ৱিকিপিডিয়া এখন ইণ্টাৰনেট বিশ্বকোষ। ইয়াত ব্যৱহাৰকৰ্তাসকলৰ মাজত সহযোগিতামূলক সংকলনৰ দ্বাৰা এখন উচ্চ মানদণ্ডৰ বিশ্বকোষ সংকলন কৰাৰ কাৰণে প্ৰযত্ন কৰা হৈছে। ৱিকিপিডিয়া আচলতে কি, ইয়াত কেনে ধৰণৰ সমল অন্তৰ্ভুক্ত কৰা হয় বা কেনে পদ্ধতিৰ মাজেৰে ইয়াত কাম কৰা হয় এই সকলো কথা জানিবলৈ ৱিকিপিডিয়া কি নহয় সেইটোও জানিলোৱাতো বাঞ্ছনীয়॥
|
এই পৃষ্ঠাত অসমীয়া ৱিকিপিডিয়াৰ কেতবোৰ নীতি সন্নিৱিষ্ট কৰা হৈছে। সকলো সম্পাদকে এইবোৰ সাধাৰণতে মানি চলা উচিত। ইয়াত কৰা সালসলনিত ঐকমত্য প্ৰতিফলন হোৱা উচিত। |
|
|
সংক্ষেপে এই পৃষ্ঠাখন: ৱিকিপিডিয়াত থাকিব পৰা তথ্যৰ কোনো সীমা নাই। কিন্তু ৱিকিপিডিয়া এখন বিশ্বকোষহে, আৰু সেইবাবে ইণ্টাৰনেটত আন ঠাইত উপলব্ধ সকলো তথ্য ইয়াত অন্তৰ্ভুক্ত কৰিব নোৱাৰি। যদিও যিকোনো ব্যক্তিয়েই ইয়াত সম্পাদকৰ ভূমিকা পালন কৰিব পাৰে, পালন কৰিবলগীয়া কিছুমান প্ৰক্ৰিয়া আৰু মানৰ বাবে ৱিকিপিডিয়া নৈৰাজ্য, গণতন্ত্ৰ, বা আমোলাতন্ত্ৰত পৰিগণিত হোৱা নাই। |