![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/2/28/2014_%25C4%25B0stanbul_LGBT_Pride_%252838%2529.jpg/640px-2014_%25C4%25B0stanbul_LGBT_Pride_%252838%2529.jpg&w=640&q=50)
এলজিবিটি
লেচবিয়ান, গে', উভকামী আৰু ৰূপান্তৰিত লিংগ / From Wikipedia, the free encyclopedia
এলজিবিটি (LGBT) হ'ল এলজিবিটি সমাজৰ আৰু পৰা অহা এটা সংক্ষিপ্ত শব্দ (acronym) যি সংখ্যালঘু ৰোমাণ্টিক অভিমুখিতা,যৌন অভিমুখিতা (লেছবিয়ান, গে' ,বাইচেক্সুৱেল) আৰু পৃথক লিংগ পৰিচয় (ট্ৰান্সজেণ্ডাৰ)ক প্ৰতিনিধিত্ব কৰে। শব্দটো ইংৰাজী ভাষাৰ পৰা বিংশ শতিকাত অহা। ভিন্ন সময়ত ভিন্ন সংখ্যালঘু সমাজে নিজৰ শব্দসমূহ যোগদান কৰি এলজিবিটি শব্দটো ভিন্ন প্ৰকাৰত ক্ৰমবিকাশ কৰি আহিছে। ১৯৯০ৰ দশকৰ পৰা এই সংক্ষিপ্ত শব্দটো পূৰ্বৰ "গে' কমিউনিটি" (Gay Community)-ৰ সংজ্ঞাবাচক নাম হিচাপে ব্যৱহৃত হৈ আহিছে। যি গে' সকলক উপস্থাপন কৰিছিল। কিন্তু পৰৱৰ্তী কালত ইয়াক বাইচেক্সুৱেল আৰু লেছবিয়ান সকলে পৰ্যাপ্ত বুলি অনুভৱ নকৰি এলজিবি (LGB) বুলি কৰি তোলে। সময়ত ইয়াৰ লগত ট্ৰান্সজেণ্ডাৰ সংযোগ কৰি এলজিবিটি কৰি তোলা হয় যি বৰ্তমান সময়ত ভিন্ন দেশত ভিন্ন ক্ৰমত এলজিবিটি বা জিএলবিটি বুলি ব্যৱহাৰ হৈ আহিছে।[1]
![](http://upload.wikimedia.org/wikipedia/commons/thumb/2/28/2014_%C4%B0stanbul_LGBT_Pride_%2838%29.jpg/640px-2014_%C4%B0stanbul_LGBT_Pride_%2838%29.jpg)
বিগত কিছু বছৰত অন্যান্য সমাজ সমূহেও এলজিবিটি সমাজৰ সৈতে যোগদান কৰি নামটো আৰু অধিক দীঘলীয়া কৰা দেখা গৈছে। যিদৰে কুইয়াৰ সকলে এলজিবিটিকিউ (LGBTQ), ইণ্টাৰচেক্স সকলে এলজিবিটিআই (LGBTI) আৰু এচেক্সুৱেল সকলে এলজিবিটিএ (LGBTA) হিচাপে দাবী কৰি আহিছে।[2] অন্যহাতে ট্ৰেন্সজেণ্ডাৰ উপৰিও ট্ৰান্সচেক্সুৱেল সকলে এলজিবিটি+ (LGBT+) বুলি দাবী কৰি আহিছে। এনেবোৰ কাৰণতে বৰ্তমান এলজিবিটি শব্দটোৱে কেৱল লেছবিয়ান, গে', বাইচেক্সুৱেল আৰু ট্ৰান্সজেণ্ডাৰ সলনি সকলোকে সামৰি ব্যৱহাৰ কৰা হৈছে। যদিও বহুতো ট্ৰান্সচেক্সুৱেল লোককে ধৰি অন্য সমাজ সমূহে গে', বাইচেক্সুৱেল আৰু লেছবিয়ান সকলক পৃথক অনুভৱ কৰিছে।[3] যিহেতু গে', বাইচেক্সুৱেল আৰু লেছবিয়ান সকল অন্য ট্ৰান্সসমাজ সমূহৰদৰে পৃথক লিংগৰ দৰে অনুভৱ নকৰে আৰু নিজৰ মাত্ৰ একে লিংগৰ লগত প্ৰেম আৰু আকৰ্ষণ হে অনুভৱ কৰে।[4] কিন্তু বৰ্তমান সময়ত এলজিবিটি শব্দটোৱে প্ৰচাৰ মাধ্যমত ব্যৱহাৰ কৰা হৈছে।