আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰ
মহাকাশ কেন্দ্ৰ / From Wikipedia, the free encyclopedia
আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰ (ISS) হৈছে পৃথিৱীৰ নিম্ন কক্ষপথত থকা এটা গোটবিভক্ত মহাকাশ কেন্দ্ৰ (বাসযোগ্য কৃত্ৰিম উপগ্ৰহ)। ই এক বহুজাতিক সহযোগিতামূলক প্ৰকল্প য'ত পাঁচটা অংশগ্ৰহণকাৰী মহাকাশ সংস্থা জড়িত হৈ আছে: নাছা (আমেৰিকা যুক্তৰাষ্ট্ৰ), ৰস্কচমছ (ৰাছিয়া), জাক্সা (জাপান), ই এছ এ (ইউৰোপ), আৰু চি এছ এ (কানাডা)।[7][8] মহাকাশ কেন্দ্ৰটোৰ মালিকীস্বত্ব আৰু ব্যৱহাৰ আন্তঃচৰকাৰী চুক্তি আৰু সন্মতি অনুসৰি পৰিচালিত হয়।[9] এই কেন্দ্ৰটোৱে এটা মাইক্ৰ'গ্ৰেভিটি আৰু মহাকাশীয় পৰিৱেশৰ গৱেষণাগাৰ হিচাপে কাম কৰে য'ত জ্যোতিৰ্জীৱবিজ্ঞান, জ্যোতিৰ্বিজ্ঞান, বতৰ বিজ্ঞান, পদাৰ্থ বিজ্ঞান আৰু অন্যান্য ক্ষেত্ৰত বৈজ্ঞানিক গৱেষণা কৰা হয়।[10][11][12] চন্দ্ৰ আৰু মংগল গ্ৰহলৈ ভৱিষ্যতৰ সম্ভাৱ্য দীৰ্ঘম্যাদী অভিযানৰ বাবে প্ৰয়োজনীয় মহাকাশযান ব্যৱস্থা আৰু সঁজুলি পৰীক্ষাৰ বাবে আই এছ এছ এক সুবিধাজনক স্থান।[13]
আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰৰ সন্মুখৰ পৰা হেলনীয়াকৈ লোৱা এটি দৃশ্য (নৱেম্বৰ ২০২১) | |
International Space Station program insignia. | |
মহাকাশ কেন্দ্ৰ পৰিসংখ্যা | |
---|---|
COSPAR ID | 1998-067A |
SATCAT সংখ্যা | ২৫৫৪৪ |
কল চিহ্ণ | আলফা, ষ্টেচন |
দল | সম্পূৰ্ণ ভৰ্তি অৱস্থাত: ৭ বৰ্তমান: ৭ |
উৎক্ষেপণ | ২৩ নৱেম্বৰ, ১৯৯৮ |
উৎক্ষেপণস্থলী |
|
ভৰ | ৪,৪৪,৬১৫ কিলোগ্ৰাম[1] |
দৈৰ্ঘ্য | ৭৩ মিটাৰ (২৩৯.৪ ফুট)[1] |
প্ৰস্থ | ১০৯ মিটাৰ (৩৫৭.৫ ফুট)[1] |
আয়তন | ৯১৫.৬ ঘনমিটাৰ (৩২,৩৩৩ ঘনফুট)[1] |
বায়ুমণ্ডলীয় চাপ | ১০১.৩ কিলো পাস্কেল (৭৯% নাইট্ৰ'জেন, ২১% অক্সিজেন) |
নিকটতম উচ্চতা | ৪১৩ কিল'মিটাৰ (সমুদ্ৰপৃষ্ঠৰ গড় উচ্চতাৰ পৰা)[2] |
দূৰতম উচ্চতা | ৪২২ কিল'মিটাৰ (সমুদ্ৰপৃষ্ঠৰ গড় উচ্চতাৰ পৰা)[2] |
কক্ষীয় নতি | ৫১.৬৪°[2] |
কক্ষীয় দ্ৰুতি | ৭.৬৬ কিল'মিটাৰ/ছেকেণ্ড (২৭,৬০০ কিল'মিটাৰ/ঘণ্টা)[2] |
প্ৰদক্ষিণকাল | ৯২.৬৮ মিনিট[2][বিসংগতিপূৰ্ণ উৎস] |
দৈনিক প্ৰদক্ষিণ সংখ্যা | ১৫.৪৯[2] |
Orbit epoch | 24 April 2022 16:30:11 [2] |
কক্ষপথত থকা দিন | 25 years, 8 months, 8 days (28 July 2024) |
মহাকাশচাৰী থকা দিন | 23 years, 8 months, 26 days (28 July 2024) |
মুঠ প্ৰদক্ষিণ সংখ্যা | ১৩১,৪৪০ (২০২০ চনৰ ডিচেম্বৰ মাহলৈ)[3] |
কক্ষীয় অৱক্ষয় | ২ কিল'মিটাৰ/মাহ |
Statistics as of 9 March 2011 (unless noted otherwise) References: [1][2][4][5][6] | |
গাঁথনি | |
মহাকাশ কেন্দ্ৰটোৰ অংশসমূহ (নৱেম্বৰ ২০২১ৰ তথ্য অনুসৰি) (খণ্ডিত দৃশ্য) |
আই এছ এছৰ কাৰ্যসূচীৰ বিকাশ ঘটিছিল ১৯৮৪ চনত স্থায়ীভাৱে মানৱ-বসতিপূৰ্ণ আৰু পৃথিৱী-প্ৰদক্ষিণশীল উপগ্ৰহ নিৰ্মাণৰ বাবে আমেৰিকাই প্ৰস্তাৱ কৰা 'ফ্ৰিডম' নামৰ মহাকাশ কেন্দ্ৰটো,[14] আৰু একে লক্ষ্যৰে ১৯৭৬ চনত ছোভিয়েট/ৰাছিয়াই প্ৰস্তাৱ কৰা মিৰ-২ৰ পৰা। আই এছ এছ হৈছে ছোভিয়েটৰ (পিছলৈ ৰাছিয়াৰ) ছাল্যুট, আলমাজ, আৰু মিৰ ষ্টেচন আৰু আমেৰিকান স্কাইলেবৰ পিছত মহাকাশচাৰীয়ে বসবাস কৰা নৱমটো মহাকাশ কেন্দ্ৰ। ই মহাকাশত থকা আটাইতকৈ ডাঙৰ কৃত্ৰিম বস্তু আৰু পৃথিৱীৰ নিম্ন কক্ষপথত থকা আটাইতকৈ ডাঙৰ উপগ্ৰহ। মহাকাশ কেন্দ্ৰটোক ভূ-পৃষ্ঠৰ পৰা নিয়মিতভাৱে খালী চকুৰে দেখা যায়।[15][16] ঝভেজডা চাৰ্ভিচ মডিউল বা ভ্ৰমণকাৰী মহাকাশযানৰ ইঞ্জিন ব্যৱহাৰ কৰি কেন্দ্ৰটোৱে পৃথিৱীৰ পৰা গড়ে ৪০০ কিলোমিটাৰৰ (২৫০ মাইল) উচ্চতা বজাই ৰাখি প্ৰদক্ষিণ কৰে।[17] আই এছ এছে প্ৰায় ৯৩ মিনিটত পৃথিৱীক প্ৰদক্ষিণ কৰি প্ৰতিদিনে ১৫.৫ বাৰকৈ কক্ষপথ সম্পূৰ্ণ কৰে।[18]
মহাকাশ কেন্দ্ৰটো দুটা ভাগত ভাগ কৰা হৈছে: ইয়াৰে ৰাছিয়ান কক্ষীয় খণ্ড (ROS) ৰাছিয়াই পৰিচালনা কৰে, আনহাতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ কক্ষীয় খণ্ডটো (USOS) আমেৰিকাৰ লগতে আন ৰাষ্ট্ৰসমূহে পৰিচালনা কৰে। ৰাছিয়ান খণ্ডত ছটা খোটালি আছে। আমেৰিকাৰ খণ্ডটোত দহটা খোটালি অন্তৰ্ভুক্ত কৰা হৈছে। ইয়াৰ সহায়ক সেৱাসমূহ নাছাৰ বাবে ৭৬.৬%, জাক্সাৰ বাবে ১২.৮%, ইএছএৰ বাবে ৮.৩% আৰু চিএছএৰ বাবে ২.৩% বিতৰণ কৰা হৈছে।
ৰস্কোচমছে ৰাছিয়ান খণ্ডটোৰ কাৰ্য্যকলাপ ২০২৪ চনলৈকে অব্যাহত ৰাখিবলৈ অনুমোদন জনাইছিল। লগতে এই খণ্ডৰ উপাদানসমূহ ব্যৱহাৰ কৰি পূৰ্বতে অপচেক (OPSEK) নামৰ এটা নতুন ৰাছিয়ান মহাকাশ কেন্দ্ৰ নিৰ্মাণৰ প্ৰস্তাৱ দিছিল। কিন্তু ২০২২ চনত ৰাছিয়াই কৰা ইউক্ৰেইন আক্ৰমণ আৰু তাৰ পিছত ৰাছিয়াৰ ওপৰত আৰোপিত আন্তৰ্জাতিক নিষেধাজ্ঞাৰ ফলত অবিৰত সহযোগিতা অনিশ্চিত হৈ পৰিছে। ৰাছিয়াৰ ওপৰত নিৰ্ধাৰিত নিষেধাজ্ঞাৰ বাবে তেওঁলোকে সম্ভৱতঃ মহাকাশ কেন্দ্ৰটোৰ নিজৰ পক্ষৰ পুঁজি কমাব পাৰে, পুনৰ্নিৰ্দেশ কৰিব পাৰে বা কৰ্তন কৰিব পাৰে।
১৯৯৮ চনত আই এছ এছৰ প্ৰথমটো উপাংশ উৎক্ষেপণ কৰা হয়। ২০০০ চনৰ ৩১ অক্টোবৰত বৈকানুৰ কচম'ড্ৰমৰ পৰা হোৱা উৎপেক্ষণৰ জৰিয়তে দীৰ্ঘদিনীয়াকৈ থাকিবলৈ যোৱা প্ৰথমটো বাসিন্দাৰ দল মহাকাশলৈ উৰা মাৰে। ২০০০ চনৰ ২ নৱেম্বৰত তেওঁলোক আই এছ এছত গৈ উপস্থিত হয়। তেতিয়াৰ পৰা এই মহাকাশ কেন্দ্ৰটোত অবিৰতভাৱে ২১ বছৰ ১৯৫ দিন ধৰি মানুহে বাস কৰি আহিছে। ইয়াৰ জৰিয়তে ই মীৰ মহাকাশ কেন্দ্ৰৰ হাতত থকা পূৰ্বৰ ৯ বছৰ ৩৫৭ দিনৰ অভিলেখ অতিক্ৰম কৰি পৃথিৱীৰ নিম্ন কক্ষপথত মানুহৰ আটাইতকৈ দীঘলীয়া অবিৰত উপস্থিতিৰ অভিলেখ গঢ়িছে। ২০১১ চনত 'লিঅ'নাৰ্ডো' নামৰ ডাঙৰ খোটালিটো সংযোগ কৰাৰ প্ৰায় দহ বছৰ পাছত শেহতীয়াকৈ ২০২১ চনত 'নৌকা' নামৰ ডাঙৰ চাপযুক্ত খোটালি এটা সংযোগ কৰা হৈছে। কেন্দ্ৰটোৰ উন্নয়ন আৰু সংযোজন অব্যাহত আছে। ২০১৬ চনত এটা পৰীক্ষামূলক ফুলিব পৰা মহাকাশীয় নিৱাসস্থল যোগ কৰা হৈছে। ২০২১ চনৰ পৰা আৰম্ভ কৰি কেইবাটাও ডাঙৰ আৰু নতুন ৰাছিয়ান উপাদান উৎক্ষেপণ কৰাৰ কথা আছিল। ২০২২ চনৰ জানুৱাৰী মাহত কেন্দ্ৰটো পৰিচালনাৰ অনুমোদন ২০৩০ চনলৈ বৃদ্ধি কৰা হয়, লগতে সেই বছৰলৈ পুঁজিৰ যোগানো সুনিশ্চিত কৰা হয়। তাৰ পৰৱৰ্তী সময়ত, ভৱিষ্যতে চন্দ্ৰ আৰু মংগল অভিযানৰ সুবিধা হোৱাকৈ আই এছ এছৰ কাৰ্য্যকলাপ চলাই নিবলৈ, ইয়াৰ ব্যক্তিগতকৰণৰ আহ্বান জনোৱা হৈছে। নাছাৰ প্ৰাক্তন প্ৰশাসক জিম ব্ৰাইডেনষ্টাইনে এইসম্পৰ্কে কৈছে: “আমাৰ বৰ্তমানৰ বাজেটৰ সীমাবদ্ধতাৰ প্ৰতি লক্ষ্য ৰাখি, যদি আমি চন্দ্ৰ আৰু মংগল গ্ৰহলৈ যাব বিচাৰোঁ, তেন্তে আমি পৃথিৱীৰ নিম্ন কক্ষপথৰ বাণিজ্যিকীকৰণ কৰিব লাগিব আৰু পৰৱৰ্তী পদক্ষেপলৈ আগবাঢ়িব লাগিব।"