ভাৰতৰ জিলাসমূহৰ তালিকা
ৱিকিপিডিয়া:ৰচনাশৈলীৰ হাতপুথি / From Wikipedia, the free encyclopedia
জিলা (হিন্দী: ज़िला; উৰ্দু: ضلع) শব্দটোৱে ভাৰতবৰ্ষৰ ক্ষেত্ৰত এনে একোটা প্ৰশাসনিক ভৌগোলিক অঞ্চল, যিবোৰ ভাৰতৰ ৰাজ্য নাইবা কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ অন্তৰ্গত। জিলাসমূহ কিছুমান উপভাগত বিভক্ত কৰা হৈছে, যেনে মহকুমা আৰু নাইবা তেহচিল, গাওঁ পঞ্চায়ত ইত্যাদি।
এইটো এটা অনূদিত বা অনুবাদ চলি থকা প্ৰবন্ধ। ইয়াৰ তাৎপৰ্য্য কেইবাটাও হ'ব পাৰে। অধিক জানিবৰ বাবে সোঁফালে থকা [দেখুৱাওক] লিংকটোত ক্লিক কৰক।
ওপৰত দিয়াৰ দৰে বিভিন্ন কাৰণত অনুবাদ প্ৰবন্ধ এটা দেখাত আপচু বা চুটি দেখা যাব পাৰে। লগতে প্ৰবন্ধত সম্পূৰ্ণ তথ্য নাথাকিবও পাৰে। আধৰুৱা তথ্য ক্ষতিকাৰক হ'ব পাৰে। সেয়ে এনে প্ৰবন্ধ পঢ়োঁতে পঢ়ুৱৈক নিজৰ বিবেক ব্যৱহাৰ কৰি প্ৰয়োজন হ'লে আমাৰ ৱিকিপিডিয়াতে ক্ষান্ত নাথাকি মূল প্ৰবন্ধটোও বিচাৰি পঢ়ি ল'বলৈ অনুৰোধ কৰা হ'ল। লগতে অনুবাদকসকলকো সাবধান হ'বলৈ অনুৰোধ কৰা হ'ল। |
জিলাৰ মুখ্য শাসনকৰ্তা সকল:
- জিলা উপায়ুক্ত:- জিলা উপায়ুক্ত জিলা এখনৰ সৰ্বোচ্চ ক্ষমতাপ্ৰাপ্ত বিষয়া এখেতে জিলাখনৰ আইন শৃংখলা অটুট ৰখা দ্বায়িত্ব বহন কৰাৰ লগতে জিলা ন্যায়াধীশৰ কাৰ্যালয় সমূহ আৰু ৰাজহ সংগ্ৰহৰ দ্বায়িত্বত থকা ৰাজহ বিষয়া সকলৰ সমন্বয় ৰক্ষা কৰে। সাধাৰণতে ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়াসকল জিলা উপায়ুক্ত হয় যদিও কেতিয়াবা ৰাজ্যিক প্ৰশাসনিক সেৱাৰ বিষয়া সকলকো এই পদত নিযুক্তি দিয়া হয়। জিলা উপায়ুক্তক সহায় কৰিবলৈ যথেষ্ট সংখ্যক বিভিন্ন সৰু বৰ প্ৰশাসিনক বিষয়া থাকে।
- আৰক্ষী অধীক্ষক:- জিলাসমূহৰ আইন শৃংখলা আৰু তেনে ধৰণৰ বিষয় সমূহ নিয়াৰিকৈ চলোৱাৰ দ্বায়িত্বত এজন ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া এজন আৰক্ষী অধীক্ষকৰূপে থাকে।
ৰাজ্য চৰকাৰৰ দ্বাৰা এই বিষয়াসমূহ নিৰ্বাচিত কৰা হয় লগতে সময় আৰু পৰিস্থিতি সাপেক্ষে এওঁলোকক পদোন্নতি বা স্থানান্তৰ কৰা হয়।
ৰাজ্যসমূহৰ অন্তৰ্গত প্ৰতিখন জিলাতে এখন সুনিৰ্দিষ্ট কৰা জিলাৰ মুখ্য সদৰ থাকে; কিন্তু মুম্বাই এনে এখন চহৰ যিখন এখন জিলা হোৱা সত্ত্বেও, সুনিৰ্দিষ্ট কৰা জিলাৰ সদৰ নাই, যদিওবা তাত এজন জিলা উপায়ুক্ত আছে।
২০১১ চনৰ লোকপিয়ল অনুসৰি ভাৰতবৰ্ষত বৰ্তমান ৬৪০খন জিলা আছে।[1]