![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/9/9a/Anjaw_in_Arunachal_Pradesh_%2528India%2529.svg/langas-640px-Anjaw_in_Arunachal_Pradesh_%2528India%2529.svg.png&w=640&q=50)
অনজৌ জিলা
From Wikipedia, the free encyclopedia
অনজৌ জিলা (Anjaw District, Pron:/ˈændʒɔ:/) উত্তৰ-পূব ভাৰতৰ অৰুণাচল প্ৰদেশ ৰাজ্যৰ এখন জিলা৷ ২০০৪ চনৰ ১৬ ফেব্ৰুৱাৰীত লোহিত জিলাৰ এটা অংশ পৃথক কৰি অনজৌ জিলা গঠন কৰা হয়৷ [2] এই জিলাখন ভাৰতৰ আটাইতকৈ পূব প্ৰান্তত অৱস্থিত জিলা৷[3] এই জিলাখনৰো আটাইতকৈ পূব সীমান্তত থকা গাওঁখনৰ নাম দং (Dong)৷[4] অনজৌ ভাৰতৰ মুঠ ৬৪০ খন জিলাৰ ভিতৰত দ্বিতীয় সৰ্বনিম্ন জনসংখ্যাৰ জিলা৷[5]
ক্ষিপ্ৰ তথ্য অনজৌ জিলা, দেশ ...
অনজৌ জিলা | |
---|---|
— অৰুণাচল প্ৰদেশৰ জিলা — | |
![]() |
|
দেশ | ![]() |
ৰাজ্য | অৰুণাচল প্ৰদেশ |
স্থাপিত | ১৬ ফেব্ৰুৱাৰী ২০০৪ (2004-02-16) |
সদৰ | হাৱাই |
মহকুমা | হায়ুলিয়াং, হাৱাই, মাঞ্চাল, গৈলিয়াং, ৱালং, কিবিথ’, চগ্লোগাম |
চৰকাৰ | |
- লোকসভা সমষ্টি | অৰুণাচল পূব |
- বিধানসভা সমষ্টি | হায়ুলি্যাং |
মাটিকালি | |
- মুঠ | ৬,১৯০ কি.মি.২ (২,৩৯০ বৰ্গ মাইল) |
উচ্চতা | ১,২৯৬ মিটাৰ (৪,২৫১.৯৭ ফুট) |
জনসংখ্যা (২০১১)[1] | |
- মুঠ | ২১,০৮৯ জন |
- জনঘনত্ব | ৩.৪ প্ৰতি বৰ্গ কি.মি. (৮.৮ প্ৰতি বৰ্গ মাইল) |
জনসংখ্যাৰ তথ্য | |
- সাক্ষৰতা হাৰ | ৫৯.৪%[1] |
- লিংগ অনুপাত | ৮০৫[1] |
সময় অঞ্চল | ভা.মা.স. (গ্ৰী.মা.স.+০৫:৩০) |
ৱেবছাইট | আনুষ্ঠানিক ৱেবছাইট |
বন্ধ কৰক