ভাৰতৰ মেঘালয় ৰাজ্যৰ গাৰো পাহাৰ অঞ্চলৰ অধিবাসীসকলৰ প্ৰধান ভাষা From Wikipedia, the free encyclopedia
গাৰো ভাষা বা মান্দি ভাষা এটি চীনা-তিব্বতি ভাষা। এই ভাষা ভাৰতৰ মেঘালয় ৰাজ্যৰ গাৰো পাহাৰ অঞ্চলৰ অধিবাসীসকলৰ প্ৰধান ভাষা। ই পাৰ্শ্বৱৰ্তী বাংলাদেশতো প্ৰচলিত। মেঘালয়ৰ প্ৰতিবেশী ৰাজ্য অসমত প্ৰচলিত বড়ো আৰু ৰাভা ভাষাৰ লগত ইয়াৰ ঘনিষ্ঠ সম্পৰ্ক আছে। গাৰো ভাষা লেটিন লিপিৰে লিখা হয়।
Garo (A•chikku) | |
---|---|
A•chikku | |
থলুৱা অঞ্চল | India and Bangladesh |
অঞ্চল | Meghalaya, Assam, Bangladesh |
জাতীয়তা | Garo |
স্থানীয় ভাষিক |
1,145,323 (2011)[1] |
ভাষা পৰিয়াল |
Sino-Tibetan
|
উপভাষা | *Am•beng
|
লিখন প্ৰণালী | Latin script Bengali-Assamese script A-Chik Tok'birim |
ভাষা সংকেত | |
ISO 639-3 | grt |
গ্লোটোলগ | garo1247 [2] |
গোত্ৰ ভেদে গাৰোসকলৰ মাজত বেলেগ বেলেগ উপভাষাৰ প্ৰচলন আছে। আচিক উপভাষাটো বাংলাদেশৰ টাঙ্গাইল, ময়মনসিংহ, শেৰপুৰ, নেত্ৰকোণা আৰু ভাৰতৰ মেঘালয় ৰাজ্যত বসবাস কৰা গাৰোসকলৰ মাতৃভাষা। সিহঁতৰ নিজস্ব ভাষাত 'আচিক' শব্দৰ অৰ্থ পাহাৰ। অন্যান্য উপভাষাৰ ভিতৰত আছে আবেং, আৱে, চিচাক, দাক্কা, গাঞ্চিং, কামৰূপ, মাতচি। বাংলাদেশত আবেং উপভাষাটিও প্ৰচলিত; এই উপভাষাৰ লগত কোঁচ ভাষাৰ মিল আছে। বাংলাদেশৰ গাৰোসকলে আবেং উপভাষাত কথা পাতিলেও আচিক উপভাষাতহে লিখে। আওয়ে উপভাষাটো অসমত প্ৰচলিত, কিন্তু ই এতিয়া বিলুপ্তিৰ পথত; ইয়াৰ গাৰোসকলে মান্য গাৰো ভাষাই ব্যৱহাৰ কৰে।
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.