চন্দ্ৰ শেখৰ
ভাৰতীয় ৰাজনীতবিদ আৰু দেশৰ অষ্টম প্ৰধান মন্ত্ৰী / From Wikipedia, the free encyclopedia
চন্দ্ৰ শেখৰ সিং (১৭ এপ্ৰিল ১৯২৭ – ৮ জুলাই ২০০৭) এজন ভাৰতীয় ৰাজনীতবিদ আৰু দেশৰ অষ্টম প্ৰধান মন্ত্ৰী আছিল।[1] কোনোধৰণৰ চৰকাৰী বিভাগ নচলোৱাকৈ দেশৰ প্ৰধান মন্ত্ৰী হোৱা তেওঁ ভাৰতৰ একমাত্ৰ ৰাজনীতিবিদ।[2] তেওঁৰ দ্বাৰা শাসিত চৰকাৰখনক "পুতলা" অথবা "দুৰ্ভগীয়া" বুলি অভিহিত কৰা হৈছিল। লোকসভাৰ খুব কমসংখ্যক সাংসদৰ সমৰ্থন লৈ তেওঁ চৰকাৰখন গঠন কৰিছিল।[3][4][5][6] মুডী বিনিয়োগ সেৱা চমুকৈ মুডিছে (Moody's) যেতিয়া ভাৰতৰ অৰ্থনৈতিক অৱস্থা নিম্নগামী হোৱাৰ কথা উল্লেখ কৰিছিল, তেতিয়া সেই গুৰুত্বপূৰ্ণ সময়ত চন্দ্ৰ শেখৰৰ চৰকাৰখনে বাজেট ঘোষণা কৰিব পৰা নাছিল। বাজেট ঘোষণা নকৰাৰ ফলত দেশৰ অৱস্থা অধিক বেয়ালৈ ঢাল খাইছিল আৰু গোলকীয় ক্ৰেডিট-ৰেটিং সংস্থাবোৰে বিনিয়োগৰ ক্ষেত্ৰখন জটিল কৰি তুলিছিল। ফলস্বৰূপে ভাৰতে সৰু-সুৰা ল'ন লোৱাৰ ক্ষেত্ৰতো বাধাৰ সমুখীন হৈছিল। আৰ্থিক অনুদানৰ প্ৰক্ৰিয়াটোত অধিক বিজুতি নঘটিবলৈ চন্দ্ৰ শেখৰে সোণৰ বন্ধকীকৰণ ব্যৱস্থাৰ অনুমোদন জনাইছিল আৰু সেই কাৰ্যৰ বাবে তেওঁ ভীষণ সমালোচনাৰ সমুখীন হৈছিল। কাৰণ সেই সিদ্ধান্তটো তেওঁৰ চৰকাৰখনে নিৰ্বাচনৰ সময়ত গোপনে গ্ৰহণ কৰিছিল।[7][8][9][10] উল্লেখযোগ্য যে, ১৯৯১ চনৰ ভাৰতীয় অৰ্থনৈতিক সংকট আৰু ৰাজীৱ গান্ধীৰ হত্যাকাণ্ডৰ ঘটনাই তেওঁৰ চৰকাৰখনৰ অৱস্থা দুৰ্বিষহ কৰি তুলিছিল।
চন্দ্ৰ শেখৰ | |
---|---|
ভাৰতৰ প্ৰধান মন্ত্ৰী | |
কাৰ্যকাল ১০ নৱেম্বৰ ১৯৯০ – ২১ জুলাই ১৯৯১ | |
ৰাষ্ট্ৰপতি | আৰ. ভেংকটৰমন |
সহকাৰী | চৌধুৰী দেৱী লাল |
পূৰ্বসূৰী | ভি.পি. সিং |
উত্তৰসূৰী | পি. ভি. নৰসিংহ ৰাও |
লোকসভাৰ সাংসদ | |
কাৰ্যকাল ১৯৭৭ – ১৯৮৪ | |
পূৰ্বসূৰী | চন্দ্ৰিকা প্ৰসাদ |
উত্তৰসূৰী | জগন্নাথ চৌধুৰী |
কাৰ্যকাল ১৯৮৯ – ২০০৭ | |
পূৰ্বসূৰী | জগন্নাথ চৌধুৰী |
উত্তৰসূৰী | নীৰজ শেখৰ |
সমষ্টি | বাল্লিয়া, উত্তৰ প্ৰদেশ |
ব্যক্তিগত তথ্য | |
জন্ম | ১৭ এপ্ৰিল, ১৯২৭ ইব্ৰাহীমপট্টি, বাল্লিয়া, যুক্ত প্ৰদেশ, ব্ৰিটিছশাসিত ভাৰত, এতিয়াৰ ভাৰতৰ উত্তৰ প্ৰদেশ |
মৃত্যু | ৮ জুলাই, ২০০৭ (৮০ বছৰ) New Delhi, India |
ৰাজনৈতিক দল | সমাজবাদী জনতা পাৰ্টী (১৯৯০–২০০৭) |
আন ৰাজনৈতিক সম্পৰ্ক |
কংগ্ৰেছ ছ'ছিয়েলিষ্ট পাৰ্টী (১৯৬৪ৰ পূৰ্বে) ভাৰতীয় জাতীয় কংগ্ৰেছ (১৯৬৪-৭৫) নিৰ্দলীয় (১৯৭৫-৭৭) জনতা পাৰ্টী (১৯৭৭-৮৮) জনতা দল (১৯৮৮-৯০) |
শিক্ষানুষ্ঠান | এলাহাবাদ বিশ্ববিদ্যালয় |
স্বাক্ষৰ |