৰ ডিব্ৰুগড় চহৰত অৱস্থিত ভগৱান জগন্নাথৰ প্ৰতি সমৰ্পিত মন্দিৰ। হিন্দু ধৰ্মৰ চাৰি ধামৰ অন্যতম ওড়িশাৰ পুৰীত অৱস্থিত শ্ৰী জগনাথ মন্দিৰক আৰ্হি হিচাপে ২০১৪ চনত এই মন্দিৰ নিৰ্মাণ কৰা হৈছিল।[1] ডিব্ৰুগড়-তিনিচুকীয়া বাইপাছ পথৰ খনিকৰৰ মহাত্মা গান্ধী উদ্যানৰ ওচৰত অৱস্থিত এই মন্দিৰৰ উচ্চতা ৮৫ ফুট। স্থাপত্য গাঁথনি অনুসৰি এই মন্দিৰটো পুৰীত অৱস্থিত ভাৰতৰ মূল জগনাথ মন্দিৰ দ্বিতীয় স্বৰূপ।[2]
ক্ষিপ্ৰ তথ্য শ্ৰীক্ষেত্ৰ ধাম, মহাপ্ৰভু জগন্নাথ মন্দিৰ, স্থান ...
শ্ৰীক্ষেত্ৰ ধাম, মহাপ্ৰভু জগন্নাথ মন্দিৰ | |
---|---|
![]() জগন্নাথ মন্দিৰ, ডিব্ৰুগড় | |
স্থান | |
দেশ | ভাৰত |
ৰাজ্য | অসম |
জিলা | ডিব্ৰুগড় জিলা |
এলেকা | ডিব্ৰুগড় |
উচ্চতা | 25.908 মিটাৰ (85 ফুট) |
স্থানাংক | 27°26′10.9″N 94°55′52.9″E |
স্থাপত্য আৰু সংস্কৃতি | |
প্ৰধান উৎসৱ | ৰথ যাত্ৰা |
স্থাপত্য শৈলী | কলিংগ স্থাপত্যশৈলী |
পৰিচালক | শ্ৰী শ্ৰী জগন্নাথ সংস্কৃতিক ন্যাস |
বন্ধ কৰক