মুগা (ৰেচম)
মুগা হʼল অসমৰ বস্ত্ৰ সম্পদৰ এক অংশ / From Wikipedia, the free encyclopedia
মুগা (ৰেছম) (ইংৰাজী: Muga silk) হৈছে এন্থেৰিয়া আছামেনছিছ প্ৰজাতিৰ পলুৰ পৰা সৃষ্টি কৰা এবিধ ৰেচম (silk)। মুগা পৃথিৱীৰ ভিতৰতে কেৱল অসমতহে পোৱা যায়।[1] বৈজ্ঞানিক দৃষ্টিভংগীৰ পৰা অসমৰ বাতাবৰণ মুগা পলুৰ বাবে অনুকূল। চোম গছ (Machilus bombycina) আৰু সোঁৱালু গছৰ (Litsea polyantha/Litsea monopetala) পাত খাদ্য হিচাপে গ্ৰহণ কৰা মুগা পলু স্বভাৱতে বৰ আলসুৱা হয়। বৰ বেছি তাপমাত্ৰাৰ সাল-সলনি ই সহ্য কৰিব নোৱাৰে।[2] তাৰোপৰি যিকোনো ধৰণৰ প্ৰদূষণেও মুগা পলুৰ জীৱন চক্ৰত বাধাৰ সৃষ্টি কৰিব পাৰে।
ক্ষিপ্ৰ তথ্য মুগা, বৰ্ণনা ...
মুগা | |
---|---|
ভৌগোলিক স্বীকৃতি | |
অসমীয়া শিপিনীয়ে তৈয়াৰ কৰা মুগা মেখেলা-চাদৰ | |
বৰ্ণনা | কেৱল অসমতহে পোৱা এবিধ ৰেচম |
প্ৰকাৰ | ৰেচম শিল্প |
অঞ্চল | অসম |
দেশ | ভাৰত |
উপাদান | ৰেচম |
ৱেৱছাইট | www |
বন্ধ কৰক