গোৱা
From Wikipedia, the free encyclopedia
গোৱা মাটিকালিত হিচাপত ভাৰতৰ সকলোতকৈ সৰু ৰাজ্য আৰু জনসংখ্যাৰ হিচাপত চতুৰ্থ সৰু ৰাজ্য। ভাৰতৰ পশ্চিম অংশত কোংকণ নামৰ অঞ্চলত অৱস্থিত গোৱাক উত্তৰে মহাৰাষ্ট্ৰ, পূব আৰু দক্ষিণে কৰ্ণাটক আৰু পশ্চিমে আৰৱ সাগৰে আগুৰি আছে। গোৱা ভাৰতৰ সকলোতকৈ ধনী ৰাজ্য আৰু ইয়াৰ গড় GDP ৰাষ্ট্ৰীয় মানকতকৈ আঢ়ৈগুণ বেছি।[4] একাদশ অৰ্থনৈতিক আয়োগে আন্তঃগাঁথনিৰ ক্ষেত্ৰত ইয়াক সৰ্বোচ্চ স্থান দিছিল আৰু জনসংখ্যাক ৰাষ্ট্ৰীয় আয়োগে বাৰটা সূচকক ভিত্তি কৰি ইয়াক জীৱনৰ মানৰ বাবে শ্ৰেষ্ঠ স্থান দিছিল।[4]
অনুগ্ৰহ কৰি এই প্ৰবন্ধটো বিস্তাৰ কৰক। প্ৰবন্ধটো বিস্তাৰ কৰিবৰ বাবে আটাইতকৈ সহজ উপায়টো হ’ল অনুবাদ। আপুনি এই প্ৰবন্ধটো আন কোনো ভাষাৰ ৱিকিপিডিয়াৰ পৰা (পৰাপক্ষত ইংৰাজী ভাষাৰ) হুবহু অনুবাদ কৰিও ৱিকিপিডিয়াক সহায় কৰিব পাৰে। |
গোৱা | |
---|---|
— ৰাজ্য — | |
ভাৰতত গোৱাৰ অৱস্থান | |
গোৱাৰ মানচিত্ৰ | |
ভৌগোলিক স্থানাংক (Panaji): 15°29′56″N 73°49′40″E | |
দেশ | ভাৰত |
স্থাপিত | ১৯৮৭ |
ৰাজধানী | পানাজি |
জিলা | ২ |
চৰকাৰ | |
- ৰাজ্যপাল | মৃদুলা শিনহা |
- মুখ্যমন্ত্ৰী | মনোহৰ পৰিকৰ (ভাজপা) |
- বিধানসভা | এখন (৪০খন আসন) |
- লোকসভাৰ সমষ্টি | ২ |
- উচ্চ ন্যায়ালয় | ব'ম্বে উচ্চ ন্যায়ালয়- গোৱা পীঠ |
মাটিকালি | |
- মুঠ | ৩,৭০২ কি.মি.২ (১,৪২৯.৪ বৰ্গ মাইল) |
অঞ্চলৰ স্থানাংক | 28th |
জনসংখ্যা (২০১১) | |
- মুঠ | ১৪,৫৭,৭২৩ জন |
- স্থান | ২৫thতম |
- জনঘনত্ব | ৩৯৩.৮ প্ৰতি বৰ্গ কি.মি. (১,০১৯.৯ প্ৰতি বৰ্গ মাইল) |
সময় অঞ্চল | IST (গ্ৰী.মা.স.+05:30) |
আই এচ অ’ ৩১৬৬ কোড | IN-GA |
HDI | 0.779 (high) |
HDI স্থান | তৃতীয় (২০০৫) |
সাক্ষৰতা | ৮৭% (তৃতীয়) |
চৰকাৰী ভাষা | কোংকণী |
ৱেবছাইট | www.goa.gov.in |
^* কোংকণী একমাত্ৰ চৰকাৰী ভাষা কিন্তু চৰকাৰী কাম-কাজত মাৰাঠীও ব্যৱহাৰৰ অনুমতি দিয়া হয়।[1][2][3] |
পানাজি গোৱাৰ ৰাজধানী, আৰু ভাস্ক' ডা গামা বৃহত্তম নগৰ। ১৬শ শতিকাত বেপাৰী হিচাপে গোৱালৈ আহি পিছলৈ ইয়াক জয় কৰা পৰ্তুগীজসকলৰ সাংস্কৃতিক প্ৰভাৱ ঐতিহাসিক নগৰ মাৰগাওত দেখিবলৈ পোৱা যায়। গোৱা পূৰ্বতে পৰ্তুগীজ উপনিবেশ আছিল; প্ৰায় ৪৫০ বছৰ বৰ্তি থকা এই অঞ্চলক ১৯৬১ চনত ভাৰতত অন্তৰ্ভুক্ত কৰা হয়।[5][6]
বালিচৰ, উপাসনাৰ স্থান আৰু বিশ্ব ঐতিহ্য স্থানৰ বাবে জনাজাত গোৱালৈ বছৰি বৃহৎ সংখ্যক দেশী-বিদেশী পৰ্যটকৰ আগমণ হয়। জৈৱবৈচিত্ৰৰ স্থান পশ্চিম ঘাটত অৱস্থিত বাবে গোৱাত নানা জীৱ-জন্তু আৰু উদ্ভিদ দেখিবলৈ পোৱা যায়।