মানস ৰাষ্ট্ৰীয় উদ্যান
অসমৰ এক ৰাষ্ট্ৰীয় উদ্যান / From Wikipedia, the free encyclopedia
মানস ৰাষ্ট্ৰীয় উদ্যান বা মানাহ ৰাষ্ট্ৰীয় উদ্যান (ইংৰাজী: Manas National Park) অসমৰ এক অন্যতম ৰাষ্ট্ৰীয় উদ্যান, ইউনেস্কোৰ দ্বাৰা স্বীকৃত প্ৰাকৃতিক বিশ্ব ঐতিহ্যবাহী স্থান (World Heritage site), ব্যাঘ্ৰ প্ৰকল্প সংৰক্ষিত বনাঞ্চল (Project Tiger Reserve), হস্তী সংৰক্ষিত বনাঞ্চল (Elephant Reserve), তথা বায়’ছফিয়েৰ ৰিজাৰ্ভ (Biosphere Reserve)। ই গুৱাহাটীৰ পৰা প্ৰায় ১৭৬ কিলোমিটাৰ নিলগত বাক্সা জিলাৰ উত্তৰাঞ্চলত, ভূটান পৰ্বতৰ পাদদেশত অৱস্থিত। উত্তৰে মানহ নদী তথা ভূটান ৰাজ্য, দক্ষিণে বাঁহবাৰী, পালসিগুৰি আৰু কাটাঝাৰ গাঁও, পশ্চিমে সোণকোষ নদীৰ পৰা পূৱে ধনশিৰি নদীলৈকে এই ৰাষ্ট্ৰীয় উদ্যানখন বিস্তৃত হৈ আছে। এই ৰাষ্ট্ৰীয় উদ্যান ভূটানৰ ৰয়েল মানস ৰাষ্ট্ৰীয় উদ্যানৰ সৈতে সংলগ্ন হৈ আছে।[1] মানাহ ৰাষ্ট্ৰীয় উদ্যান অধোক্ৰান্তীয় মণ্ডলৰ অন্তৰ্ভুক্ত আৰু ইয়াৰ জলবায়ু সেমেকা তথা ক্ৰান্তীয় ধৰণৰ। এই ৰাষ্ট্ৰীয় উদ্যান বহুতো আপুৰুগীয়া তথা লুপ্ত-প্ৰায় বন্যপ্ৰাণী যেনে-নলগাহৰি (Pygmy Hog), সোণালী বান্দৰ (Golden Langur) আদিৰ বাসস্থান হিচাপে খ্যাত। বনৰীয়া পানী ম'হ (Wild Water Buffalo)ৰ অন্যতম প্ৰধান আশ্ৰয়স্থলী হিচাপেও বাবেও মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ খ্যাতি আছে[2]
মানাহ ৰাষ্ট্ৰীয় উদ্যান Manas Wildlife Sanctuary | |
---|---|
আই.ইউ.চি.এন শ্ৰেণী II (ৰাষ্ট্ৰীয় উদ্যান) | |
মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ বাটচ’ৰা | |
অৱস্থান | অসম, ভাৰত |
নিকটতম চহৰ | বৰপেটা ৰোড |
স্থানাংক | 26°30′0″N 91°51′0″E |
মাটিকালি | ৫০০ বৰ্গ কি.মি. |
প্ৰতিস্থা | ১৯৯০ |
কৰ্তৃপক্ষ | পৰিৱেশ আৰু বন মন্ত্ৰালয়, ভাৰত চৰকাৰ |
ৱেবছাইট | http://www.manasassam.org |
ধৰণ | প্ৰাকৃতিক |
চৰ্ত | vii, ix, x |
নিৰ্ধাৰিত | ১৯৮৫(৯ মবৰ্ষ) |
প্ৰসংগ সংখ্যা | ৩৩৮ |
ৰাজ্যিক দল | ভাৰত |
অঞ্চল | এছিয়া-পেছিফিক |
বিপদাপন্ন | ১৯৯২– ২০১১ |