ইণ্ডিয়ান প্ৰীমিয়াৰ লীগ
ভাৰতত প্ৰতি বছৰে অনুষ্ঠিত হোৱা ফ্ৰেঞ্চাইজি টি২০ ক্ৰিকেট লীগ / From Wikipedia, the free encyclopedia
ইণ্ডিয়ান প্ৰীমিয়াৰ লীগ (আই পি এল) হৈছে ভাৰতত অনুষ্ঠিত হোৱা এখন পেছাদাৰী টুৱেণ্টী২০ ক্ৰিকেট লীগ। মুম্বাইত মুখ্য কাৰ্যালয়স্থিত ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ড (বি চি চি আই) আৰু ললিত মোদীয়ে এই লীগৰ সূচনা কৰিছিল।[3][4] মোদী এই লীগৰ প্ৰথম মুৰব্বী আৰু আয়ুক্ত আছিল। বি চি চি আইৰ উপাধ্যক্ষ ৰাজীৱ শুক্লা বৰ্তমান এই প্ৰতিযোগিতাৰ মুৰব্বী আৰু আয়ুক্ত[5] ক্ৰিকেট বিশ্বৰ সকলো দেশৰে খেলুৱৈৰে সমৃদ্ধ এই প্ৰতিযোগিতাৰ বৰ্তমান দলৰ সংখ্যা ৯টা। বি চি চি আই আৰু ইণ্ডিয়ান ক্ৰিকেট লীগৰ মাজত হোৱা তৰ্ক-বিতৰ্কৰ পাছত এই লীগৰ সূচনা হৈছিল।[6]
ইণ্ডিয়ান প্ৰীমিয়াৰ লীগ | |
---|---|
দেশ | ভাৰত |
প্ৰসাশক | ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ড (বি চি চি আই) |
ধৰণ | টুৱেণ্টি২০ |
প্ৰথম প্ৰতিযোগিতা | ২০০৮ |
শেষ প্ৰতিযোগিতা | ২০২০ |
পৰৱৰ্তী প্ৰতিযোগিতা | ২০২১ |
প্ৰতিযোগিতাৰ ধৰণ | ৰাউণ্ড ৰ’বিন টুৰ্ণামেণ্ট আৰু প্লে’ অফ |
দল সংখ্যা | ৯ |
বৰ্তমানৰ চেম্পিয়ন | কলকাতা নাইট ৰাইডাৰ্ছ (প্ৰথম খিতাপ) |
সৰ্বাধিক সফল | চেন্নাই ছুপাৰ কিংছ (২টা খিতাপ) |
যোগ্যতা | চেম্পিয়ন্ছ লীগ টুৱেণ্টি২০ |
সৰ্বাধিক ৰাণ | সুৰেশ ৰাইনা (২২৫৪,চেন্নাই ছুপাৰ কিংছ)[1] |
সৰ্বাধিক ৱিকেট | লাচিথ মালিংগা (৮৩, মুম্বাই ইণ্ডিয়ান্ছ)[2] |
ৱেবচাইট | iplt20.com |
ইণ্ডিয়ান প্ৰীমিয়াৰ লীগ ২০১৩ |
২০১০ চনত আই পি এল হৈ পৰে ইউটিউবযোগে লাইভ সম্প্ৰচাৰিত হোৱা প্ৰথম কোনো ক্ৰীড়া প্ৰতিযোগিতা।[7] পঞ্চম বৰ্ষত ইয়াৰ আনুমানিক ব্ৰাণ্ড মূল্য আছিল প্ৰায় US$ ২.৯৯ বিলিয়ন।[8] অৱশ্যে এই লীগক লৈ জুৱা, ক'লা ধনৰ ব্যৱহাৰ, স্পট ফিক্সিঙকে আদি কৰি বহুখিনি বিতৰ্ক ইতিমধ্যে হৈছে।[9][10]
এই প্ৰীমিয়াৰ লীগ টুৱেণ্টী২০ ক্ৰিকেটৰ (২০ অ'ভাৰৰ ক্ৰিকেট) শ্ব'কেছ হিচাপে বিবেচিত হৈ আহিছে। শীৰ্ষস্থানীয় ভাৰতীয় আৰু আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটাৰসকলে একেলগে বিশ্বৰ এই সবাতোকৈ চহকী ক্ৰিকেট লীগ আই পি এল Archived 2013-04-03 at the Wayback Machine-ত অংশগ্ৰহণ কৰে।[11]
২০১২ চনত এই প্ৰতিযোগিতাৰ শিৰোনাম স্পনছৰ কৰে পেপছিয়ে।[12] পেপছিয়ে ₹৩৯৬.৮ কোটিৰ ডাকেৰে এয়াৰটেলক হৰুৱাই এই সুবিধা লাভ কৰে।[13]