চাটগাঁইয়া ভাষা
ভাৰত-আৰ্য ভাষা / From Wikipedia, the free encyclopedia
চাটগাঁইয়া, চট্টগ্ৰামীয়া, চাটগাঞা, বা চিটাইঙ্গা হৈছে বাংলাদেশৰ চট্টগ্ৰাম আৰু দক্ষিণ-পূৰ্বাঞ্চলত প্ৰচলিত এটা ভাৰত-আৰ্য ভাষা। বঙালী ভাষাৰ সৈতে এই ভাষাৰ ওতপ্ৰোত সম্পৰ্ক থকাৰ বাবেই ইয়াক সাধাৰণতে বঙালী ভাষাৰ অ-মান্য উপভাষাৰূপে বিবেচিত হয়, কিয়নো এই ভাষাৰ কওঁতাসকলে নিজকে বঙালী-চিটাইঙ্গা দুয়ো বুলি পৰিচয় দিয়ে আৰু বঙালী ভাষাতেই শিক্ষা গ্ৰহণ কৰে।[2] কিন্তু এই দুয়োটা ভাষা পৰস্পৰে বোধগম্য নহয়।[3][4] অধিকাংশ ভাষাবিদে এই ভাষাক এক সুকীয়া ভাষা হিচাপে গণ্য কৰে।
ক্ষিপ্ৰ তথ্য চাটগাঁইয়া, উচ্চাৰণ ...
চাটগাঁইয়া | |
---|---|
চিটাইঙ্গা[1] | |
উচ্চাৰণ | [siʈaiŋga] |
থলুৱা অঞ্চল | বাংলাদেশ |
অঞ্চল | চট্টগ্ৰাম অঞ্চল |
জাতীয়তা | চিটাইঙ্গা, চাটগাঁইয়া |
স্থানীয় ভাষিক |
১ কোটি ৬০ লাখ (২০০৯) |
ভাষা পৰিয়াল |
ভাৰত-ইউৰোপীয়
|
লিখন প্ৰণালী | বঙালী লিপি আৰবী লিপি (আগতে কম পৰিসৰত) |
ভাষা সংকেত | |
ISO 639-3 | ctg |
ভাষাতাত্বিক |
ctg |
লিংগোৱাস্ফেয়াৰ | 73-DEE-aa |
এই প্ৰবন্ধত IPA-ৰ ধ্বনি চিহ্নসমূহ আছে। কোনো সঠিক সহায় নললে আপুনি ধ্বনি চিহ্নসমূহৰ সলনি প্ৰশ্নবোধক চিন বা বাকচ বা আন চিহ্ন দেখা পাব পাৰে। |
বন্ধ কৰক
২০০৯ চনৰ প্ৰাককলন অনুসৰি এই ভাষা ১ কোটি ৬০ লাখ লোকে কয়।[5]