চন্দ্ৰযান-৩
ভাৰতীয় চন্দ্ৰ অভিযান / From Wikipedia, the free encyclopedia
চন্দ্ৰযান-৩ হৈছে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ দ্বাৰা চন্দ্ৰত অনুসন্ধানৰ বাবে প্ৰস্তুত কৰা তৃতীয় চন্দ্ৰ অভিযান।[3] ইয়াত চন্দ্ৰযান-২ৰ দৰেই এখন লেণ্ডাৰ আৰু এখন ৰ’ভাৰ আছে, কিন্তু ইয়াত অৰবিটাৰ নাই।[4][5]
ক্ষিপ্ৰ তথ্য অভিযানৰ প্ৰকাৰ, নিয়ন্ত্ৰক ...
চন্দ্ৰযান-৩ ৰ ইনটেগ্ৰেটেড মডিউল | |
অভিযানৰ প্ৰকাৰ | চন্দ্ৰ লেণ্ডাৰ আৰু ৰ’ভাৰ |
---|---|
নিয়ন্ত্ৰক | ভাৰতীয় মহাকাশ গৱেষণা সংস্থা |
COSPAR ID | 2023-098A |
SATCAT no. | 57320 |
ৱেবছাইট | www |
অভিযানৰ সময় | বিক্ৰম লেণ্ডাৰ: <১৫ দিন প্ৰজ্ঞান ৰ’ভাৰ: <১৫ দিন |
মহাকাশযানৰ বৈশিষ্টসমূহ | |
বাছ | চন্দ্ৰযান |
নিৰ্মাতা | ভাৰতীয় মহাকাশ গৱেষণা সংস্থা |
পেলোড ভৰ | প্ৰপালছন মডিউল: ২১৪৮ কিগ্ৰা লেণ্ডাৰ মডিউল (বিক্ৰম): ২৬ কিগ্ৰাৰ (প্ৰজ্ঞান) ৰ’ভাৰৰ সৈতে ১৭৫২ কিগ্ৰা মুঠ: ৩৯০০ কিলোগ্ৰাম |
ক্ষমতা | প্ৰপালছন মডিউল: ৭৫৮ W লেণ্ডাৰ মডিউল: ৭৩৮ W ৰ’ভাৰ: ৫০ W |
অভিযানৰ আৰম্ভণি | |
উৎক্ষেপণৰ তাৰিখ | ১৪ জুলাই ২০২৩ ১৪:৩৫ ভা.মা.স., (৯:০৫ ইউ.টি.চি.)[1][2] |
ৰকেট | LVM3 M4 |
উৎক্ষেপণ স্থলী | সতীশ ধৱন মহাকাশ কেন্দ্ৰ |
Contractor | ভাৰতীয় মহাকাশ গৱেষণা সংস্থা |
ভাৰতীয় চন্দ্ৰযান অভিযান(ইছৰো) চন্দ্ৰ ধ্ৰুৱীয় অন্বেষণ মিছন (LUPEX) → |
বন্ধ কৰক
এই অভিযান হৈছে চন্দ্ৰযান-২ৰ পৰৱৰ্তী পদক্ষেপ, কিয়নো পূৰ্ৱৰ অভিযানত মহাকাশ যানখন সফলতাৰে চন্দ্ৰৰ কক্ষপথত প্ৰৱেশ কৰিছিল যদিও অন্তিম মুহূৰ্তত ইয়াৰ মৰ্গদৰ্শন চফ্টৱেৰৰ বিসংগতি হোৱাৰ বাবে অৱতৰণ বিফল হৈছিল। এই অৱতৰণ সফল কৰি তুলিবলৈকে এই অভিযানৰ প্ৰস্তাৱ কৰা হৈছিল।[6]
শ্ৰীহৰিকোটাস্থিত সতীশ ধৱন মহাকাশ কেন্দ্ৰ ৪ৰ পৰা ১৪ জুলাই, ২০২৩ শুক্ৰবাৰে ভাৰতীয় মান সময় মতে দুপৰীয়া ২:৩৫ বজাত চন্দ্ৰযান-৩ সফলতাৰে উৎক্ষেপন কৰা হয়।[7] [8]