কমিক্ছ
মূলত: ছবি আৰু লেখাৰ এটা সংকৰ মাধ্যম / From Wikipedia, the free encyclopedia
কমিক্চ বা কমিক্ছ (ইংৰাজী: Comics; মূল গ্ৰীক ভাষা κωμικός, kōmikos "কমেডিৰ লগত জড়িত", মূল শব্দ κῶμος - kōmos "revel, komos",[1] via the Latin cōmicus) মূলত: ছবি আৰু লেখাৰ এটা সংকৰ মাধ্যম। এই ছবিবোৰ এটা ক্ৰমত সজোৱা হয় যাতে ই ক'বলগীয়াখিনি পাঠকৰ আগত উপস্থাপন কৰিব পাৰে। ছবিয়েই কমিক্চৰ মূল উপাদান। লিখিত উপাদান অবিহনেও কমিক্চ হ'ব পাৰে। সাধাৰণতে লিখিত অংশই ছবিৰ কথাক প্ৰাঞ্জলকৈ ডাঙি ধৰে। কেতিয়াবা অৱশ্যে লিখিত অংশই নতুন মন্তব্যও দাঙি ধৰিব পাৰে। [2] প্ৰথম অৱস্থাত ঘাইকৈ এই মাধ্যমত ঘাইলৈ ধেমেলীয়া কথা উপস্থাপন কৰা হৈছিল বাবেই ইয়াক কমিক্চ বোলা হৈছিল। সেই সময়ত ইয়াৰ বাহিৰেও আন ধেমেলীয়া ক্ষেত্ৰতো কমিক্চ শব্দটো ব্যৱহাৰ কৰা হৈছিল। কমিক্চ মূলত: ক্ৰমাগত ভাৱে সজ্জিত ছবি। ছবি আৰু লিখা দু্য়োটাই থাকিলেও ছবিৰ প্ৰাধান্য লিখা অংশতকৈ বেছি। ছবি থকা কিতাপ (Picture Book) আৰু কমিক্চৰ মাজত পাৰ্থক্য মূলত: ছবিৰ ক্ৰমৰ বিন্যাসত। কিছুমানৰ মতে কমিক্চৰ সংজ্ঞা তাৰ সামাজিক দৃষ্টিকোণৰ ওপৰত নিৰ্ভৰ কৰে।[3].