কল্পনা চাওলা
From Wikipedia, the free encyclopedia
কল্পনা চাওলা (ইংৰাজী: Kalpana Chawla; ১৭ মাৰ্চ, ১৯৬২ – ১ ফেব্ৰুৱাৰী, ২০০৩) এগৰাকী আমেৰিকান মহাকাশচাৰী তথা মহাকাশলৈ যোৱা ভাৰতীয় মূলৰ প্ৰথম মহিলা।[2][3] ১৯৯১ চনৰ এপ্ৰিল মাহত কল্পনা চাওলাই আমেৰিকান নাগৰিক হিচাপে স্বীকৃতি লাভ কৰে।[4] ১৯৯৭ চনত এগৰাকী অভিযান বিশেষজ্ঞ আৰু মুখ্য ৰ'বটিক আৰ্ম অপাৰেটৰ হিচাপে স্পেছ শ্বাটল্ কলম্বিয়াত কল্পনা চাওলাই প্ৰথম মহাকাশ যাত্ৰা আৰম্ভ কৰে। ২০০৩ চনৰ ১ ফেব্ৰুৱাৰী তাৰিখে স্পেছ শ্বাটল্ কলম্বিয়া পৃথিৱীৰ বায়ুমণ্ডলত পুনঃ প্ৰৱেশ কৰাৰ সময়ছোৱাতেই মহাকাশ যানখন ধ্বংসপ্ৰাপ্ত হৈ ছয়জন মহাকাশচাৰীসহ কল্পনা চাওলাৰ মৃত্যু হয়।[1] মৰণোত্তৰভাৱে কল্পনা চাওলাক কংগ্ৰেছনেল স্পেছ মেডেল অৱ অন'ৰ, নাছাৰ মহাকাশ উৰণ পদক আৰু নাছাৰ বিশিষ্ট সেৱা পদক প্ৰদান কৰা হৈছে।[5] ইয়াৰোপৰি তেওঁৰ সন্মানাৰ্থে ভালেমান পথ, বিশ্ববিদ্যালয় আৰু প্ৰতিষ্ঠান তেওঁৰ নামেৰে নামকৰণ কৰা হৈছে।[6][7][8]
কল্পনা চাওলা | |
---|---|
জন্ম | ১৭ মাৰ্চ, ১৯৬২ কৰ্নাল, পূব পঞ্জাব, ভাৰত (বৰ্তমানৰ হাৰিয়ানা, ভাৰত) |
মৃত্যু | ১ ফেব্ৰুৱাৰী, ২০০৩ (৪০ বছৰ) |
শিক্ষানুষ্ঠান | পঞ্জাব অভিযান্ত্ৰিক মহাবিদ্যালয় ইউনিভাৰ্ছিটি অৱ টেক্সাছ এট্ আৰ্লিংটন ইউনিভাৰ্ছিটি অৱ ক'ল'ৰাড’ বোল্ডাৰ |
মহাকাশত কটোৱা সময় | ৩১ দিন, ১৪ ঘণ্টা, ৫৪ মিনিট[1] |
নিৰ্বাচন | ১৯৯৪ নাছা গোট |
অভিযান | STS-87, STS-107 |
অভিযানৰ প্ৰতীক | |
বঁটা |