গুৰবচন সিং ছালাৰিয়া
পৰম বীৰ চক্ৰ প্ৰাপক / From Wikipedia, the free encyclopedia
কেপ্তেইন গুৰবচন সিং ছালাৰিয়া, পি.ভি.চি (ইংৰাজী: Gurbachan Singh Salaria; ২৯ নৱেম্বৰ ১৯৩৫ – ৫ ডিচেম্বৰ ১৯৬১) এজন ভাৰতীয় সেনা বিষয়া আৰু ৰাষ্ট্ৰসংঘৰ শান্তিৰক্ষী বাহিনীৰ সদস্য আছিল। ছালাৰিয়া কিং জৰ্জচ্ ৰয়েল ইণ্ডিয়ান মিলিটাৰী কলেজ আৰু নেচনেল ডিফেন্স একাডেমীৰ প্ৰাক্তন ছাত্ৰ আছিল। তেওঁ এন ডি এৰ প্ৰথম প্ৰাক্তন ছাত্ৰ আছিল আৰু ভাৰতৰ যুদ্ধকালীন সৰ্বোচ্চ সামৰিক সন্মান পৰম বীৰ চক্ৰ (পি.ভি.চি)ৰে সন্মানিত ৰাষ্ট্ৰসংঘৰ একমাত্ৰ শান্তিৰক্ষী।
কেপ্টেইন গুৰবচন সিং ছালাৰিয়া পৰম বীৰ চক্ৰ | |
---|---|
জি এছ ছালাৰিয়াৰ প্ৰতিমূৰ্তি, ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰক, নতুন দিল্লী | |
জন্ম | ২৯ নৱেম্বৰ, ১৯৩৫ শকৰগড়, পাঞ্জাৱ প্ৰভিঞ্চ, ব্ৰিটিছ ভাৰত |
মৃত্যু | ৫ ডিচেম্বৰ, ১৯৬১ (২৬ বছৰ) এলিজাবেথভিল, কাটাংগা প্ৰভিঞ্চ, ৰিপাব্লিক অৱ কংগো ( কংগো গণৰাজ্য ) |
চাকৰি/শাখা | ভাৰতীয় সৈন্যবাহিনী |
চাকৰিৰ কাৰ্যকাল | ১৯৫৭-১৯৬১ |
পদমৰ্যদা | কেপ্টেইন |
চাৰ্ভিছ নাম্বাৰ | IC-8497[1] |
ইউনিট | ৩/১ গোৰ্খা ৰাইফলচ্ |
যুদ্ধ-বিগ্ৰহ | কংগো সংকট
|
পুৰস্কাৰ | পৰম বীৰ চক্ৰ |
১৯৬১ চনৰ ডিচেম্বৰ মাহত কংগোত ৰাষ্ট্ৰসংঘৰ অভিযানৰ অংশ হিচাপে কংগো গণৰাজ্যত নিয়োজিত ভাৰতীয় সৈন্যৰ ভিতৰত ছালাৰিয়াও আছিল। ৫ ডিচেম্বৰত ছালাৰিয়াৰ বেটেলিয়নক বিচ্ছিন্নতাবাদী কাটাংগা ৰাজ্যৰ ১৫০ জন জেণ্ডআৰ্মচে্ কৰা এটি পথ অৱৰোধ পৰিষ্কাৰ কৰাৰ দায়িত্ব দিয়া হয়। বিচ্ছিন্নতাবাদীসকলে দুখন যুদ্ধৰ অস্ত্ৰ-শস্ত্ৰেৰে সজ্জিত গাড়ীৰে এলিজাবেথভিল বিমানবন্দৰলৈ যোৱাৰ পথছোৱা অৱৰোধ কৰিছিল। ছালাৰিয়া আৰু তেওঁৰ দলে তেওঁলোকৰ পিছুৱাই যোৱাৰ পথ বন্ধ কৰি দিয়াৰ পৰিকল্পনা কৰিছিল। তেওঁৰ ৰকেট লাঞ্চাৰ দলটোৱে কেটাঞ্জিজ জেণ্ডআৰ্মীৰ সাজসজ্জিত গাড়ীবোৰ আক্ৰমণ কৰি ধ্বংস কৰে। এই অভাৱনীয় পদক্ষেপে জেণ্ডআৰ্মীক বিভ্ৰান্ত কৰে আৰু তেওঁলোকে পুনৰ সংগঠিত হোৱাৰ আগতে ছালাৰিয়াই তেওঁলোকক পুনৰ আক্ৰমণ কৰাৰ সিদ্ধান্ত লয়। যদিও তেওঁৰ সৈন্যৰ সংখ্যা বেছি নাছিল, তথাপিও তেওঁলোকে কেটাঞ্জিজসকলৰ ওপৰত আক্ৰমণ চলাই ৪০ জন লোকক হত্যা কৰে। এইটো আছিল এটা খুকুৰি আক্ৰমণ। আক্ৰমণৰ সময়ত ছালাৰিয়াৰ ডিঙিত দুবাৰকৈ গুলী লাগে আৰু অত্যাধিক ৰক্তক্ষৰণ হৈ অৱশেষত তেওঁৰ মৃত্যু হয়। বাকী জেণ্ডআৰ্মচ্সকল বিভ্ৰান্ত হৈ মৃত আৰু আহতসকলক এৰি পলাই যায়। ই মূল বেটেলিয়নক কেটাঞ্জিজসকলক সহজে আগুৰি ধৰি পথ অৱৰোধ পৰিষ্কাৰ কৰিবলৈ সহায় কৰে। নিজৰ নিৰাপত্তাকো আওকাণ কৰি যুদ্ধৰ সময়ত প্ৰদৰ্শন কৰা কৰ্তব্যবোধ আৰু সাহসৰ বাবে ছালাৰিয়াক ভাৰত চৰকাৰে সৰ্বোচ্চ সামৰিক সন্মান পৰম বীৰ চক্ৰ প্ৰদান কৰে।