চেটজিপিটি
অ’পেনএআই-ৰ দ্বাৰা বিকশিত চেট-বট / From Wikipedia, the free encyclopedia
চেটজিপিটি অৰ্থাৎ চেট জেনেৰেটীভ প্ৰি-ট্ৰেইণ্ড ট্ৰান্সফৰ্মাৰ হৈছে অ’পেনএআই-ৰ দ্বাৰা বিকশিত আৰু ২০২২ চনৰ নৱেম্বৰ মাহত উন্মোচিত বৃহৎ ভাষা-আৰ্হিভিত্তিক চেটবট, যিয়ে ব্যৱহাৰকাৰীসকলক কোনো কথোপকথনৰ দৈৰ্ঘ্য, সজ্জা, শৈলী, ভাষা আদি পৰিচালিত কৰিবলৈ সক্ষম কৰে। ক্ৰমাগত প্ৰম্প্ট আৰু প্ৰত্যুত্তৰসমূহক (যাক প্ৰম্প্ট ইঞ্জিনিয়াৰিং বোলা হয়) প্ৰতিটো কথোপকথনৰ পৰ্যায়তে পূৰ্বসূত্ৰ হিচাপে গণ্য কৰা হয়।[2]
![]() | |
বিকাশক | অ’পেনএআই |
---|---|
প্ৰথম মুক্তি | ৩০ নৱেম্বৰ ২০২২; ১৮ মাহ আগত (2022-11-30) |
স্থিৰ মুক্তি | ১৩ ফেব্ৰুৱাৰী ২০২৩; ১৬ মাহ আগত (2023-02-13)[1] |
প্ৰকাৰ | চেট-বট |
অনুজ্ঞাপত্ৰ | মালিকানাধীন |
গুগল-দ্বাৰা বিকশিত ট্ৰান্সফৰ্মাৰ আন্তঃগাঁথনি-ভিত্তিক অ’পেনএআই-ৰ মালিকানাধীন জেনেৰেটীভ প্ৰি-ট্ৰেইণ্ড ট্ৰান্সফৰ্মাৰ (জিপিটি) আৰ্হিসমূহৰ শৃংখলা জিপিটি-৩.৫ আৰু জিপিটি-৪ৰ ঊৰ্দ্ধত চেটজিপিটি নিৰ্মাণ কৰা হৈছে আৰু ইয়াক ছুপাৰ্ভাইজ্ড আৰু ৰিইনফ’ৰ্চমেণ্ট লাৰ্নিং পদ্ধতিৰ সংমিশ্ৰণ ব্যৱহাৰ কৰি কথোপকথনৰ বাবে ফাইন টিউন কৰা হৈছে।[3][4] চেটজিপিটিক বিনামূলীয়াকৈ উপলব্ধ গৱেষণামূলক পূৰ্বলোকন-ৰূপে মুকলি কৰা হৈছিল যদিও ইয়াৰ জনপ্ৰিয়তাৰ প্ৰতি লক্ষ্য ৰাখি অ’পেনএআই-এ এতিয়া সেৱাটো এটা মাচুলযুক্ত আৰ্হিত চলায়। বিনামূলীয়া স্তৰৰ ব্যৱহাৰকাৰীসকলক জিপিটি-৩.৫ভিত্তিক সংস্কৰণ আগবঢ়োৱা হয়। ইয়াৰ বিপৰীতে, উন্নত মানৰ জিপিটি-৪ভিত্তিক সংস্কৰণ আৰু নতুন সুবিধাসমূহ মাচুল আদায় দিয়া গ্ৰাহকসকলক "চেটজিপিটি প্লাছ"ৰূপে প্ৰদান কৰা হয়।
২০২৩ চনৰ জানুৱাৰী মাহলৈকে ১০ কোটিৰো অধিক ব্যৱহাৰকাৰীৰ কাষ চাপি ই ইতিহাসৰ সবাতোকৈ দ্ৰুতগতিত বৃদ্ধি পোৱা গ্ৰাহক ছফ্টৱেৰ এপ্লিকেশ্যন হৈ পৰে, যিয়ে অ’পেনএআই-ৰ মূল্য ২৯ বিলিয়ন মাৰ্কিন ডলাৰলৈ বৃদ্ধি পোৱাত সহায় কৰে।[5][6] কেইমাহমানৰ ভিতৰতে গুগল, বাইডু আৰু মেটাই তেওঁলোকৰ প্ৰতিযোগিতামূলক সামগ্ৰী— জেমিনাই, ক্ল’ড, আৰ্নি বট, LLaMA আৰু গ্ৰকৰ বিকাশ ত্বৰান্বিত কৰে।[7] মাইক্ৰ’ছফ্টে অ’পেনএআই-ৰ জিপিটি-৪ভিত্তিক বিং চেট উন্মোচিত কৰে। ২০২৪ চনৰ জুন মাহত এপল ইনক’ৰ্পৰেশ্যন আৰু অ’পেনএআই-ৰ মাজত হোৱা অংশীদাৰিত্বৰ কথা ঘোষণা কৰা হয় যাৰ জৰিয়তে এপল অপাৰেটিং ছিষ্টেমৰ এপল ইণ্টেলিজেঞ্চ সুবিধাৰ সৈতে চেটজিপিটি একত্ৰ কৰা হয়।[8] কোনো কোনো পৰ্যবেক্ষকে চেটজিপিটি-এ মানৱ বুদ্ধিমত্তাক স্থানচ্যুত বা ক্ষতি কৰাৰ সম্ভাৱনাৰ লগতে ইয়াৰ দ্বাৰা লেখা-চুৰি বা ভুল তথ্যৰ প্ৰচাৰৰ সম্ভাৱনাক লৈ উদ্বেগ প্ৰকাশ কৰে।[9][10]