ইউৰো
From Wikipedia, the free encyclopedia
ইউৰো (চিহ্ন: €; কোড: EUR) হৈছে ইউৰোপিয়ান ইউনিয়নৰ ২৮খন সদস্য ৰাষ্ট্ৰৰ ১৯ খনেৰে গঠিত ইউৰোমণ্ডলৰ আনুষ্ঠানিক মুদ্ৰা। ইউৰোমণ্ডলৰ অন্তৰ্গত দেশসমূহ হৈছে অষ্ট্ৰিয়া, বেলজিয়াম, চাইপ্ৰাছ, এষ্ট’নিয়া, ফিনলেণ্ড, ফ্ৰান্স, জাৰ্মানী, গ্ৰীচ, আয়াৰলেণ্ড, ইটালী, লেটভিয়া, লিথুৱেনিয়া, লাক্সেমবাৰ্গ, মালটা,নেদাৰলেণ্ড, পৰ্তুগাল, স্ল’ভাকিয়া, স্ল’ভেনিয়া, আৰু স্পেইন.[3][4] ইউৰোপিয়ান ইউনিয়নৰ বিভিন্ন সংগঠনসমূহৰ লগতে আন চাৰিখন ইউৰোপিয়ান দেশেও আনুষ্ঠানিকভাৱে ইউৰোৰ ব্যৱহাৰ কৰে।[5] ইউৰোপৰ বাহিৰে ইউনিয়নৰ সদস্য ৰাষ্ট্ৰৰ শাসনাধীন অঞ্চলবিশেষে ইউৰোৰ প্ৰচলন আছে।
ইউৰো | |||
---|---|---|---|
| |||
ISO 4217 ক’ড | EUR (num. 978) | ||
কেন্দ্ৰীয় বেঙ্ক | ইউৰোপিয়ান চেণ্ট্ৰেল বেংক | ||
ৱেবছাইট | [http://www | ||
ব্যৱহাৰকাৰী | ইউৰোমণ্ডল (১৯) মুদ্ৰা চুক্তি (৯)
| ||
মুদ্ৰাস্ফীতি | -০.৬% (জানুৱাৰী ২০১৫) | ||
উৎস | জানুৱাৰী ২০১৪[1] | ||
পদ্ধতি | HICP | ||
বিনিময় হাৰ | সংযুক্ত মুদ্ৰাসমূহ
| ||
উপ একক | |||
১⁄১০০ | চেণ্ট | ||
চিহ্ন | € | ||
আন নাম | একক মুদ্ৰা[2] | ||
ধাতব মুদ্ৰা | ১ চেণ্ট, ২ চেণ্ট, ৫ চেণ্ট, ১০ চেণ্ট, ২০ চেণ্ট, ৫০ চেণ্ট, €১, €২ | ||
কাগজী মুদ্ৰা | €৫, €১০, €২০, €৫০, €১০০, €২০০, €৫০০ | ||
ইয়াৰোপৰি, ২০১৩ চনৰ হিচাপমতে সমগ্ৰ বিশ্বৰ ২১০ মিলিয়ন লোকে ইউৰোৰ সৈতে সংযুক্ত মুদ্ৰা ব্যৱহাৰ কৰে। ইউৰো বিশ্বৰ দ্বিতীয় সৰ্ববৃহৎ সঞ্চিত মুদ্ৰা হোৱাৰ লগতে বাণিজ্যিক ব্যৱহাৰৰ ক্ষেত্ৰত ই দ্বিতীয় স্থানত আছে।[6][7][8] ২০১৪ চনত €৯৯৫,০০০,০০০,০০০ কৈয়ো অধিক পৰিমাণৰ প্ৰচলনেৰে ইউৰো মুঠ প্ৰচলিত বেংকনোট আৰু মোহৰৰ মূল্যৰ হিচাপত আমেৰিকান ডলাৰক অতিক্ৰম কৰি প্ৰথম স্থানত আছিল। [note 15] আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিয়ে ২০০৮ চনত সদৰি কৰা হিচাপমতে মুঠ ঘৰুৱা উৎপাদন আৰু বিভিন্ন মুদ্ৰাৰ তুলনামূলক ক্ৰয় ক্ষমতাৰ ভিত্তিত ইউৰোমণ্ডল বিশ্বৰ দ্বিতীয় সৰ্ববৃহৎ অৰ্থনীতি।[9]
১৯৯৫ চনৰ ১৬ ডিচেম্বৰত ইউৰো নামটো আনুষ্ঠানিকভাৱে গ্ৰহণ কৰা হয়।[10] বিশ্বৰ বিত্তীয় বজাৰলৈ ইউৰোৰ আগমণ ঘটে ১৯৯৯ চনৰ ১ জানুৱাৰীত। কিন্তু মোহৰ আৰু বেংক নোটসমূহৰ প্ৰকৃতাৰ্থত প্ৰচলন ঘটে ২০০২ চনৰ ১ জানুৱাৰীৰ পৰাহে।[11] ২০০০ চনত €১=$০.৮২৫২ হোৱাৰ বিপৰীতে ২০০৮ চনলৈ এই মূল্য হয়গৈ €১=$১.৬০৩৮[12] গ্ৰীচৰ দেনা আৰু স্পেইনৰ বিপদাপন্ন বেংকিং খণ্ডৰ বাবে ২০১২ চনৰ জুলাইত ইউৰোৰ মূল্য $১.২১ লৈ অৱনমিত হয়।[13] ২০১৫ চনৰ জুন মাহত ১ ইউৰোৰ মূল্য হয়গৈ $১.১০[14]