কাবাডী
From Wikipedia, the free encyclopedia
কাবাডী ভাৰতবৰ্ষৰ অন্যতম জনপ্ৰিয় খেল। বৰ্তমানে কাবাডী আন্তৰ্জাতিকভাৱেও খেলা হয়। এই খেল সাধাৰণতে কিশোৰৰ পৰা প্ৰাপ্তবয়স্ক সকলো ল’ৰা-ছোৱালী, পুৰুষ মহিলা উভয়ে খেলিব পাৰে। কাবাডী বাংলাদেশৰ জাতীয় খেল। বাংলাদেশ স্বাধীন হোৱাৰ পিছত বাংলাদেশত কাবাডী ফেডাৰেশ্যন গঠিত হয়। পূৰ্বে কেৱল মাত্ৰ গাঁৱত প্ৰচলিত এই কাবাডী খেলৰ প্ৰচলন দেখা গ’লেও বৰ্তমান পৃথিৱীৰ সকলো ঠাইতে কাবাডী খেলা প্ৰচলন হৈছে। ১৯৭৮ চনত ভাৰত, বাংলাদেশ, নেপাল, শ্ৰীলংকা আৰু বাৰ্মাৰ প্ৰতিনিধিৰ উপস্থিতিত এছিয়ান কাবাডী ফেডাৰেশ্যন গঠিত হয়। ১৯৮০ চনৰ ফেব্ৰুৱাৰী মাহত কলকতাত প্ৰথম এছিয়ান কাবাডী প্ৰতিযোগিতা অনুষ্ঠিত হয়।
ক্ষিপ্ৰ তথ্য বৈশিষ্ট্য, সংস্পৰ্শ ...
![]() কাবাডী খেলৰ দৃশ্য | |
বৈশিষ্ট্য | |
---|---|
সংস্পৰ্শ | সম্পূৰ্ণ সংস্পৰ্শ |
দলৰ সদস্য | ৭ জন, অতিৰিক্ত মিলি মুঠ ১২ জন[1] |
বৰ্গীকৰণ | দলীয় ক্ৰীড়া |
উপকৰণ | খালি হাত |
খেলৰ স্থান | ইনড'ৰ, আউটড'ৰ |
দেশ বা অঞ্চল | ভাৰত, বাংলাদেশ, পাকিস্তান, ইৰাণ, নেপাল, মালায়েছিয়া, দক্ষিণ কোৰিয়া, থাইলেণ্ড, কানাডা আদি |
বন্ধ কৰক