আব্দুল হামিদ
From Wikipedia, the free encyclopedia
কোম্পানী কোৱাৰ্টাৰমাষ্টাৰ হাবিলদাৰ আব্দুল হামিদ ইদ্ৰিছি পি.ভি.চি. (ইংৰাজী: Abdul Hamid Idrisi ; ১ জুলাই ১৯৩৩ – ১০ ছেপ্টেম্বৰ ১৯৬৫), এজন ভাৰতীয় সেনা জোৱান আছিল। ১৯৬৫ চনৰ ভাৰত-পাকিস্তান যুদ্ধৰ সময়ত প্ৰদৰ্শন কৰা বীৰত্বৰ বাবে তেওঁক মৰণোত্তৰভাৱে ভাৰতৰ সৰ্বোচ্চ সামৰিক সজ্জা পৰম বীৰ চক্ৰ প্ৰদান কৰা হয়।
কোম্পানী কোৱাৰ্টাৰমাষ্টাৰ হাবিলদাৰ আব্দুল হামিদ PVC | |
---|---|
হামিদৰ সোঁৱৰণত প্ৰকাশিত ভাৰতীয় ডাকটিকট, ২০০০ | |
জন্ম | ০১ জুলাই, ১৯৩৩ ধামুপুৰ, গাজিপুৰ জিলা, সংযুক্ত প্ৰদেশ, ব্ৰিটিছ ভাৰত |
মৃত্যু | ১০ ছেপ্টেম্বৰ, ১৯৬৫ (৩২ বছৰ) ছিমা, খেমকৰন, টৰণটাৰণ জিলা, পাঞ্জাব, ভাৰত |
চাকৰি/শাখা | ভাৰতীয় সেনা |
চাকৰিৰ কাৰ্যকাল | ১৯৫৪-১৯৬৫ |
পদমৰ্যদা | হাবিলদাৰ |
ইউনিট | ৪ৰ্থ গ্ৰেনেডিয়াৰ ৰেজিমেণ্ট |
যুদ্ধ-বিগ্ৰহ | চীন-ভাৰত যুদ্ধ ভাৰত-পাকিস্তান যুদ্ধ
|
পুৰস্কাৰ | পৰম বীৰ চক্ৰ[1] |
১৯৫৪ চনৰ ডিচেম্বৰ মাহত হামিদে ভাৰতীয় সেনাবাহিনীৰ গ্ৰেনেডিয়াৰ ৰেজিমেণ্টৰ ৪ৰ্থ বেটেলিয়নত নিযুক্তি লাভ কৰে। চীন-ভাৰত যুদ্ধত তেওঁৰ বেটেলিয়নে পিপলছ লিবাৰেচন আৰ্মীৰ বিৰুদ্ধে নামকা ছু যুদ্ধত অংশ লয়। ১৯৬৫ চনৰ ভাৰত-পাকিস্তান যুদ্ধৰ সময়ত খেম কৰণ–ভিখিৱিণ্ড লাইনৰ ছিমা গাঁৱৰ আগত ৪ৰ্থ গ্ৰেনেডিয়াৰ বেটেলিয়নক এক গুৰুত্বপূৰ্ণ স্থানৰ দায়িত্ব অৰ্পণ কৰা হৈছিল। ১৯৬৫ চনৰ ৯–১০ ছেপ্টেম্বৰত আছাল উত্তৰৰ যুদ্ধত হামিদে আঠটা পাকিস্তানী টেংক ধ্বংস কৰে আৰু নৱম টেংক ধ্বংস কৰি নিহত হয়।