অযৌনাংগিক দৰ্শনোদ্ভৱ উত্তেজনা
From Wikipedia, the free encyclopedia
অযৌনাংগিক দৰ্শনোদ্ভৱ উত্তেজনা হৈছে যৌনাংগৰ বাদে শৰীৰৰ কোনো বিশেষ অংগৰ প্ৰতি গঢ় লোৱা যৌন আগ্ৰহ।[1][2][3] আমেৰিকান মনোবৈজ্ঞানিক সংস্থা DSM-5 য়ে মানুহৰ এনে আগ্ৰহক ফেটিচিষ্টিক বিকাৰগ্ৰস্ততাৰ এটা ভাগ বুলি কৈছে যদিহে এই আগ্ৰহ ব্যক্তি এজনৰ বাবে গুৰুত্বৰ মনোসামাজিক সংকটৰ কাৰণ হৈ পৰে বা ই ব্যক্তি জীৱনৰ মহত্ত্বপূৰ্ণ ক্ষেত্ৰত ক্ষতিকাৰক ৰূপত প্ৰভাৱ বিস্তাৰ কৰে। DSM-IV ত ইয়াক এক সুকীয়া বিকাৰ হিচাপে জ্ঞান কৰা হৈছিল, কিন্তু, DSM-5 ৰ দ্বাৰা ইয়াক ফেটিচিষ্টিক বিকাৰগ্ৰস্ততাৰে একত্ৰীকৰণ কৰা হয়।[1] এনে আগ্ৰহ দেখুওৱা ব্যক্তিৰ বাবে কেতিয়াবা কেতিয়াবা তেওঁৰ পচন্দৰ শাৰীৰিক অংগ যৌনাংগৰ সমান বা তাতকৈয়ো অধিক যৌন আকৰ্ষক হ'ব পাৰে।[4]
বিপৰীতকমি, উভকামি আৰু সমকামি ব্যক্তিৰ অযৌনাংগিক দৰ্শনোদ্ভৱ উত্তেজনা হ'ব পাৰে[5][6]। ভৰি এনে দৰ্শনোদ্ভৱ উত্তেজনাৰ এক বিশেষ সাধাৰণ অংগ বিবেচিত হৈছে।[7][8]