![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/0/0b/Asian_Koel_%2528Male%2529_I_IMG_8190.jpg/640px-Asian_Koel_%2528Male%2529_I_IMG_8190.jpg&w=640&q=50)
কুলি
From Wikipedia, the free encyclopedia
কুলি চৰাই (ইংৰাজী: Asian Koel, বৈজ্ঞানিক নাম : Eudynamys scolopaceus) ([3][4]) কুকুলিফৰমিছ (Cuculiformes) বৰ্গৰ অন্তৰ্ভুক্ত এবিধ চৰাইৰ প্ৰজাতি। এই চৰাইবিধ দক্ষিণ এছিয়া, চীন আৰু দক্ষিণ-পূব এছিয়া ত পোৱা যায়। এই বিধ চৰায়ে কাউৰীৰ বাহত কণী পাৰি পোৱালি ডাঙৰ কৰে। পূৰ্ণবয়স্ক কুলি চৰায় প্ৰধানত: ফল-মূল খায়। [5] কুলি চৰাইৰ মধুৰ কণ্ঠৰ বাবে বিভিন্ন ভাষা-সাহিত্যত এক গুৰুত্বপূৰ্ণ স্থান দখল কৰি আছে।
ক্ষিপ্ৰ তথ্য কুলি Asian Koel, সংৰক্ষণ স্থিতি ...
কুলি Asian Koel | |
---|---|
![]() | |
Female (nominate race) | |
![]() | |
Male (nominate race) | |
সংৰক্ষণ স্থিতি | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
জগৎ/ৰাজ্য: | Animalia |
পৰ্ব: | Chordata |
শ্ৰেণী: | Aves |
বৰ্গ: | Cuculiformes |
পৰিয়াল: | Cuculidae |
গণ: | Eudynamys |
প্ৰজাতি: | E. scolopaceus |
বৈজ্ঞানিক নাম | |
Eudynamys scolopaceus (Linnaeus, 1758) | |
![]() | |
কুলি চৰাইৰ বিতৰণ (ক’লা অংশ)[2] | |
সমাৰ্থক | |
Cuculus scolopaceus |
বন্ধ কৰক