অনাথ
From Wikipedia, the free encyclopedia
অনাথ (ইংৰাজী: Orphan) হৈছে এনে শিশু যাৰ পিতৃ-মাতৃ মৃত, অজ্ঞাত, অথবা চিৰদিনৰ বাবে শিশুটিক ত্যাগ কৰিছে।[1][2] সাধাৰণ ব্যৱহাৰত, কেৱল মৃত্যুৰ ফলত পিতৃ-মাতৃ দুয়োকে হেৰুওৱা শিশুক অনাথ বুলি কোৱা হয়। কিন্তু জন্তুৰ ক্ষেত্ৰত কেৱল মাতৃৰ অৱস্থাহে প্ৰাসংগিক হয়। অৰ্থাৎ যদি মাতৃ নাথাকে, পিতৃৰ অৱস্থা নিৰ্বিশেষে সন্তানক অনাথ আখ্যা দিয়া হয়।[3]
বিভিন্ন গোটে অনাথ সকলক চিনাক্ত কৰিবলৈ বিভিন্ন সংজ্ঞা ব্যৱহাৰ কৰে। আমেৰিকা যুক্তৰাষ্ট্ৰত ব্যৱহৃত এটা আইনী সংজ্ঞামতে অনাথ হৈছে এজন নাবালক যাৰ পিতৃ-মাতৃ দুয়োজনৰ মৃত্যু হৈছে বা নিৰুদ্দেশ বা পৰিত্যক্ত হৈছে।[4] সাধাৰণ ব্যৱহাৰত, এজন অনাথৰ যত্ন লোৱাৰ বাবে কোনো জীৱিত পিতৃ-মাতৃ নাথাকে। অৱশ্যে, ৰাষ্ট্ৰসংঘৰ শিশু পুঁজি (ইউনিচেফ), এইচ.আই.ভি. আৰু ইউনাইটেড নেসনচ এইডছ (ইউ.এন.এইডছ), আৰু অন্যান্য গোটে পিতৃ বা মাতৃ যিকোনো এজন হেৰুওৱা শিশুকো অনাথ বুলি আখ্য দিয়ে। এই পদ্ধতিত, যি শিশুৰ মাতৃৰ মৃত্যু হয় তেওঁক মাতৃ-অনাথ, আৰু যাৰ দেউতাকৰ মৃত্যু হৈছে তাক পিতৃ-অনাথ, আৰু যি শিশোৱে পিতৃ-মাতৃ দুয়োকে হেৰুৱাইছে তাক দ্বৈত-অনাথ বোলা হয়।[5] কেৱল এজন অভিভাৱক হেৰুওৱা শিশুক বৰ্ণনা কৰিবলৈ অৰ্ধ-অনাথৰ পুৰণি ব্যৱহাৰৰ সৈতে উক্ত সঙ্গ্যাৰ বিপৰীততা দেখা যায়।[6]