এবিধ জলচৰ চৰাই From Wikipedia, the free encyclopedia
কৈলাঙী[2](ইংৰাজী: Indian Cormorant, বৈজ্ঞানিক নাম-Phalacrocorax fuscicollis) পানীকাউৰীৰ পৰিয়ালৰ অন্তৰ্ভুক্ত এবিধ জলচৰ চৰাই৷ ই প্ৰধানতঃ ভাৰতীয় উপমহাদেশ, থাইলেণ্ড তথা কম্বোডিয়া আদিত বিস্তৃত হৈ আছে৷ ই সাধাৰণতে জাক পাতি বাস কৰে৷ ইয়াক দেখাত একেধৰণৰ অন্য এবিধ প্ৰজাতি, পানীকাউৰীৰ পৰা চকুৰ নীলাবৰণ, সৰু মূৰ তথা দীঘল ঠেক ঠোঁটৰ মোকোটা খোৱা আগটো (hooked tip)ৰে পৃথক কৰিব পৰা যায়৷
কৈলাঙী (Indian Cormorant) | |
---|---|
কলকাতাত প্ৰজনন কালত এটা কৈলাঙী চৰাই | |
সংৰক্ষণ স্থিতি | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
ৰাজ্য: | Animalia |
পৰ্ব: | Chordata |
শ্ৰেণী: | Aves |
বৰ্গ: | Suliformes |
পৰিয়াল: | Phalacrocoracidae |
গণ: | Phalacrocorax |
প্ৰজাতি: | P. fuscicollis |
বৈজ্ঞানিক নাম | |
Phalacrocorax fuscicollis Stephens, 1826 |
কৈলাঙী দেহৰ আকাৰ মজলীয়া৷ ইয়াৰ মূৰত মুকুট নাথাকে আৰু মূৰ তুলনামূলকভাৱে সৰু হয়৷ ঠোঁট ঠেক দীঘলীয়া আৰু আগটো মোকোট খোৱা (hooked) হোৱা দেখা যায়৷ ইয়াৰ চকু নীল বৰণীয়া, মুখত প্ৰজনন নোহোৱা কালত হালধীয়া দাগ থাকে৷ কিছুমানৰ ডিঙিত বগা দাগ থকা দেখা যায় ৷ মতা-মাইকী উভয়ৰে বাহ্যিক গঠন একে হয়৷ অৱশ্যে প্ৰজনন নকৰা পূৰ্ণবয়স্ক কৈলাঙী আৰু পোৱালিবোৰ দেখাত মটীয়া হোৱা দেখা যায়৷ [3]
কৈলাঙী প্ৰধানতঃ ভাৰত তথা শ্ৰীলংকাৰ বৃহৎ জলাশয়সমূহত দেখা পোৱা যায়৷ তাৰোপৰি ই সাগৰৰ দাঁতিকাষৰীয়া অঞ্চল সমূহতো জাকপাতি চৰে৷[3] ই অসম, থাইলেণ্ড, বাৰ্মা তথা কম্বোডিয়াতো বিস্তৃত হৈ আছে৷ [4][5][6][7]
কৈলাঙীয়ে সাধাৰণতে পানীৰ পৰা মাছ চিকাৰ কৰি খায়৷ ই প্ৰায়ে জাকপাতি মাছৰ চিকাৰ কৰা দেখা যায়৷[4]
কৈলাঙীৰ প্ৰজনন কাল সাধাৰণতে জুলাইৰ পৰা ফেব্ৰুৱাৰীলৈ৷ অৱশ্যে বৰষুণৰ তাৰতম্যৰ ওপৰত ভিত্তি কৰি ই ঠাইভেদে বেলেগ বেলেগ হোৱাও দেখা যায়৷ উত্তৰ ভাৰতত ই জুলাইৰ পৰা ফেব্ৰুৱাৰীলৈ আৰু শ্ৰীলংকাত নৱেম্বৰৰ পৰা ফেব্ৰুৱাৰীলৈ প্ৰজনন কৰে বুলি জনা যায়৷ ইয়াৰ বাহটো পানীৰ আশেপাশে থকা গছত ডাল-পাতেৰে সাজে৷ এবাৰত প্ৰায় ৩-৫ টালৈ কণী পাৰে৷ কণীবোৰৰ ৰং নীল-সেউজীয়া হয়৷[4]
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.