তেলঙ্গানা
ভাৰতৰ ৰাজ্য / From Wikipedia, the free encyclopedia
তেলঙ্গানা (তেলেগু: తెలంగాణ, উৰ্দু: تلنگانہ; i/ˌtɛlənˈɡɑːnə/) হৈছে ভাৰতৰ ২৯ তম ৰাজ্য। ই ভাৰতৰ দাক্ষিণাত্যত অৱস্থিত। ইয়াৰ সৰহভাগ অংশ নিজামৰ দ্বাৰা শাসিত হায়দৰাবাদ ৰাজ্যৰ (মেডাক আৰু ৱাৰাংগাল মহকুমা) অংশ আছিল। ব্ৰিটিছ শাসন কালত ১৯৪৭ চনলৈ আৰু স্বাধীনতাৰ পিছত ১৯৪৮ চনত ভাৰতৰ লগত অন্তৰ্ভুক্ত হোৱাৰ পূৰ্বে ই নিজামৰ দ্বাৰা শাসিত আছিল। ১৯৫৬ চনত হায়দৰাবাদ ৰাজ্যখন ভংগ কৰি ইয়াক অন্ধ্ৰপ্ৰদেশৰ লগত অন্তৰ্ভুক্ত কৰি অন্ধ্ৰপ্ৰদেশ ৰাজ্যখন সৃষ্টি কৰা হয়। ২০১৪ চনৰ ২ জুন তাৰিখে অন্ধ্ৰপ্ৰদেশৰ উত্তৰ-পশ্চিমাঞ্চলৰ দহখন জিলা লগলগাই ভাৰতৰ ২৯তম ৰাজ্য তেলঙ্গানা গঠন কৰা হয়।[3] হায়দৰাবাদ চহৰখন অহা ১০ বছৰলৈ তেলেংগানা আৰু অন্ধ্ৰপ্ৰদেশ দুয়োখন ৰাজ্যৰে উমৈহতীয়া ৰাজধানী হৈ থাকিব।[4]
তেলঙ্গানা Telangana తెల౦గాణ تلنگانہ |
|||
---|---|---|---|
— ভাৰতৰ ৰাজ্য — | |||
|
|||
ভাৰতত তেলঙ্গানাৰ অৱস্থান | |||
ভৌগোলিক স্থানাংক (Hyderabad): 17.366°N 78.476°E / 17.366; 78.476 | |||
দেশ | ভাৰত | ||
অঞ্চল | দক্ষিণ ভাৰত | ||
প্ৰতিষ্ঠা | ২ জুন ২০১৪ | ||
ৰাজধানী | হায়দৰাবাদ | ||
জিলা | ১০ | ||
চৰকাৰ | |||
- ৰাজ্যপাল | ই এচ এল নৰসিমহান | ||
- মুখ্যমন্ত্ৰী | কে চন্দ্ৰশেখৰ ৰাও(TRS) | ||
- বিধানসভা | দ্বি-সদনীয় (১১৯+৪০ খন আসন) | ||
- লোক সভা সমষ্টি | ১৭ | ||
- উচ্চ ন্যায়ালয় | তেলঙ্গানা উচ্চ ন্যায়ালয় | ||
মাটিকালি† | |||
- মুঠ | ১,১৪,৮৪০ কি.মি.২ (৪৪,৩৪০ বৰ্গ মাইল) |
||
অঞ্চলৰ স্থানাংক | দ্বাদশ | ||
জনসংখ্যা (২০১১) | |||
- মুঠ | ৩,৫২,৮৬,৭৫৭ জন | ||
- স্থান | দ্বাদশতম | ||
- জনঘনত্ব | ৩০৭.৩ প্ৰতি বৰ্গ কি.মি. (৭৯৫.৮ প্ৰতি বৰ্গ মাইল) |
||
বিশেষণ | তেলঙ্গানাইট | ||
সময় অঞ্চল | IST (গ্ৰী.মা.স.+05:30) | ||
আই এচ অ’ ৩১৬৬ কোড | IN-xx (not assigned) | ||
যানবাহনৰ নম্বৰ | TS[1] | ||
HDI | |||
স্বাক্ষৰতা | ৬৬.০৫%[2] | ||
চৰকাৰী ভাষা | তেলুগু, উৰ্দু | ||
ৱেবছাইট | telangana.gov.in |
তেলঙ্গানাৰ চৰিসীমাত উত্তৰ আৰু উত্তৰ-পশ্চিমত মহাৰাষ্ট্ৰ, পশ্চিমত কৰ্ণাটক, উত্তৰ পূৱত ছত্তীছগঢ় আৰু দক্ষিণ-পূৱত অন্ধ্ৰ প্ৰদেশ অৱস্থিত। ২০১১ চনৰ লোকপিয়ল মতে তেলঙ্গানাৰ জনসংখ্যা হৈছে ৩৫,২৮৬,৭৫৭ জন আৰু ইয়াৰ মাটিকালি ১১৪৮৪০ বৰ্গ কিঃমিঃ।[5] হায়দৰাবাদ, ৱাৰাংগাল, কৰিমনগৰ আৰু নিজামাবাদ হৈছে ৰাজ্যখনৰ চাৰিখন আটাইতকৈ ডাঙৰ চহৰ।