আবুল কালাম আজাদ
ভাৰতীয় মুছলিম পণ্ডিত আৰু ৰাজনীতিজ্ঞ / From Wikipedia, the free encyclopedia
মৌলানা আবুল কালাম আজাদ (সম্পূৰ্ণ নাম: আবুল কালাম মুহিয়ুদ্দিন আহমেদ আজাদ; pronunciation (সহায়·তথ্য); ইংৰাজী: Abul Kalam Muhiyuddin Ahmed Azad; উৰ্দু: ابو الکلام محی الدین احمد آزاد) চমুকৈ Maulana Abul Kalam Azad; জন্ম: ১৮৮৮ - মৃত্যু: ১৯৫৮) এজন ভাৰতীয় মুছলিম পণ্ডিত, ৰাজনীতিজ্ঞ আৰু ভাৰতীয় স্বাধীনতা আন্দোলনৰ প্ৰমুখ নেতা হিচাপে জনাজাত। ১৯৯২ চনত মৌলানা আবুল কালাম আজাদক ভাৰত চৰকাৰে মৰণোত্তৰ ভাবে দেশৰ সৰ্ব্বোচ্চ সন্মান ভাৰত-ৰত্ন বঁটাৰে সন্মানিত কৰিছিল[1]। স্বাধীনোত্তৰ কালত তেওঁ ভাৰত চৰকাৰৰ শিক্ষা মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। প্ৰতি বছৰে তেওঁৰ জন্ম দিনটো ভাৰতত ৰাষ্ট্ৰীয় শিক্ষা দিৱস হিচাপে পালন কৰা হয়।[2][3]
এই জীৱনীমূলক প্ৰবন্ধটোৰ বিশ্বাসযোগ্যতা বৃদ্ধি কৰিবৰ বাবে অতিৰিক্ত উদ্ধৃতি (তথ্যৰ উত্স) প্ৰদান কৰাৰ প্ৰয়োজন আছে। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উত্সৰ উল্লেখ কৰি প্ৰবন্ধটোৰ মানদণ্ড উন্নত কৰক কিয়নো উত্স নথকা প্ৰবন্ধৰ তথ্যসমূহে পঢ়ুৱৈৰ অপকাৰ সাধন কৰিব পাৰে। আপুনি যদি উদ্ধৃতি দিবলৈ অসুবিধা পাইছে তেনেহ’লে আপোনাৰ সুবিধাৰ বাবেই লিখা উদ্ধৃতিৰ সংক্ষিপ্ত সহায়িকাখন নিশ্চয় এবাৰ চকু ফুৰাই চাওক। |
এই প্ৰবন্ধটো ভাৰতৰ স্বাধীনতা আন্দোলনৰ মুক্তিযোদ্ধাৰ বিষয়ে। ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতিৰ বিষয়ে চাবৰ বাবে এ. পি. জে. আব্দুল কালাম চাওক।
ক্ষিপ্ৰ তথ্য মৌলানা আবুল কালাম আজাদ, শিক্ষামন্ত্ৰী ...
মৌলানা আবুল কালাম আজাদ | |
---|---|
শিক্ষামন্ত্ৰী | |
কাৰ্যকাল ১৫ আগষ্ট ১৯৪৭ – ২ ফেব্ৰুৱাৰী ১৯৫৮ | |
প্ৰধানমন্ত্ৰী | জৱাহৰলাল নেহৰু |
ব্যক্তিগত তথ্য | |
জন্ম | ১১ নৱেম্বৰ, ১৮৮৮ মক্কা, হেজাজ বিলায়ত, অট্টমান সাম্ৰাজ্য (বৰ্তমানৰ চৌদি আৰৱ) |
মৃত্যু | ২২ ফেব্ৰুৱাৰী, ১৯৫৮ (৬৯ বছৰ) দিল্লী, ভাৰত |
স্বাক্ষৰ |
বন্ধ কৰক