কৰিমগঞ্জ জিলা
ভাৰতৰ অসম ৰাজ্যৰ এখন জিলা / From Wikipedia, the free encyclopedia
এই প্ৰবন্ধটো কৰিমগঞ্জ জিলাৰ বিষয়ে। সদৰ ঠাইৰ বাবে কৰিমগঞ্জ চাওক।
কৰিমগঞ্জ জিলা অসমৰ এখন প্ৰশাসনিক জিলা। ১৮৭৮ চনত কৰিমগঞ্জ নগৰক সদৰ হিচাপে লৈ তদানীন্তন ব্ৰিটিছ ভাৰতৰ নৱসংগঠিত অসম ৰাজ্যৰ ছিলেট জিলাৰ এটা মহকুমা হিচাপে কৰিমগঞ্জ মহকুমা গঠন কৰা হৈছিল। ১৯৪৭ চনত স্বাধীনতাৰ সময়ত হোৱা দেশ বিভাজনত ছিলেট জিলা পূৱ পাকিস্তান (বৰ্তমানৰ বাংলাদেশ)-লৈ হস্তান্তৰিত হয় যদিও সেইসময়ৰ অবিভক্ত কৰিমগঞ্জ মহকুমাৰ চাৰে তিনিখন থানাৰ অঞ্চলৰে গঠিত সংকুচিত কৰিমগঞ্জ মহকুমা ভাৰতৰ অসম ৰাজ্যৰ কাছাৰ জিলাৰ এক মহকুমা হিচাপে অন্তৰ্ভুক্ত হয়। এই অঞ্চল কেইটা আছিল: ৰাতাবাৰী থানা, পাথাৰকান্দি থানা, বদৰপুৰ থানা আৰু কৰিমগঞ্জ থানাৰ আধা অঞ্চল। ১৯৮৩ চনৰ ১ জুলাই তাৰিখৰ পৰা অসম চৰকাৰে কৰিমগঞ্জ মহকুমাক পূৰ্ণপৰ্যায়ৰ জিলাৰ স্বীকৃতি দিয়ে।
ক্ষিপ্ৰ তথ্য কৰিমগঞ্জ জিলা, দেশ ...
কৰিমগঞ্জ জিলা | |
---|---|
— অসমৰ জিলা — | |
অসমত কৰিমগঞ্জৰ অৱস্থান | |
দেশ | ভাৰত |
ৰাজ্য | অসম |
প্ৰশাসনিক বিভাগ | বৰাক উপত্যকা |
স্থাপিত | ১ জুলাই ১৯৮৩ (1983-07-01) |
সদৰ | কৰিমগঞ্জ |
মহকুমা | কৰিমগঞ্জ, পাথাৰকান্দি, ৰামকৃষ্ণ নগৰ |
চৰকাৰ | |
- লোকসভা সমষ্টি | কৰিমগঞ্জ |
- বিধানসভা সমষ্টি | ৰাতাবাৰী (১), পাথাৰকান্দি (২), কৰিমগঞ্জ উত্তৰ (৩), কৰিমগঞ্জ দক্ষিণ (৪), বদৰপুৰ (৫) |
মাটিকালি | |
- মুঠ | ১,৮০৯ কি.মি.২ (৬৯৮.৫ বৰ্গ মাইল) |
জনসংখ্যা (২০১১)[1] | |
- মুঠ | ১২,২৮,৬৮৬ জন |
- জনঘনত্ব | ৬৭৯.২ প্ৰতি বৰ্গ কি.মি. (১,৭৫৯.১ প্ৰতি বৰ্গ মাইল) |
জনসংখ্যাৰ তথ্য | |
- সাক্ষৰতা হাৰ | ৭৯.৭২% |
- লিংগ অনুপাত | ৯৬১ |
সময় অঞ্চল | ভা.মা.স. (গ্ৰী.মা.স.+০৫:৩০) |
স্থানাঙ্ক | 24.8667°N 92.3500°E / 24.8667; 92.3500 |
ৱেবছাইট | আনুষ্ঠানিক ৱেবছাইট |
বন্ধ কৰক