ছালাত
ইছলাম ধৰ্মৰ প্ৰধান উপাসনা কৰ্ম / From Wikipedia, the free encyclopedia
নামায, নামাজ (ফাৰ্চী: نَماز) বা ছালাত হ'ল ইছলাম ধৰ্মৰ প্ৰধান উপাসনা কৰ্ম। প্ৰতিদিন ৫ ওয়াক্ত (নিৰ্দিষ্ট নামাজৰ নিৰ্দিষ্ট সময়) নামাজ আদায় কৰা প্ৰত্যেক মুছলিমৰ বাবে আৱশক বা ফৰজ। নামাজ ইছলামৰ পঞ্চস্তম্ভৰ এটা। শ্বাহাদাহ্ বা বিশ্বাসৰ পাছত নামাজেই ইছলামৰ আটাইতকৈ গুৰুত্বপূৰ্ণ স্তম্ভ।
![](http://upload.wikimedia.org/wikipedia/commons/thumb/c/c2/Salat_Positions_and_Prayers_-_transparent_background_-_RGB.jpg/640px-Salat_Positions_and_Prayers_-_transparent_background_-_RGB.jpg)
নামাজ শব্দটো ফাৰ্চী ভাষা পৰা উদ্ভূত হৈছে (ফাৰ্চী: نماز) আৰু অসমীয়া ভাষাত পৰিগৃহীত এটা শব্দ যিটো আৰৱী ভাষাত ছালাত (আৰবী: صلاة, কোৰআনী আৰৱী: صلوة,) প্ৰতিশব্দ। অসমীয়া ভাষাত 'ছালাত'-ৰ পৰিৱৰ্তে সচৰাচৰ 'নামাজ' শব্দটোৱেই ব্যৱহাৰ কৰা দেখা যায়। ফাৰ্চী, উৰ্দু, হিন্দী, তুৰ্কী, বাংলা আৰু অসমীয়া ভাষাত ইয়াক নামাজ (ফাৰ্চী ভাষাৰ পৰা উদ্ভূত) বুলা হয়। কিন্তু ইয়াৰ মূল আৰৱী নাম ছালাত (একবচন) বা ছালাহ্ (বহুবচন)।
ছালাতৰ আভিধানিক অৰ্থ দুআ, ৰহমত, ক্ষমা প্ৰাৰ্থনা কৰা ইত্যাদি। পাৰিভাষিক অৰ্থ: ‘শ্বৰী'আত নিৰ্দেশিত ক্ৰিয়া-পদ্ধতিৰ মাধ্যমেৰে আল্লাহৰ ওচৰত বান্দাৰ ক্ষমা ভিক্ষা আৰু প্ৰাৰ্থনা নিবেদনৰ শ্ৰেষ্ঠতম ইবাদতক ‘ছালাত’ বুলা হয়, যাক তাকবীৰে তাহৰীমাৰ দ্বাৰা আৰম্ভ হয় আৰু ছালামৰ দ্বাৰা শেষ হয়’।[1]