ওমান
From Wikipedia, the free encyclopedia
ওমান (আৰবী: سلطنة عُمان সাল্ত্বানাৎ উমান [sʌltˤʌnʌt ʕʊmaːn]) আৰৱ উপদ্বীপৰ দক্ষিণ-পূব কোণত অৱস্থিত ৰাষ্ট্ৰ। ওমান এখন মৰুময় দেশ। ইয়াৰ সুউচ্চ পৰ্বতমালাৰ ঠিক কাষতেই উজ্জ্বল শুভ্ৰ বালিৰ সমুদ্ৰ সৈকত আছে। ইয়াত সংখ্যালঘু মুছলমান গোত্ৰ ইবাদি জাতিৰ লোকসকলে বাস কৰে। ইহঁত চিয়া আৰু চুন্নী সম্প্ৰদায়তকৈ পৃথক। বহু শতাব্দী ধৰি ওমান ভাৰত মহাসাগৰীয় বাণিজ্যৰ এটি অন্যতম কেন্দ্ৰ আছিল। ১৭শ ৰ পৰা ১৯শ শতিকা পৰ্যন্ত ই এটি ঔপনিবেশিক শক্তি আছিল। ওমানৰ ৰজা চুলতান উপাধি ব্যৱহাৰ কৰে আৰু দেশখনৰ চৰকাৰী নাম ওমান চুলতানাত।
চুলতানাত ওমান سلطنة عُمان Salṭanat ʻUmān |
||||||
---|---|---|---|---|---|---|
ৰাষ্ট্ৰীয় সঙ্গীত نشيد السلام السلطاني "As-Salam as-Sultani" "আচলাম এছ চুলতানী" |
||||||
আৰৱ উপদ্বীপত ওমানৰ অৱস্থান (গাঢ় সেউজীয়া) )
|
||||||
ৰাজধানী (আৰু বৃহত্তম নগৰ) | মস্কত 23°36′N 58°33′E | |||||
ৰাষ্ট্ৰভাষা (সমূহ) | আৰৱী ভাষা | |||||
জাতীয়তাসূচক বিশেষণ | ওমানী | |||||
চৰকাৰ | একক সংসদীয় সম্পূৰ্ণ সম্ৰাজ্যবাদ | |||||
- | চুলতান | কাবুছ বিন চাইড আল চাইড | ||||
- | প্ৰধানমন্ত্ৰী | ফাহদ বিন মহম্মদ আল চাইড[1] | ||||
প্ৰতিষ্ঠাকাল | ||||||
- | অজদ জনজাতিৰ প্ৰব্ৰজন | ১৩০ | ||||
- | আল জুলন্দা | ৬২৯ | ||||
- | Imamate established[2] | ৭৫১ | ||||
- | নাভানি সম্ৰাজ্য | ১১৪৫ | ||||
- | য়াৰোবা সম্ৰাজ্য | ১৬২৪ | ||||
- | হাউচ অফ আল চাইড | ১৭৪৪ | ||||
মাটিকালি | ||||||
- | মুঠ | ৩,০৯,৫০০ বৰ্গ কিমি (৭০তম) ১,১৯,৪৯৮ বৰ্গ মাইল |
||||
- | জলভাগ (%) | নামমাত্ৰ | ||||
জনসংখ্যা | ||||||
- | ২০১০ আনুমানিক | ৪৪,৪১,৪৪৮'"`UNIQ--ref-০০০০০০০২-QINU`"' (১৩৫তম) | ||||
- | ২০১০ লোকপিয়ল | ২৭,৭৩,৪৭৯'"`UNIQ--ref-০০০০০০০৩-QINU`"' | ||||
জিডিপি (পিপিপি) | ২০১৬ আনুমানিক | |||||
- | মুঠ | $১৭৬.২১১ বিলিয়ন[3] | ||||
- | জনমুৰি | $৪৪,৫৩০[3] | ||||
জিডিপি (নামমাত্ৰ) | ২০১৬ আনুমানিক | |||||
- | মুঠ | $৫১.৬৭৯ বিলিয়ন[3] | ||||
- | জনমুৰি | $২০,০৫৯[3] | ||||
মানৱ উন্নয়ন সূচক (২০১৪) | ০.৭৯৩ (৫২তম) | |||||
মুদ্ৰা | ওমানী ৰিয়াল (OMR ) |
|||||
সময় অঞ্চল | (ইউটিচি+৪) | |||||
গাড়ী চলোৱা হয় | সোঁফালে | |||||
ইণ্টাৰনেট টিএলডি | .om, عمان. | |||||
কলিং ক'ড | +৯৬৮ |
ওমানৰ পশ্চিমে য়েমেন, চৌদি আৰৱ আৰু সংযুক্ত আৰৱ আমিৰাত, পূবে আৰৱ সাগৰ, উত্তৰে ওমান উপসাগৰ অৱস্থিত। ওমানৰ আটাইতকৈ উত্তৰৰ অংশ মুছান্দাম উপদ্বীপ হাৰ্মুছ প্ৰণালীৰ দক্ষিণ পাৰ গঠন কৰিছে। পাৰস্য উপসাগৰত ওমানৰ কিছু কিলোমিটাৰ উপকূলীয় ৰেখা আছে। মস্কত ওমানৰ ৰাজধানী আৰু বৃহত্তম নগৰ।