![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/a/af/Dr_Rajendra_Pd._DR.Anugrah_Narayan_Sinha.jpg/640px-Dr_Rajendra_Pd._DR.Anugrah_Narayan_Sinha.jpg&w=640&q=50)
চম্পাৰণ সত্যাগ্ৰহ
ব্ৰিটিছ ঔপনিৱেশিক কালত ভাৰতৰ বিহাৰৰ চম্পাৰণ জিলাত সংঘটিত হোৱা কৃষকৰ বিদ্ৰোহ / From Wikipedia, the free encyclopedia
চম্পাৰণ সত্যাগ্ৰহ (ইংৰাজী: Champaran Satyagraha) ব্ৰিটিছ ঔপনিৱেশিক কালত ভাৰতৰ বিহাৰৰ চম্পাৰণ জিলাত সংঘটিত হোৱা কৃষকৰ বিদ্ৰোহ আছিল। ১৯১৬ চনৰ সংঘটিত হোৱা চম্পাৰণ সত্যাগ্ৰহ ভাৰতত মহাত্মা গান্ধীৰ নেতৃত্বত প্ৰথম সত্যাগ্ৰহ আন্দোলন আছিল। ইয়াক ভাৰতীয় স্বাধীনতা সংগ্ৰামত ঐতিহাসিকভাৱে অন্যতম গুৰুত্বপূৰ্ণ বিদ্ৰোহ বুলি গণ্য কৰা হয়। এই আন্দোলনত কৃষকসকলে কোনো পাৰিশ্ৰমিক নোপোৱাকৈ নীল খেতি কৰিব লগা হোৱাৰ বাবে ব্ৰিটিছ ৰাজৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিল।[1]
![]() মহাত্মা গান্ধীৰ ১৯১৬ চনৰ চম্পাৰণ আন্দোলনৰ সময়ত বাওঁফালৰ পৰা সোঁফালে বহি থকা অৱস্থাত ৰাজেন্দ্ৰ প্ৰসাদ আৰু অনুগ্ৰহ নাৰায়ণ সিনহা আৰু সোঁফাললৈ থিয় হৈ থকা স্থানীয় ৱাকিল (উকীল) ৰামনৱমী প্ৰসাদ আৰু শম্ভু শৰণ বাৰ্মা | |
তাৰিখ | ১০ এপ্ৰিল ― মে', ১৯১৬ |
---|---|
স্থান | চম্পাৰণ জিলা, বিহাৰ, ভাৰত |
অন্য নাম | চম্পাৰণ আন্দোলন নীল সত্যাগ্ৰহ |
বিষয়বস্তু | সত্যাগ্ৰহ |
Organised by | মহাত্মা গান্ধী, ব্ৰজকিশোৰ প্ৰসাদ, ৰাজেন্দ্ৰ প্ৰসাদ, অনুগ্ৰহ নাৰায়ণ সিনহা] ৰামনৱমী প্ৰসাদ, মাজহাৰ-উল-হক আৰু জে.বি. কৃপালানি আৰু বাবু গয়া প্ৰসাদ সিংকে ধৰি অন্যান্য। |
অংশগ্ৰহণকৰ্তা | চম্পাৰণ জিলাৰ নীল খেতিৰ লগত জড়িত কৃষকসকল |
মহাত্মা গান্ধীয়ে ১৯১৫ চনত দক্ষিণ আফ্ৰিকাৰ পৰা ভাৰতলৈ উভতি আহে। তেওঁ উত্তৰ ভাৰতৰ কৃষকসকলক নীল ৰোপণকাৰীৰ দ্বাৰা নিপীড়িত হোৱা দেখি তেওঁ দক্ষিণ আফ্ৰিকাত অন্যায়ৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ মানুহৰ দ্বাৰা গণ বিদ্ৰোহ সংগঠিত কৰিবলৈ ব্যৱহাৰ কৰা একে পদ্ধতি ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিছিল।
চম্পাৰণ সত্যাগ্ৰহ প্ৰথম জনপ্ৰিয় সত্যাগ্ৰহ আন্দোলন আছিল। চম্পাৰণ সত্যাগ্ৰহে ভাৰতৰ যুৱ আৰু স্বাধীনতা সংগ্ৰামক নিৰ্দেশনা দিছিল। এই আন্দোলনে ব্ৰিটিছ ঔপনিৱেশিক ব্যৱস্থাৰ ভিতৰত ভাৰতীয়সকলৰ অংশগ্ৰহণৰ নিৰ্দেশ দিয়াৰ লগতে বংগৰ উগ্ৰপন্থীসকলৰ মাজত যিসকলে ভাৰতত ব্ৰিটিছ ঔপনিৱেশিকসকলক উৎখাত কৰিবলৈ হিংসাত্মক পদ্ধতি ব্যৱহাৰ কৰাৰ পোষকতা কৰিছিল তেওঁলোকৰ মাজত মধ্যস্থতা কৰিছিল।[2]
ঔপনিৱেশিক যুগৰ আইনৰ অধীনত বহুতো ভাড়াতীয়া আধিত খেতি কৰা কৃষকে তেওঁলোকৰ ভাড়াতীয়াৰ চৰ্ত হিচাপে তেওঁলোকৰ মাটিৰ এক অংশত কিছু নীল খেতি কৰিবলৈ বাধ্য হৈছিল। এই নীলৰ ব্যৱহাৰ ৰং তৈয়াৰ কৰিবলৈ কৰা হৈছিল। বিংশ শতিকাৰ আৰম্ভণিতে জাৰ্মানসকলে একপ্ৰকাৰৰ সস্তীয়া কৃত্ৰিম ৰং উদ্ভাৱন কৰিছিল সেয়েহে নীলৰ চাহিদা যথেষ্ট হ্ৰাস পাইছিল। কিছুমান ভাড়াতীয়া কৃষকে নীল খেতি এৰি দিয়াৰ বিনিময়ত অধিক ভাড়া পৰিশোধ কৰিছিল। অৱশ্যে প্ৰথম বিশ্বযুদ্ধৰ সময়ত জাৰ্মান কৃত্ৰিম নীল উপলব্ধ হোৱা বন্ধ হৈছিল আৰু সেয়েহে প্ৰাকৃতিক নীলৰ ব্যৱসায় পুনৰ লাভজনক হৈ পৰিছিল। পূৰ্বৰ চুক্তি অনুসৰি এনেদৰে বহুতো কৃষকে আকৌ এবাৰ তেওঁলোকৰ মাটিৰ এক অংশত ইয়াক ৰোপণ কৰিবলৈ বাধ্য হৈছিল। স্বাভাৱিকতে ইয়াৰ ফলত তেওঁলোকৰ মাজত যথেষ্ট খং আৰু বিৰক্তিৰ সৃষ্টি হৈছিল।[3][4]