From Wikipedia, the free encyclopedia
খাদৈচুক (ইংৰাজী: Khadoi chuck) অসমৰ শোণিতপুৰ জিলাৰ জামুগুৰিহাট অঞ্চলৰ এখন গাঁও। [1] জামুগুৰিহাটৰ কেন্দ্ৰ অংশৰ পৰা পশ্চিম দিশলৈ প্ৰায় ১.৫ কিলোমিটাৰ দূৰৈত এই গাঁওখন অৱস্থিত। বৃহত্তৰ ন-দুৱাৰ অঞ্চলৰ এই গাওঁখনৰ লোকসকল নাথ-যোগী সম্প্ৰদায়ৰ।
মূলতঃ জামুগুৰি-চকিঘাট সংযোগী পথৰ দুয়োপাৰে এই গাঁৱৰ বসতি বিস্তাৰিত হৈছে। মুখ্য পথৰপৰা এৰাবাৰী-চুটিয়ামৰ ফালে গাঁওখনৰ এটা অংশ ফাটি গৈছে। কিছুদূৰ পশ্চিমলৈ আগুৱাই আহি আন এটা অংশ উধৱৰা চুক গাঁৱৰ ফালে ফাটি গৈছে। এই পথৰ সোঁ-হাতে গাঁওখনৰ নামঘৰটো (26.721493°N 92.914789°E) আছে। পশ্চিম জামুগুৰিৰ দিশত গাঁওখনৰ পৰা আন এটা পথ হাটবৰ গাঁৱলৈ বুলি ফাটি গৈছে। এই অংশতে এটা এম/এছ এম বি পেট্ৰ’ল-ডিজেল ৰিফিল ষ্টেচন (26.720456°N 92.912246°E) আৰু এটা মন্দিৰ আছে।
আদিতে গাঁওখনৰ বসতি সেৰেঙা আছিল। কথিত তথ্য অনুসৰি এই গাৱঁত খাদৈ নামৰ এগৰাকী জ্যেষ্ঠ মহিলা আছিল, মানুহৰ মুখে-মুখে খাদৈ বুঢ়ীৰ চুক হিচাপে প্ৰচলিত হৈ পিছত তেওঁৰ নামেৰেই গাঁওখনৰ নাম খাদৈচুক হয়।[2]
গাঁওখনৰ সাক্ষৰতাৰ হাৰ ১০০ শতাংশ। স্বৰ্গীয় পূৰ্ণ নাথ শিক্ষক হিচাপে এই গাঁৱৰ প্ৰথমজন চৰকাৰী চাকৰিয়াল। জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক তিলক নাথ গাঁওখনৰ প্ৰথমজন স্নাতক। তেখেতৰ পত্নী অজন্তা নাথক অসম চৰকাৰে ২০২২চনৰ ২৭ জুন তাৰিখৰ চৰকাৰী আদেশৰ জৰিয়তে অসম লোকসেৱা আয়োগৰ পৰৱৰ্তী অধ্যক্ষ হিচাপে নিযুক্তি দিয়ে।[3] ড° নাথ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ৰ পৰিসংখ্যা বিভাগৰ প্ৰাক্তন অধ্যাপিকা আৰু অসম লোকসেৱা আয়োগত ২০১৮ চনৰ ১১ জুনৰ পৰা সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছিল। আনহাতে প্লাৱন নাথ গাঁওখনৰ প্ৰথমজন লোকসেৱা আয়োগৰ পৰীক্ষাত উৰ্ত্তীণ হোৱা ব্যক্তি। গাঁওখনত শৈক্ষিক আৰু বৌদ্ধিক অনুষ্ঠান হিচাপে এটা মইনাপাৰিজাত আছে। ইয়াৰোপৰি খাদৈ-উদ্ধবৰা-হাতবৰ মিলি তিনিখন গাঁৱৰ মাজত এটা ৰাজহুৱা পুথিভঁৰাল আছিল যদিওঁ বৰ্তমান এই পুথিভঁৰালৰ অস্তিত্ব নাই।
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.