গোপীনাথ বৰদলৈ
স্বাধীন অসমৰ প্ৰথম মুখ্যমন্ত্ৰী আৰু স্বাধীনতা সংগ্ৰামী / From Wikipedia, the free encyclopedia
গোপীনাথ বৰদলৈ (৬ জুন ১৮৯০–৫ আগষ্ট ১৯৫০) আছিল স্বাধীন অসমৰ প্ৰথম মুখ্যমন্ত্ৰী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ সক্ৰিয় কৰ্মী।[2] ৰাজনীতিৰ ক্ষেত্ৰত তেখেত মহাত্মা গান্ধীৰ অহিংসা নীতিৰ সমৰ্থক আছিল। অসম আৰু অসমীয়াৰ প্ৰতি তেখেতৰ অৱদানৰ বাবে তেতিয়াৰ অসমৰ ৰাজ্যপাল জয়ৰাম দাস দৌলতৰামে তেখেতক লোকপ্ৰিয় উপাধিৰে বিভূষিত কৰিছিল।[3] ভাৰতে স্বাধীনতা লাভ কৰা পাছত ধৰ্মৰ ভিত্তিত ভাৰত বিভাজনৰ সময়ত মুছলিম লিগে সেই সময়ৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ সৈতে আলোচনা কৰি অসমখন সেই সময়ৰ পূব পাকিস্তান আৰু বৰ্তমানৰ বাংলাদেশৰ অংশ কৰিব বিচাৰিছিল যদিও বৰদলৈৰ প্ৰবল বিৰোধিতাৰ বাবে অসম বাংলাদেশৰ অংশ হোৱাৰ পৰা ৰক্ষা পৰে।
ক্ষিপ্ৰ তথ্য ভাৰত ৰত্ন গোপীনাথ বৰদলৈ, অসমৰ প্ৰথম মুখ্যমন্ত্ৰী ...
গোপীনাথ বৰদলৈ | |
---|---|
![]() | |
অসমৰ প্ৰথম মুখ্যমন্ত্ৰী | |
কাৰ্যকাল ১১ ফেব্ৰুৱাৰী ১৯৪৬ – ৬ আগষ্ট ১৯৫০ | |
উত্তৰসূৰী | বিষ্ণুৰাম মেধি |
ব্যক্তিগত তথ্য | |
জন্ম | ০৬ জুন, ১৮৯০[1] ৰহা, নগাঁও, অসম |
মৃত্যু | ৫ আগষ্ট, ১৯৫০ (৬০ বছৰ) গুৱাহাটী, অসম |
ৰাজনৈতিক দল | ভাৰতীয় জাতীয় কংগ্ৰেছ |
দাম্পত্যসঙ্গী | সুৰবালা বৰদলৈ |
শিক্ষানুষ্ঠান | কটন মহাবিদ্যালয় কলিকতা বিশ্ববিদ্যালয় |
পেচা | ৰাজনীতিবিদ, লেখক |
পুৰস্কাৰ | ভাৰত ৰত্ন (১৯৯৯, মৰণোত্তৰভাবে) |
বন্ধ কৰক