কামাখ্যা মন্দিৰ
ভাৰতৰ অসম ৰাজ্যত অৱস্থিত মন্দিৰ / From Wikipedia, the free encyclopedia
কামাখ্যা মন্দিৰ (ইংৰাজী: Kamakhya Temple) হৈছে অসমৰ গুৱাহাটীত অৱস্থিত হিন্দু ধৰ্মৰ এক প্ৰাচীন মন্দিৰ। গোটেই ভাৰততে ব্যাপ্ত হৈ থকা মুঠ ৫১খন দেৱীপীঠৰ মাজৰ অন্যতম গুৰুত্বপূৰ্ণ পীঠ এই কামাখ্যা মন্দিৰ।[1] নীলাচল পাহাৰত অৱস্থিত কামাখ্যা দেৱীৰ এই মন্দিৰকেই অসমৰ সবাতোকৈ প্ৰসিদ্ধ আৰু প্ৰভাৱশালী মন্দিৰ বুলি ভবা হয়। অতি প্ৰাচীন কালৰে পৰাই অসমৰ ইতিহাসৰ ৰাজনৈতিক আৰু ধাৰ্মিক দুয়ো দিশতে শক্তি উপাসনাৰ কেন্দ্ৰস্থল কামাখ্যাই অতিশয় গুৰুত্বপুৰ্ণ প্ৰভাৱ বিস্তাৰ কৰি আহিছে। কামাখ্যা মন্দিৰৰ নিৰ্মাণকৰ্তা হিচাপে প্ৰবাদ অনুসৰি নৰকাসুৰ আৰু ইতিহাস অনুসৰি কোচ নৃপতি মহাৰাজ বিশ্বসিংহ, তেওঁৰ পুত্ৰ নৰনাৰায়ণ আৰু চিলাৰায়ৰ কথা জনা যায়। মন্দিৰৰ শেষৰ অংশ ( নৃত্য-মণ্ডপ) আহোম স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ দিনত সংযোজন কৰা হয়। ইয়াত আহোম ড্ৰেগন ঙি ঙাও খামৰ ভাস্কৰ্যও দেখা যায়।[2]
এই প্ৰবন্ধটোত কোনো কোনো স্থানত তথ্যসূত্ৰ বা প্ৰসংগৰ উল্লেখ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎস দেখুৱাই এই প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। বিশ্বাসযোগ্য তথ্য উৎসৰ উল্লেখ নথকা প্ৰবন্ধৰ বিশ্বাসযোগ্যতা কমে আৰু অনেক ক্ষেত্ৰত ই ইয়াক বিশ্বাস কৰি লোৱা পঢ়ুৱৈৰ ক্ষতি সাধনো কৰিব পাৰে। সেয়ে তথ্য-উৎসৰ উল্লেখ নথকা প্ৰবন্ধক প্ৰত্যাহ্বান জনোৱা হ'ব পাৰে। আনহাতে পঢ়ুৱৈসকলেও প্ৰবন্ধটোত য’ত প্ৰয়োজন যেন দেখে সেই বাক্যৰ পাছত {{উদ্ধৃতিৰ প্ৰয়োজন}} বুলি লিখি ৰাখিও ৱিকিপিডিয়াত উৎসৰ উল্লেখৰ ক্ষেত্ৰত ৰাইজক সজাগ কৰিব পাৰে। |
কামাখ্যা মন্দিৰ | |
---|---|
কামাখ্যা মন্দিৰ, গুৱাহাটী | |
ভূ-স্থানাংক | 26.16°N 91.78°E / 26.16; 91.78 |
নাম | |
অন্য নাম | মা কামাখ্যা |
স্থান | |
দেশ | ভাৰত |
ৰাজ্য/ অঞ্চল | অসম |
জিলা | কামৰূপ মহানগৰ |
এলেকা | কামাখ্যা |
স্থাপত্য আৰু সংস্কৃতি | |
মুখ্য দেৱ/ দেৱী | শক্তি |
প্ৰধান উৎসৱ | অম্বুবাচী, দুৰ্গাপূজা |
স্থাপত্য শৈলী | নীলাচল স্থাপত্যশৈলী |
ইতিহাস | |
নিৰ্মাণকাল (বৰ্তমান গৃহ) |
১৫৬৫ |
প্ৰতিস্থাপক | প্ৰবাদ অনুসৰি নৰকাসুৰ, ইতিহাস অনুসৰি কোচ ৰজা বিশ্বসিংহ আৰু শেহতীয়াকৈ কোঁচ ৰজা নৰনাৰায়ণ আৰু চিলাৰায়ে পুনৰনিৰ্মাণ কৰিছিল। |
ৱেবছাইট | www.kamakhyatemple.org |