আগৰতলা
ত্ৰিপুৰাৰ ৰাজধানী / From Wikipedia, the free encyclopedia
আগৰতলা (বঙালী: আগরতলা; ইংৰাজী: Agartala, /ˌʌɡərtəˈlɑː/)[5] হৈছে ভাৰতৰ ত্ৰিপুৰা ৰাজ্যৰ ৰাজধানী, আৰু উত্তৰ-পূব ভাৰতৰ অন্যতম বৃহৎ চহৰ। চহৰখন আগৰতলা পৌৰ নিগমৰ দ্বাৰা পৰিচালিত হয়। চহৰখন ত্ৰিপুৰা চৰকাৰৰ আসন। ই বাংলাদেশ সীমান্তৰ ওচৰৰ হাওৰা নদীৰ পাৰত, বাংলাদেশৰ ৰাজধানী ঢাকাৰ পৰা প্ৰায় ৯০ কিলোমিটাৰ (৫৫ মাইল) পূবত আৰু ৰাষ্ট্ৰীয় ৰাজধানী নতুন দিল্লীৰ পৰা প্ৰায় ২,৪৯৯ কিলোমিটাৰ (১,৫২২ মাইল) দূৰত[6] পশ্চিম ত্ৰিপুৰা জিলাত অৱস্থিত। ভাৰত চৰকাৰৰ এক ফ্লেগশ্বিপ আঁচনি স্মাৰ্ট চিটি মিছনৰ অধীনত আগৰতলা বিকশিত কৰা হৈ আছে। আগৰতলা মুম্বাই আৰু চেন্নাইৰ পিছত ভাৰতৰ তৃতীয় আন্তঃৰাষ্ট্ৰীয় ইণ্টাৰনেট গেটৱে।[7]
ক্ষিপ্ৰ তথ্য আগৰতলা, দেশ ...
আগৰতলা | |
---|---|
— নগৰ — | |
উজ্জয়ন্ত প্ৰাসাদ (ত্ৰিপুৰা ৰাজ্যিক সংগ্ৰহালয়) ত্ৰিপুৰা বিধানসভা মহাৰাজা বীৰ বিক্ৰম বিমানবন্দৰ আগৰতলা ৰেল ষ্টেচন |
|
ভৌগোলিক স্থানাংক: 23°50′N 91°17′E | |
দেশ | ভাৰত |
ৰাজ্য | ত্ৰিপুৰা |
জিলা | পশ্চিম ত্ৰিপুৰা |
চৰকাৰ | |
- প্ৰকাৰ | পৌৰ নিগম |
- পৰিষদ | আগৰতলা পৌৰ নিগম |
- মেয়ৰ | দীপক মজুমদাৰ[1] |
- পৌৰ আয়ুক্ত | শৈলেশ কুমাৰ যাদৱ, আইএএছ[2] |
মাটিকালি | |
- মুঠ | ৭৬.৫০৪ কি.মি.২ (২৯.৫ বৰ্গ মাইল) |
উচ্চতা | ১২.৮০ মিটাৰ (৪১.৯৯ ফুট) |
জনসংখ্যা (২০১১)[3] | |
- মুঠ | ৪,০০,০০৪ জন |
- জনঘনত্ব | ৫,২২৮.৫ প্ৰতি বৰ্গ কি.মি. (১৩,৫৪১.৮ প্ৰতি বৰ্গ মাইল) |
ভাষা | |
- চৰকাৰী[4] | বাংলা, ইংৰাজী আৰু ককবৰক |
সময় অঞ্চল | আইএচটি (গ্ৰী.মা.স.+5:30) |
পিনক'ড | 799001-10, 799012, 799014-15, 799022, 799055, 799115 |
টেলিফোন ক'ড | 91 (0)381 |
যানবাহনৰ নম্বৰ | TR 01 XX YYYY |
জাতিগোষ্ঠী | বঙালী, ত্ৰিপুৰী, অন্যান্য |
ৱেবছাইট | agartalacity |
বন্ধ কৰক