শিৰীন শাৰমিন চৌধুৰী
বাংলাদেশী ৰাজনীতিবিদ / From Wikipedia, the free encyclopedia
ড॰ শিৰীন শাৰমিন চৌধুৰী (ইংৰাজী: Shirin Sharmin Chaudhury; জন্ম: ৬ অক্টোবৰ ১৯৬৬) এগৰাকী বাংলাদেশী ৰাজনীতিবিদ। ২০১৩ চনৰ ৩০ এপ্ৰিলত তেওঁ ৯ম জাতীয় সংসদৰ অধ্যক্ষ পদত অধিষ্ঠিত হয় আৰু বাংলাদেশৰ ইতিহাসত জাতীয় সংসদৰ প্ৰথম গৰাকী মহিলা অধ্যক্ষ হিচাপে নিৰ্বাচিত হয়।[1] ৪৬ বছৰ বয়সত তেওঁ প্ৰাক্তন অধ্যক্ষ তথা বৰ্তমানৰ বাংলাদেশৰ ৰাষ্ট্ৰপতি আব্দুল হামিদৰ উত্তৰাধিকাৰী হয় আৰু কনিষ্ঠতম অধ্যক্ষ হিচাপেও পৰিগণিত হয়।[1] তেওঁ ইয়াৰ আগতে বাংলাদেশ চৰকাৰৰ মহিলা আৰু শিশু পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী আছিল।[2] ২০১৮ চনৰ ৩০ ডিচেম্বৰত অনুষ্ঠিত ১১ সংখ্যক সংসদীয় নিৰ্বাচনত তেওঁ সংসদৰ সদস্য হিচাপে নিৰ্বাচিত হয় আৰু ২০১৯ চনৰ ৩ জানুৱাৰী তাৰিখে পুনৰ জাতীয় সংসদৰ অধ্যক্ষৰ দায়িত্ব গ্ৰহণ কৰে।
ক্ষিপ্ৰ তথ্য মাননীয়া শিৰীন শাৰমিন চৌধুৰী, জাতীয় সংসদৰ অধ্যক্ষ ...
মাননীয়া শিৰীন শাৰমিন চৌধুৰী | |
---|---|
২০১২ চনত শিৰীন শাৰমিন চৌধুৰী | |
জাতীয় সংসদৰ অধ্যক্ষ | |
পদাধিকাৰ | |
কাৰ্যভাৰ গ্ৰহণ ১ মে' ২০১৩ | |
সহকাৰী | ফাজলে ৰবি মিয়া |
পূৰ্বসূৰী | শৌকত আলি (ভাৰপ্ৰাপ্ত) |
Member of Parliament ৰংপুৰ-৬ৰ সদস্য | |
পদাধিকাৰ | |
কাৰ্যভাৰ গ্ৰহণ জানুৱাৰী ২০১৪ | |
পূৰ্বসূৰী | আব্দুল কালাম আজাদ |
মহিলা আৰু শিশু পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী | |
কাৰ্যকাল ৬ জানুৱাৰী ২০০৯ – ৩০ এপ্ৰিল ২০১৩ | |
Member of Parliament সংৰক্ষিত মহিলা আসন-৩১ৰ সদস্য | |
কাৰ্যকাল ২৫ জানুৱাৰী ২০০৯ – ২৪ জানুৱাৰী ২০১৪ | |
উত্তৰসূৰী | আশ্বিকা আয়েশা খান |
ব্যক্তিগত তথ্য | |
জন্ম | ৬ অক্টোবৰ, ১৯৬৬ (৫৭ বছৰ) নোৱাখালি, পূব পাকিস্তান, পাকিস্তান (বৰ্তমান বাংলাদেশ) |
ৰাষ্ট্ৰীয়তা | বাংলাদেশী |
ৰাজনৈতিক দল | বাংলাদেশী আৱামী লীগ |
দাম্পত্যসঙ্গী | চৈয়দ ইশতিয়াক হুছেইন |
সন্তান | ২ |
শিক্ষানুষ্ঠান |
|
বন্ধ কৰক